সম্পাদকৰ মেজৰ পৰা ......
- পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী

- 2 days ago
- 4 min read

সম্পাদকীয় – দ্বিতীয় বৰ্ষ, চতুৰ্থ সংখ্যা
সৰ্বপ্ৰথমে ‘সূৰুযমুখী’ৰ সমূহ পাঠক-পাঠিকা, লেখক- লেখিকা, সদস্য তথা অসমবাসীলৈ আগন্তুক অসমীয়া নতুন বছৰৰ শুভেচ্ছা আৰু ৰঙালী বিহুৰ ওলগ জনাইছোঁ। বছৰৰ মাহবোৰ বাগৰি ক্ৰমে ফাগুন-চ'ত পাৰ হৈ বহাগ মাহলৈ সলনি হোৱা প্ৰকৃতিৰ লক্ষণসমূহ পৰিস্ফুট হৈ অহাৰ লগে লগে প্ৰকৃতিৰ সৈতে গভীৰ সম্পৰ্ক ৰখা আৰু আনুভৱিক প্ৰতিজন অসমীয়াৰ মনলৈ আনন্দ-উল্লাসৰ ভাৱ এটা আপোনা-আপুনি আহি পৰেহি।
ফাগুনৰ শুকান বতাহত লঠঙা হোৱা গছ-গছনি আৰু বন-বিৰিখবোৰ লাহে লাহে জীপাল কৰি আনি অংকুৰিত হ’বলৈ ধৰা কোমল কুঁহিপাতে গছ-বননিক সেউজীয়াৰ পোচাক পিন্ধাই বহাগ অহাৰ আগজাননী দিয়ে। বহাগৰ পৰশ পাই ফুলি উঠা কপৌ, কেতেকী, নাহৰ, তগৰ, খৰিকাজাই আদি ফুলৰ সুগন্ধই চৌপাশৰ বাতাবৰণ সুগন্ধময় কৰি প্ৰকৃতিৰ বুকুলৈ নতুনত্বৰ ঢৌ বিয়পাই নব্য জীৱনৰ অঙ্কুৰণৰ প্ৰবেশ ঘটায়...। মধুমাখিৰ মধুৰ গুঞ্জন, চৰাই- চিৰিকটিৰ আহ্লাদিত চলন-উৰণ, কুলি-কেতেকীৰ উন্মাদ শুৱলা মাতে 'বহাগ আহিল' বুলি বতৰাটি দিয়াৰ লগে লগে প্ৰতিজন অসমীয়াই নতুন বছৰটি আৰু বাপতিসাহোন ৰঙালী বিহুটি আদৰিবলৈ সাঁজু হৈ উঠে।
বৰদৈচিলাৰ আগমনিত বৃদ্ধি হোৱা বতাহৰ গতি আৰু লাহে লাহে উষ্ণ হ'বলৈ আৰম্ভ কৰা ধৰিত্ৰী আৰু নীলা আকাশত থুপি থুপি মেঘৰ আৱৰণীৰ আৰম্ভণি... লগে লগে আৰম্ভ হয় বহাগৰ পাতলীয়া বৰষুণজাকৰ । প্ৰকৃতিৰ এই পৰিৱৰ্তন অসমীয়া সংস্কৃতিৰ সৈতে অভিন্ন…. নতুন বছৰৰ নতুন আশা, ৰং-হৰষেৰে ৰাঙলী বিহুটি উদ্যাপন আৰু তাৰ পিছতেই কৃষি চক্ৰৰ আৰম্ভণি সূচনা কৰে। গাঁৱৰ মানুহে বহাগৰ লক্ষণবোৰলৈ চাই বিহুৰ প্ৰস্তুতিৰ মাজে মাজে আগতীয়া ধানৰ বাবে কঠিয়াতলি প্ৰস্তুত কৰিবলৈ আৰু কঠীয়া সিঁচিবলৈ সাঁজু হৈ উঠে।
প্রকৃতিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অসমৰ তিনি বিহু দৰাচলতে কৃষি কেন্দ্ৰিক উৎসৱহে। জনশ্ৰুতি অনুসৰি বিহু উৎসৱৰ মূল উপাদান বিহুনাম আৰু বিহুনৃত্যৰ সৃষ্টিৰ মূল উদ্দেশ্যেও হৈছে নৃত্য গীতেৰে প্ৰকৃতি দেৱীক সন্তুষ্ট কৰি কৃষিৰ উৎপাদন বৃদ্ধি কৰা।
আজি যি সময়ত আমি পৃথিৱীৰ এটা কোণত নতুন বছৰৰ প্রথম ৰ'দজাক পুঁৱাবলৈ সাঁজু হৈছোঁ ঠিক সেই একে সময়তে পৃথিৱীৰ আন এটা প্ৰান্তত যুদ্ধৰ ধোঁৱা আৰু বিভিষিকাই আৱৰি ধৰিছে! গুলী-বাৰুদৰ শব্দ, পাহাৰহেন ধ্বংসাৱশেষ, আপোনজনক হেৰুৱাৰ হৃদয়বিদাৰক ক্ৰন্দনধ্বনি, গৃহহীন-খাদ্যহীন জনসাধাৰণ, ধ্বংসস্তূপত পৰিণত হোৱা নিজৰ স্কুল কলেজলৈ চাই নিৰ্বাক হৈ ৰৈ যোৱা ল'ৰা-ছোৱালীবোৰ! তেওঁলোকৰ কাৰণে আজি জৰুৱা দিনবোৰ খেদি পৃথিৱীলৈ নামি অহা বসন্তৰ বতৰাৰ কোনো অৰ্থ নাই! তেওঁলোকৰ বাবে এতিয়া মাত্ৰ চিন্তা …..ভয়ানক মৰণাস্ত্ৰৰ পৰা বাচিবলৈ নিৰাপদ এটুকুৰা ঠাই আৰু অনাহাৰৰ পৰা বাচিবলৈ অলপ অন্ন আৰু এটুপি পানী মাত্ৰ !!
কিন্তু এটা কথা ঠিক যে উৎসৱ আৰু যুদ্ধ - এই দুটা বিপৰীতমুখী সত্যৰ সন্মুখীন হ’লেও আমি হতাশ হ’ব নালাগে। বিহুৱে আমাক শিকাই যে জীৱন মানেই আশা…..। যুদ্ধ যিমানেই অন্ধকাৰ নহওক কিয়, প্ৰতি বছৰে বসন্ত আহিবই। প্ৰতি বছৰে মৰহা পাত-ফুল সৰি, নতুন পাত ওলায়, নতুন ফুল ফুলি উঠে। তেনেকৈয়ে আমি সকলোৱে বিহুৰ এই উৎসৱত পৃথিৱীৰ শান্তিৰ বাবে এটা সৰু পদক্ষেপ ল’ব পাৰোঁ…..। আমাৰ হৃদয়ত যি মানৱ প্ৰেম আছে, সেয়াই আটাইতকৈ ডাঙৰ অস্ত্ৰ। আমি বিহুত নাচিম, গাম, আনন্দ কৰিম, কিন্তু একেসময়তে মনত ৰাখিব লাগিব — পৃথিৱীৰ সকলো মানুহ, সকলো শিশুৱেই যেন নিৰাপদে থাকিব পাৰে, খেলিব পাৰে, স্কুল-কলেজলৈ যাব পাৰে আৰু উজ্বল ভৱিষ্যতৰ সপোন দেখিব পাৰে…..।
আজি দুহেজাৰ ছাব্বিছ চনৰ এপ্ৰিল মাহৰ প্ৰথম ভাগত ‘সূৰুযমুখী’ৰ এই সম্পাদকীয়টো লিখিবলৈ লৈ মোৰ অনুভৱ হৈছে, আমি পৃথিৱীৰ মানৱজাতি আহি আহি আজি যি ঠাইত উপনীত হৈছোঁহি, ইয়াৰ পৰাই যেন ধৰাৰ বুকুত নতুন ইতিহাস লিখা আৰম্ভ হৈছে...। পৃথিৱীৰ নতুন মানচিত্ৰ, ভৌগলিক চিনাক্তকৰণ, মানৱীয় সম্বন্ধ আৰু বিশ্বাসযোগ্যতাৰ বিষয়ে যেন নতুন ইতিহাস লিপিবদ্ধ হ'বলৈ গৈ আছে।
বৰ্তমান পৃথিৱীত চলি থকা এই যুদ্ধ-বিগ্ৰহবোৰ (যেনে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, চুদানৰ গৃহযুদ্ধ, ম্যানমাৰৰ সংঘাত, মধ্যপ্ৰাচ্যৰ অস্থিৰতা আৰু আমেৰিকা ইজৰাইল- ইৰান সম্পৰ্কিত সংঘাতসমূহ) দেখি আমাৰ নৱ প্ৰজন্মক আজি মই কেইটামান দিশত সকিয়াই দিবলৈ বিচাৰিছোঁ ===
তোমালোকে ইতিহাস পঢ়িলে জানিব পাৰিবা, প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পৰা আজিৰ যুদ্ধলৈকে দেখা যায় যে যুদ্ধই লাখ লাখ নিৰীহ মানুহলৈ মৃত্যু কঢ়িয়াই আনিছে, ঘূণীয়া কৰিছে, অৰ্থনীতি ধ্বংস কৰিছে আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ঘৃণা বিয়পাইছে। তোমালোকে জীৱনত এটা কথা সদায়ে মনত ৰাখিবা – যুদ্ধ আৰম্ভ কৰা সহজ, কিন্তু শেষ কৰা অতি কঠিন।
তোমালোকে এইটোও সদায়ে মনত ৰাখিবা, আমাৰ দেশ ভাৰতবৰ্ষৰ পৰম্পৰা - অহিংসা আৰু “বসুধৈৱ কুটুম্বকম্” (পৃথিৱী এটা পৰিয়াল)ৰ ওপৰত আধাৰিত। মহা উপনিষদৰ পৰা উদ্ভূত এই প্ৰাচীন সংস্কৃত বাক্যাংশ ভাৰতীয় দৰ্শনৰ এক মূল নীতি যি সকলো মানৱ জাতি এক, সুসংযুক্ত পৰিয়াল হিচাবে গণ্য কৰাৰ বাৰ্তা দিয়ে। এই নীতি উদাৰতা আৰু বিশ্বজনীন ঐক্যৰ ওপৰত অধিষ্ঠিত। আমি বিশ্বৰ কোনো যুদ্ধত সামৰিকভাৱে জড়িত নহওঁ, কিন্তু যুদ্ধৰ অন্ত পেলাবলৈ যুদ্ধৰত দেশৰ মাজত মধ্যস্ততাকাৰীৰ ভূমিকা পালন কৰি শান্তিৰ দূত হ’ব পাৰোঁ নাইবা এখন অহিংস দেশৰ আৰ্হি হ’ব পাৰোঁ । তোমালোকে ভৱিষ্যতে যি পেছাই গ্ৰহণ নকৰা কিয় –কিন্তু মনৰ ক্ষোভ আৰু খংবোৰ সদায় আলোচনা আৰু বুজাবুজিৰ মাজেৰেহে সমাধান কৰিবলৈ চাবাহঁক দেই।
আজিৰ ছ’চিয়েল মিডিয়া আৰু খবৰ কাগজ আদিত প্ৰত্যেক পক্ষই নিজ পক্ষক নিৰ্দোষী সজাই কাহিনী প্ৰচাৰ কৰে। ফলত এটা কথাই দেখা যায় “আমি ভাল, তেওঁলোক বেয়া”। সেয়ে তোমালোক নৱ প্ৰজন্মই বিভিন্ন উৎসৰ পৰা যাতে আচল কথাটো জানি লৈ, সত্য-অসত্য বিচাৰ কৰিহে সিদ্ধান্তত উপনীত হোৱা। কিন্তু লগতে আন এটা কথাও মনত ৰাখিব লাগিব যে কেৱল এখন দেশ বা এটা ধৰ্মৰ পক্ষ লোৱাতকৈ– মানৱতাৰ পক্ষ লোৱাটো উত্তম পথ। নিজৰ সমাজত ধৰ্ম, জাতি বা ৰাজনীতিৰ নামত বিভেদৰ সৃষ্টি কৰিব পৰা সকলো পৰিস্থিতিৰ পৰা আঁতৰি থকাই শ্ৰেয়।
বৰ্তমানৰ পৰিবেশ পৰিস্থিতিলৈ চাই তোমালোক সকলোৱে নিশ্চয় এটা কথা বুজিব পাৰিছা যে যুদ্ধই হওক বা আন ক্ষেত্ৰতে হওক, এখন সবল দেশ বুলিলে কেৱল সৈন্য বল নহয়, বৰঞ্চ এখন দেশ প্ৰযুক্তি, অৰ্থনীতি আৰু জ্ঞানৰ দ্বাৰাইহে সবল আৰু সুৰক্ষিত হ’ব পাৰে আৰু সততাৰে সকলোৰে হৃদয় জয় কৰিব পাৰে। আমাৰ নৱ-প্ৰজন্মই সেয়েহে যুৱ অৱস্থাতেই এনেবোৰ বিষয়ৰ ওপৰত নিজকে কাৰ্যদক্ষ আৰু সক্ষম কৰি লোৱাটো অতিকৈ জৰুৰী।
শেষত এটা কথা ক’বই লাগিব যে আজিৰ নৱ প্ৰজন্মই হৈছে ভৱিষ্যত দেশৰ ধৰণী। যদি আজিৰ নৱ প্ৰজন্মই অশান্তি সৃষ্টি কৰা আজিৰ যুদ্ধবোৰৰ পৰা শিক্ষা লৈ শান্তিৰ সংস্কৃতি গঢ়ি তুলিব পাৰে, তেন্তে কালিলৈ আমাৰ পৃথিৱীখন অধিক নিৰাপদ হ’ব। ভাৰতৰ নৱ প্ৰজন্ম হিচাপে তোমালোকৰ হাতত আছে এই পৰিৱৰ্তনৰ চাবি-কাঠি। মাত্ৰ তোমালোকে সকলোফালে লক্ষ্য কৰা, শিক্ষা লোৱা, চিন্তা কৰা আৰু শান্তি ও প্ৰগতিৰ পথত আগবাঢ়ি যোৱা…..।
বিশ্বশান্তিৰ কামনাৰে……
পবিত্ৰা বৰঘৰীয়া, মুম্বাই
সম্পাদক - সূৰুযমুখী
ফোন: ৯৪২৮৩৩০৮০০
🙏🙏🙏🙏🙏🙏🙏



Comments