সম্পাদকীয় - জুলাই ২০২৬
- পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী

- Jul 14
- 4 min read

নৱ-প্ৰজন্মলৈ উৎসৰ্গিত তিনিমহীয়া ডিজিটেল আলোচনী
সূৰুযমুখী - জুলাই ২০২৬
সম্পাদকীয়
চাওঁতে চাওঁতে আজি আমাৰ 'সূৰুযমুখী' নামৰ ডিজিটেল তিনিমহীয়া আলোচনীখনে দুবছৰ সম্পূৰ্ণ কৰি তিনি বছৰত ভৰি দিলেহি। ২০২৪ চনৰ, ১৪ জুলাইৰ সন্ধিয়া ন বজাত বহুতো সপোন আৰু আশা বুকুত বান্ধি 'সূৰুযমুখী'য়ে আপোনালোকৰ মাজলৈ উৎসাহেৰে প্ৰথমটো খোজ আগবঢ়াইছিল।
আলোচনীখনৰ নাম ‘সূৰুযমুখী’ বাচনি কৰাৰ মূলতো উদ্দেশ্য নিহিত আছে…। সূৰুযমুখী কেৱল সৌন্দৰ্য আৰু পোহৰ পিয়াসী স্বভাৱৰ বাবেই যে সকলোৰে প্ৰিয় কুসুম এনে নহয়, ই হৈছে পুষ্টিৰ ভঁৰাল, ঔষধি গুণেৰে পৰিপূৰ্ণ আৰু সৌন্দৰ্য বৃদ্ধি কাৰক। সূৰুযমুখীৰ উজ্জ্বল আৰু বিশাল আকৃতিয়ে মৌমাখি আৰু পখিলাৰ দৰে পৰাগ সংযোগকাৰী পতংগক সততে আকৰ্ষণ কৰি পৰিৱেশ-পাৰিপাশ্বিকতাৰ সন্তুলন ৰক্ষা কৰাত সহায় কৰি আহিছে। এনে কাৰণতেই সূৰুযমুখী আমাৰ সকলোৰে প্ৰিয় পুষ্প।
সূৰুযমুখীৰ বৈশিষ্টই আমাক সদায়ে মোহিত কৰি আহিছে; আমি বিচাৰোঁ আমাৰ নৱ-প্ৰজন্ম উন্নতমানৰ আৰু পোহৰমুখী চিন্তাধাৰাৰ হওক, মানসিক আৰু শাৰীৰিক শক্তিৰে বলিয়ান হওক, সহানুভূতিশীলতা, সহিষ্ণুতা আৰু সমালোচনাত্মক চিন্তা-চৰ্চাক সৰ্বোচ্চ গুৰুত্ব দিয়ক, প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰক….। এনে অভিপ্ৰায়েৰে ৰাইজৰ মাজলৈ আগুৱাই যোৱা 'সূৰুযমুখী'য়ে এই ক্ষুদ্ৰ যাত্ৰাত আপোনালোকৰ পৰা বহুতো মৰম, সঁহাৰি আৰু সহায়-সহযোগ পাবলৈ সক্ষম হৈছে। সেয়ে তিনিবছৰৰ এই প্ৰভাতী বেলাত 'সূৰুযমুখী' পৰিয়ালৰ সকলো সন্মানীয় সদস্যৰ হৈ আমাৰ প্ৰিয় পাঠক-পাঠিকা, লেখক -লেখিকা সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
লগতে সকলোলৈকে বৰ্ষাকালীন শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
ভাৰতবৰ্ষত এতিয়া বাৰিষাৰ বতৰ আৰম্ভ হৈছে। দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত সাধাৰণতে জুন মাহৰ আৰম্ভণিতে মৌচুমী বতাহ দক্ষিণ ভাৰত পায়হি আৰু জুলাই মাহৰ ভিতৰতে ই সমগ্ৰ ভাৰতবৰ্ষকে সামৰি লয়। আৰম্ভ হয় আকাশত ক’লা ডাৱৰৰ সঘন অহা-যোৱা আৰু ধৰালৈ মুষলধাৰে বৰষুণ নামে।
অসমীয়া পঞ্জিকা অনুসৰি আমাৰ জনমভূমি অসমত এতিয়া বছৰৰ চতুৰ্থ মাহ শাওণ বা শ্ৰাৱণ মাহ আৰম্ভ হৈছে। এই মাহৰ বতৰৰ মূল বৈশিষ্ট হ'ল ধাৰাসাৰ বৰষুণ আৰু চাৰিওফালৰ সেউজীয়া প্ৰকৃতি। বৰ্তমান আমি থকা মুম্বাই চহৰত অহৰহ বৰষুণ, ঠাণ্ডা বতাহ আৰু সেউজীয়া প্ৰকৃতি দৃশ্যমান হোৱাৰ লগে লগে মোৰ মানস পটত জিলিকি উঠিছে জনমভূমি অসমৰ শাওণৰ পথাৰখন…..। এখন সেউজীয়া দলিচাসদৃশ বিশাল, বিস্তৃত সেউজীয়া ধাননি পথাৰ। তাৰ মাজতে দেখা পাইছোঁ কঠীয়াতলীৰ পৰা দীঘল বাঁহৰ কানমাৰিত মেটমৰাকৈ কঠীয়াৰ আষি লাদি লৈ খৰখোজীয়াকৈ পথাৰলৈ আগবঢ়া অসমীয়া পাহোৱাল ডেকাসকলক, …..নাঙল, গৰু, মৈ আদি লৈ পথাৰত ব্যস্ত হৈ পৰা কৃষকসকলক। পথাৰত ধানৰ কঠীয়া ৰোৱাত ব্যস্ত শাৰী শাৰী ৰোৱনীসকল আৰু কাণত যেন বাজি উঠিছে গ্ৰীষ্মৰ প্ৰখৰ ৰ'দেও মোলান পেলাব নোৱাৰা ঘৰ্মাক্ত এইসকল ৰোৱনীৰ মুখেদি নিৰ্গত ঐনিতম, বনগীত, জোৰানাম আৰু বিহুনামৰ সুৰবোৰ…..।
আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰো বিদ্যালয়সমূহত গ্ৰীষ্মৰ বন্ধ আৰম্ভ হৈছে। আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময়ছোৱা অতি সংবেদনশীল। বৰষুণৰ পানীত ওফন্দি উঠা নলা, নদ-নদী, পিছল ৰাস্তা, বজ্ৰপাত, মহ-মাখিৰ উপদ্ৰৱ আৰু সংক্ৰামক ৰোগ আদিৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে সাৱধান হোৱা উচিত।
এই বৰষুণীয়া প্ৰকৃতিয়ে আমাক কেৱল সাৱধানতাৰ কথাই নহয়, জীৱনৰ অনিশ্চয়তাৰ কথাও মনত পেলাই দিয়ে। বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়াও যুদ্ধৰ অগ্নি জ্বলি আছে। ইউক্ৰেইন-ৰাছিয়াৰ সংঘাত, মধ্যপ্ৰাচ্যৰ অশান্তি আৰু অন্যান্য ঠাইত চলি থকা হিংসা-হত্যাই লাখ লাখ মানুহৰ জীৱন বিপন্ন কৰি তুলিছে। একে সময়তে জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বজুৰি প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাইছে — অতিবৃষ্টি, অনাবৃষ্টি, বান, খৰাং, অগ্নিকাণ্ড, ভূমিকম্প আৰু ঘূৰ্ণীবতাহে বাৰে বাৰে আমাক সোঁৱৰাই দিছে যে প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰাটো কিমান জৰুৰী হৈ পৰিছে।
এইখিনিতে মই আজি আমাৰ নৱ- প্ৰজন্মক এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে - আজিৰ মানৱ সমাজত সহিষ্ণুতাৰ অভাৱ বাৰুকৈয়ে প্ৰকট হৈ পৰিছে।
আধুনিক সমাজখনত মানুহৰ মাজত ধৰ্ম, জাতি, ভাষা, সংস্কৃতি, ৰাজনৈতিক মত আৰু জীৱনশৈলীৰ বৈচিত্ৰ্য অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে। গ্লোবেলাইজেচন, প্ৰব্ৰজন আৰু ইণ্টাৰনেটৰ বাবে আমি প্ৰতিদিনে ভিন্ন ধৰণৰ মানুহৰ লগত ভিন্ন ধৰণৰে সংস্পৰ্শলৈ আহিছোঁ। যদি সহিষ্ণুতা নাথাকে, তেন্তে এই বৈচিত্ৰ্য সংঘাতৰ উৎস হৈ পৰে। উদাহৰণস্বৰূপে, আজিকালি সামাজিক মাধ্যমত এটা সৰু মতভেদেই ঘৃণাৰ অভিযানলৈ ৰূপান্তৰিত হোৱা দেখা পোৱা গৈছে। এনে বৈশিষ্ট্য ৰুগ্ন সমাজৰহে পৰিচাৰক!
অসহিষ্ণুতা মানেই ক্ৰোধ, ঘৃণা আৰু অস্থিৰতা। সহিষ্ণুতা অবিহনে আমাৰ পৰম কাম্য শব্দবোৰ, যেনে - স্বাধীনতা, সমতা আৰু ন্যায়ৰ ধাৰণাবোৰ অৰ্থহীন হৈ পৰে। আজিৰ দ্ৰুতগতিত চলা জীৱনত অসহিষ্ণুতাই মানসিক চাপ, উদ্বেগ আৰু হতাশাৰ সৃষ্টি কৰে। ইয়াৰ বিপৰীতে সহিষ্ণুতাৰ অভ্যাসে নিজকে আৰু আনক বুজিবলৈ সহায়ক হয়, যাৰ ফলত মনলৈ শান্তি আহে আৰু পৰস্পৰৰ মাজৰ সম্পৰ্ক উন্নত হয়।
আমি ইতিহাসৰ পাততেই দেখা পাইছোঁ যে সহিষ্ণু সমাজেই অধিক উদ্ভাৱনশীল আৰু সমৃদ্ধ হ’ব পাৰে। ভিন্ন দৃষ্টিভংগীৰ মাজত সহযোগিতাই নতুন ধাৰণা, ব্যৱসায় আৰু সামাজিক পৰিৱৰ্তন আনে। বিপৰীতে অসহিষ্ণু সমাজ (যেনে চৰমপন্থী বা স্বৈৰাচাৰী সমাজ) স্থবিৰ হৈ পৰে। আজিৰ বিশ্বত যুদ্ধ, সন্ত্ৰাসবাদ, সাম্প্ৰদায়িক হিংসা আৰু সাংস্কৃতিক যুদ্ধৰ যি প্ৰয়োভৰ দেখা গৈছে, আমাৰ নৱ- প্ৰজন্মৰ মাজত সহিষ্ণুতাৰ অভাৱে আমাক বিপদৰ মাজলৈ ঠেলি দিব পাৰে।
সমাজৰে এক অংগ হিচাপে ‘সূৰুযমুখী’য়ে আদিৰে পৰা আৱশ্যকবোধ কৰা এনেধৰণৰ বিষয়বোৰ আলোচনাৰ মাজলৈ আনি আমাৰ সমাজ আৰু নৱ-প্ৰজন্মৰ মাজলৈ সচেতনতা আনিবলৈ যত্ন কৰি আহিছে। এই সংখ্যাৰ আলোচনীখনত আমি যেনেকৈ আমাৰ মাজত সহিষ্ণুতাৰ আৱশ্যকতাৰ বিষয়ে আলোচনা কৰিছোঁ, তেনেকৈ জন-জীৱনত বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মনোবিকাশত হাস্যৰস আৰু কৌতুকৰ আৱশ্যকতাৰ বিষয়েও আলোচনা কৰা হৈছে।
আজিৰ শিক্ষা ব্যৱস্থাত নতুন প্ৰযুক্তি, নতুন পাঠ্যক্ৰম আৰু বিষয় আদিৰ সংযোজন, মূল্যাংকন ব্যৱস্থাৰ পৰিবৰ্তন, পৰিবৰ্তিত শিক্ষাদান পদ্ধতি আদি অনেকটা কাৰণত ছাত্ৰ-ছাত্ৰীসকলৰ মনলৈ এক ধৰণৰ মানসিক অৱসাদ, হতাশা আৰু উদ্বিগ্নতা আহি পৰে। তেনেসময়তে হাস্যৰস, হাঁহি-কৌতুক আদিৰ পৰিবেশ এটা পালে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক অৱসাদ দূৰ হোৱাৰ উপৰিও তেওঁলোকৰ মনত নতুন চিন্তা শক্তি জাগ্ৰত হয়, পঢ়ালৈ ইচ্ছা জন্মে আৰু মনোযোগ বৃদ্ধি হয় আৰু জীৱনৰ প্ৰতি নতুন আশাবাদৰ সঞ্চাৰ হয়। যিদৰে শাৰীৰিক ব্যায়ামে শৰীৰ সুস্থ ৰাখে, ঠিক সেইদৰে হাস্যৰসে সকলোৰে মানসিক স্বাস্থ্যৰ উন্নতি, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, সামাজিক সম্পৰ্ক সুদৃঢ়কৰণ, কাৰ্যক্ষমতা বৃদ্ধি আৰু জীৱনৰ কঠিন সময়কো সহজভাৱে ল'বলৈ আৰু সদায় আশাবাদী হ'বলৈ শিকায়। সংক্ষেপতে ক'বলৈ গ'লে হাস্যৰসে মানুহক দীৰ্ঘায়ু হোৱাত আৰু জীৱনটো উপভোগ কৰাত সহায় কৰে।
প্ৰাচীন কালৰে পৰা অসমীয়া সাহিত্যত চেগা- চোৰোকাকে হ'লেও হাস্যৰসৰ প্ৰয়োগ দেখা পোৱা যায়। প্ৰাক-শংকৰী যুগৰ কবি মাধৱ কন্দলীৰ ৰামায়ণত হনুমানৰ কাৰ্যকলাপ আৰু লংকাৰ ৰাক্ষস-ৰাক্ষসীৰ বৰ্ণনাত সুন্দৰ হাস্যৰস পোৱা যায়। শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষজনাৰ 'হৰিশ্চন্দ্ৰ উপাখ্যান'ত লোভী ব্ৰাহ্মণৰ চৰিত্ৰ, 'ৰুক্মিণী হৰণ' নাটৰ বেদনিধি বাপু আৰু 'পাৰিজাত হৰণ'ৰ নাৰদ চৰিত্ৰৰ জৰিয়তে অতি লঘু আৰু মধুৰ হাস্যৰসৰ সৃষ্টি কৰা হৈছে। ঠিক তেনেদৰে মাধৱদেৱৰ 'ভোজন বেহাৰ' নাটত শিশু কৃষ্ণৰ বাল্যকালৰ দুষ্টালি আৰু ৰাম সৰস্বতীৰ 'ভীম চৰিত'ত ভীমৰ কাণ্ড কাৰখানাই পাঠকক প্ৰচুৰ আনন্দ দিয়ে।
কিন্তু হাস্যৰস সদায় মাৰ্জিত, আনন্দদায়ক আৰু নিৰ্মল হ’ব লাগে, কেতিয়াও যাতে কোনো ব্যক্তি, ধৰ্ম বা শাৰীৰিক বৈশিষ্ট্য, আৰ্থ-সামাজিক অৱস্থা, ভাষা, লিংগ, জাতি আদিক লক্ষ্য কৰি উপলুঙা কৰা ধৰণৰ নহয়। মুঠতে শালীন, সংবেদনশীল আৰু মানৱিক মূল্যবোধসম্পন্ন হাস্যৰসৰ চৰ্চা প্ৰকৃততেই মানুহৰ জীৱনৰ এক অমূল্য সম্পদ, আমি ইচ্ছা কৰিলে যিটো বিষয়ক সহজেই আমাৰ জীৱনৰ সহচৰ কৰি ল’ব পাৰোঁহক।
আমাৰ সকলোৰে মৰম-যত্নত সূৰুযমুখীৰ দুটা বছৰ সুন্দৰভাৱে পাৰ হৈ গ’ল। আগলৈ আৰু বহুতো বছৰ আহিব, শীত-গ্ৰীষ্ম আদি বহুতো ঋতু আহি পাৰ হৈ …..। কিন্তু সূৰুযমুখীৰ এই যাত্ৰা অদূৰ ভৱিষ্যতলৈ অব্যাহত থাকিব — শিক্ষা, সচেতনতা, শান্তি আৰু মানৱীয় মূল্যবোধৰ সেতু হিচাপে।
আপোনালোকৰ সকলোৰে সহযোগিতা আৰু আশীৰ্বাদেৰে এই যাত্ৰা অব্যাহত থাকক আৰু অধিক সুন্দৰ হৈ…..।
শুভ জন্মদিবস আৰু শুভ ভৱিষ্যতৰ কামনাৰে….
আন্তৰিক ধন্যবাদ সহ,

পবিত্ৰা বৰঘৰীয়া, সম্পাদক
সূৰুযমুখী ই – আলোচনী, মুম্বাই
১৪ জুলাই, ২০২৬ চন



Comments