সম্পাদকৰ মেজৰ পৰা .....
- পবিত্ৰা বৰঘৰীয়া, সম্পাদক- সূৰুযমুখী, মুম্বাই

- Jan 10
- 4 min read
Updated: Jan 13

সূৰুযমুখী : জানুৱাৰী-২০২৬ সংখ্যা
দুহেজাৰ ছাবিশ চনৰ আৰম্ভণিতে আজি এইয়া জানুৱাৰী সংখ্যাৰ 'সূৰুযমুখী' ৰ সম্পাদকীয়টো লিখিবলৈ লৈ এক গভীৰ চিন্তাত পৰিছোঁ । সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত আমি যদি বিগত বছৰটোৰ সময়চোৱাত আমাৰ পৃথিবীয়ে সন্মুখীন হোৱা ঘটনাপ্ৰৱাহলৈ লক্ষ্য ৰাখি মতামত ব্যক্ত কৰিবলৈ যাওঁ তেতিয়াহ'লে দেখোন অলপ নিৰাশাজনক ভাৱ এটাহে মনলৈ আহে। কিন্তু তাৰ মাজতো যোৱা বছৰটোত সংঘটিত হোৱা ভাল দিশবোৰো বিচাৰ বিশ্লেষণ কৰি, তাৰপৰা পৃথিৱীৰ জীৱকূলৰ কি কি লাভালাভ হৈছে সেয়া আলোকপাত কৰাটোও অতিকৈ জৰুৰী।
আহকচোন প্ৰথমে আমি যোৱা বছৰটোত বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু জলবায়ুৰ ক্ষেত্ৰত লোৱা হোৱা এটা যোগাত্মক পদক্ষেপৰ কথাৰে আৰম্ভ কৰি আমাৰ মনলৈ ন-আশাৰ সঞ্চাৰ কৰোঁ.....। সমগ্ৰ বিশ্বতে বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত খনিজ জীৱাশ্ম ইন্ধন ভাণ্ডাৰৰ প্ৰয়োগৰ মাত্ৰা কমাই দি তাৰ সলনি সৌৰ শক্তি আৰু বতাহৰ দ্বাৰা উৎপাদিত নবীকৰণযোগ্য শক্তি (renewable energy) ৰ প্ৰয়োগ যথেষ্ট বৃদ্ধি কৰা হৈছে। ২০২৫ চনত সৌৰশক্তিৰ পৰা বিশ্বজুৰি বিদ্যুৎ উৎপাদনৰ হাৰ ২০২৪ চনৰ তুলনাত প্ৰায় ৩১% বৃদ্ধি পোৱাৰ বিপৰীতে বায়ু শক্তি প্ৰায় ৭.৬-৭.৭% বৃদ্ধি আৰু প্ৰয়োগে আমাৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিছে।
পৃথিৱীজুৰি হোৱা সচেতনতাৰ ফলস্বৰূপে পৃথিৱীৰ বনধ্বংসৰ হাৰ তুলনামূলকভাৱে হ্ৰাস পাইছে। তাৰ মাজতে "ভাৰতৰ অৰণ্য মানৱ" নামে খ্যাত যাদৱ পায়েং আৰু তেওঁৰ ছোৱালী মুন্মুনী পায়েঙৰ দ্বাৰা ২০২২ চনৰ পৰা সৃষ্টি কৰা মোলাই কাঠনি ২.০ নামৰ বনাঞ্চলটো, ২০২৫ চনৰ ২৮ ডিচেম্বৰৰ দিনা দুষ্কৃতিকাৰীয়ে জ্বলাই দি ৫,০০০ৰো অধিক গছ-গছনি নষ্ট কৰা, চৰাই-চিৰিকটি আৰু সৰু জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰাটোৱে আমাৰ দেশৰ বাবে এক অতি পৰিতাপৰ বিষয় হিচাবে কাললৈ চিহ্নিত হৈ ৰ’ব।
প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত জীৱন সংকটাপন্ন হৈ পৃথিৱীৰ পৰা বিলুপ্ত হ'বলৈ ধৰা কিছু জীৱ-জন্তুৰ জন্মহাৰ পুনৰ বৃদ্ধি সম্ভৱ কৰি তোলাটোও যোৱা বছৰবোৰৰ এক উল্লেখযোগ্য সাফল্য। তাৰ ভিতৰত সেউজীয়া সাগৰীয় কাছ ( Green Sea Turtle, বৈজ্ঞানিক নাম Chelonian mydas) ৰ নাম উল্লেখ কৰিব পাৰি। বিশ্বজুৰি জনসাধাৰণৰ মাজত বাঢ়ি অহা সজাগতা আৰু বৈজ্ঞানিকসকলৰ অশেষ প্ৰচেষ্টাৰ ফলস্বৰূপে এইবিধ সাগৰীয় কাছৰ সংখ্যা ১৯৭০ চনৰ পৰা প্ৰায় ২৮% পৰ্যন্ত বৃদ্ধি পাইছে। অষ্ট্ৰেলিয়া, কোষ্টাৰিকা, আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো আদিৰ দৰে কিছুমান দেশে এই বৃদ্ধিৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে। ধ্বংসৰ মাজতো সৃষ্টিৰ এনে খবৰে বিশ্বজুৰি এক ইতিবাচক আলোড়নৰ সৃষ্টি কৰিছে।
দ্বিতীয়তে, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনলৈ যদি লক্ষ্য কৰোঁ, বিগত বছৰত কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ ক্ষেত্ৰত ডাঙৰ অগ্ৰগতি হৈছে OpenAI ৰ ChatGPT-5 ৰ আৰম্ভণি, জিন থেৰাপিৰ দ্বাৰা বধিৰতা আৰু অন্ধত্বৰ প্ৰতিকাৰৰ চিকিৎসা সম্ভৱপৰ কৰি তোলা আৰু বাণিজ্যিক চন্দ্ৰ অভিযানৰ সফলতাই মানৱ সভ্যতাৰ অগ্ৰগতিৰ কথাকে সূচায়। যোৱা বছৰৰ ২৫ জুন তাৰিখে আমাৰ দেশৰ সু-সন্তান শুধাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপনীত হৈ ভাৰতৰ নাম উজ্জ্বলাই তোলে।
এনেবোৰ খবৰে নিশ্চয় আমাৰ শিশুসকলৰ, নৱ-প্ৰজন্মৰ আৰু লগতে আমাৰ সকলোৰে মনত অপাৰ আনন্দ জগাই তোলে।
কিন্তু ইয়াৰ বিপৰীতে, যিদৰে কিছুমান দেশত সৃষ্টি হোৱা ৰাজনৈতিক উত্থান-পতন, জনসাধাৰণৰ প্ৰতিবাদ, চৰকাৰ পতন আদিৰ দৰে সমস্যাবোৰ আমাৰ নৱ-প্ৰজন্মৰ দৃষ্টিগোচৰ কৰাটো অতি আৱশ্যকীয়, সেইদৰে বৰ্তমানৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দ্বিতীয় কাৰ্যকালচোৱাত বহুতো এক্সিকিউটিভ অৰ্ডাৰ, টেৰিফ যুদ্ধ, বহিৰাগমন (Immigration) নীতিৰ কঠোৰতা, পৰিবেশ নিয়মৰ প্ৰতি কম গুৰুত্ব আদিয়ে ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিছে,…. সেয়া জনাটোও অতি আৱশ্যকীয়। সৌ সিদিনা এখন ৰাষ্ট্ৰৰ প্ৰধানক অতি ক্ষিপ্ততাৰে বন্দী কৰি নি আন এখন শক্তিশালী ৰাষ্ট্ৰৰ দ্বাৰা কেনেকৈ বিশ্বক চমক খুৱাই দি স্বেচ্ছাচাৰী বুৰঞ্জীৰ পুনৰাবৃত্তি কৰা হ’ল সেইয়াও লক্ষণীয় বিষয়।
ইয়াৰ উপৰিও বৰ্তমানলৈকে অব্যাহত থকা ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ আৰু ইজৰাইল হামাছৰ যুদ্ধ (অস্থায়ী যুদ্ধবিৰতি হ'লেও বৰ্তমানলৈকে অস্থিৰতা বিদ্যমান ) ৰ ফলত প্ৰচুৰ জন, ধন, শান্তি বিনষ্ট হোৱাৰ উপৰিও কেনেকৈ জলবায়ু প্ৰদূষিত আৰু জনসাধাৰণৰ জীৱন যাত্ৰা কদৰ্যময় কৰি তুলিছে সেয়াও লক্ষণীয়। দুৰ্ভাগ্যজনকভাৱে আমাৰ ভাৰতৰ পেহেলগামত যোৱা বছৰ ২২ এপ্ৰিলৰ দিনা সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ জন পৰ্যটকৰ মৃত্যু হ’ল যাৰ ফলত ভাৰতে “অপাৰেচন সিন্দুৰ” অভিযান কৰিব লগা হয়।
ইয়াৰোপৰিও জলবায়ু পৰিৱৰ্তনৰ ফলত পৃথিৱীৰ ঠায়ে ঠায়ে অত্যাধিক গৰম, হঠাতে অতিপাত বৰষুণ আৰু বানপানীৰ সৃষ্টি হৈছে। আকৌ সেই একে কাৰণতেই ঠায়ে ঠায়ে অনাবৃষ্টি, অগ্নিকাণ্ড আৰু ঘূৰ্ণি বতাহ আদিয়ে পৰিৱেশৰ বিপৰ্যয় ঘটাইছে। দিনে দিনে বিশ্বৰ উষ্ণতা বৃদ্ধি অব্যাহত থকাটো এটা অতি চিন্তনীয় বিষয় হৈ পৰিছে।
পৃথিৱীৰ এনে সংকটৰ সময়ত আমি সকলোৱে নিজ নিজ স্তৰত কেনেকৈ সহায়কাৰীৰ ভূমিকা পালন কৰিব পাৰোঁ, সেয়া সকলোৱে চিন্তা-চৰ্চা কৰি আগবাঢ়ি যোৱাটো অতিকৈ বাঞ্ছনীয়।
আমি এনেদৰে বিশ্বৰ চৌপাশৰ পৰিৱেশ পৰিস্থিতিলৈ লক্ষ্য ৰাখি, তাৰ মাজতে সমতা স্থাপন কৰি পৰিৱৰ্তনশীল সময়ৰ লগে লগে আগুৱাই গৈ থাকিব লাগিব। সময় আগুৱাই গৈ থকা মানেই আমি বেছি অভিজ্ঞতাপুষ্ট হৈ উঠা, ……গতিকে আমি ভাল-বেয়া বিবেচনা কৰি, নেতিবাচক বা ইতিবাচক পৰিৱেশৰ মাজতেই আগবাঢ়ি যাবলৈ শিকিব লাগিব।
সময় গতিশীল, কাৰোৰে বাবে ৰৈ নাথাকে…..। জীৱনৰ প্ৰতিটো মুহূৰ্তক মূল্য দিয়াৰ এয়াই সৰ্বোত্তম শিক্ষা….। যোৱা বছৰৰ ১৯ চেপ্তেম্বৰ তাৰিখে অসমীয়াৰ অতিকৈ আপোন জুবিন গাৰ্গক হেৰুৱাৰ বেদনা আৰু মৃত্যুৰ কাৰণ হত্যা বুলি অভিযোগ উঠাৰ পিছত হত্যাকাৰীৰ তদন্তত বিলম্ব হোৱাত গভীৰ অসন্তুষ্টিৰে ভৰা গধূৰ মন লৈয়েই আমি সকলো অসমীয়াই কেইদিনমানৰ পিছতে পৰম্পৰাগত ভাৱে মাঘৰ উৰুকাৰ দিনা সকলোৱে মিলা-প্ৰীতিৰে ৰাজহুৱা ভোজ-ভাত খাই ভোগালী বিহু উদযাপন কৰিবলৈ আগবাঢ়িছোঁহক।
আমাৰ খেতিয়কসকলৰ কপালৰ ঘাম মাটিত পেলাই কৰা কষ্টৰ বিনিময়ত এই সময়তে শস্য পূৰঠ হৈ পথাৰবোৰ সোণালী কৰি তোলে। ঘৰলৈ আদৰি অনা লখিমী স্বৰূপ শস্যৰ পৰা তৈয়াৰ কৰা নানান ধৰণৰ পিঠা-পনা, জা-জলপান আদি কৰি নানান খাদ্য সম্ভাৰেৰে এই ভোগালী উৎসৱ পালন কৰিব । তাৰ লগতে সংগতি ৰাখি চহৰীয়াসকলেও বজাৰৰ পৰা কিনি অনা পিঠা-পনা, জা-জলপানেৰে এই বিহু উদযাপন কৰিব।
বিহুৰ দিনা পুৱাতে মেজিৰ জুইক সাষ্টাংগে সেৱা কৰি অপায়-অমংগল দূৰ কৰি সমাজত শান্তি স্থাপনৰ কাৰণে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব। সকলোৰে বিশ্বাস…..সেই মেজিৰ জুইৰ লেলিহান শিখাই পুহ-মাঘৰ কুঁৱলীয়ে ঢাকি ৰখা কষ্টকৰ ঠাণ্ডাৰ প্ৰকোপক লাহে লাহে আৰামদায়ক কৰি আনিব। প্ৰকৃতিৰ এই ইংগিতকে সাৰোগত কৰি লৈ আমি সকলোৱে সাহসৰে থিয় দি সমুখত আহি পৰা সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হৈ নিজ নিজ কৰ্মক্ষেত্ৰত, ….ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পঢ়া-শুনাৰ দায়িত্ব পালন কৰি আগুৱাই যাব লাগিব।
এইখিনিতে আমাৰ নৱ-প্ৰজন্মলৈ অনুৰোধ কৰিব বিচাৰোঁ,
তোমালোকে যেন আমাৰ চাৰিওফালে হৈ থকা বৰ্তমানৰ সকলো ঘটনাপ্ৰবাহলৈ, সকলো পৰিৱৰ্তনলৈ অতি মনোযোগেৰে লক্ষ্য ৰাখা, সেয়া লাগিলে ৰাজনৈতিক পৰিৱৰ্তনেই হওক বা প্ৰাকৃতিক পৰিৱৰ্তনেই হওক। যোৱা অলপদিনৰ ভিতৰত বিশ্বৰ সকলো ঠাইতে ইমান পৰিৱৰ্তন হ'বলৈ ধৰিছে যে তোমালোকে আমাৰ ডাঙৰৰ লগে লগে এই সকলোবোৰলৈ অতি সাৱধানতাৰে লক্ষ্য ৰখাটো অতি জৰুৰী হৈ পৰিছে। এইদৰে লক্ষ্য ৰখাৰ ফলত তোমালোকে বহুতো অভিজ্ঞতা সঞ্চয় কৰিব পাৰিবা । তোমালোক ভাগ্যৱান যে তোমালোকে সৰু থকা অৱস্থাতেই পৃথিৱী জুৰি যি বিলাক ঘটনা ঘটিবলৈ ধৰিছে…. সেয়া যুদ্ধই হওক বা আন ঘটনাই হওক, তোমালোকে ভালদৰে লক্ষ্য কৰি সেইবোৰৰ পৰা অনেক শিক্ষা ল’ব পাৰিবা আৰু ভৱিষ্যতে ইয়াৰ দ্বাৰা তোমালোকে শুদ্ধ পথ বাচি উলিয়াই নিজকে নাইবা সমাজখনক বিপদৰ পৰা ৰক্ষা কৰিব পাৰিবা। ঠিক যেনেকৈ বুৰঞ্জী অধ্যয়ণ কৰাৰ পৰা অভিজ্ঞতা সঞ্চয় কৰি ভৱিষ্যতৰ বাবে সাৱধানতা অৱলম্বন কৰিব পাৰি।
তাৰবাবে তোমালোকে নিতৌ এঘণ্টা সময় নোৱাৰিলে আধাঘণ্টাকৈ হ’লেও এখন উন্নতমানৰ আৰু নিৰপেক্ষ বাতৰি কাকত পঢ়িবা । সেয়া সুবিধা নহ’লে টি.ভি.ত উন্নত মানৰ নিৰপেক্ষ চেনেলৰ পৰা বাতৰি শুনিবপাৰা আৰু তেনেদৰে জ্ঞাত হোৱা কথাবোৰ শিক্ষসকলৰ লগত, ঘৰৰ অগ্ৰজসকলৰ লগত বা বন্ধু-বান্ধৱৰ লগত আলোচনা কৰিবাহঁক আৰু চিন্তা কৰিবাহঁক।
সদৌ শেষত সকলোৰে বাবে নতুন বছৰটোৰ আগন্তুক দিনবোৰ সুখৰ আৰু মংগলময় হোৱাৰ কামনাৰে আৰু আগন্তুক ভোগালী বিহুলৈ ওলগণি জনাই এই সংখ্যাৰ সম্পাদকীয়ৰ একলম সামৰিছোঁ।
ধন্যবাদ সহকাৰে,
পবিত্ৰা বৰঘৰীয়া, মুম্বাই
সম্পাদক - সূৰুযমুখী
১০ জানুৱাৰী - ২০২৬





Comments