top of page
  • Black Facebook Icon
  • Black Instagram Icon

কাতি বিহুৰ ওলগ আৰু শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছাৰে.....

Writer: পবিত্ৰা বৰঘৰীয়া, সম্পাদক- সূৰুযমুখী, মুম্বাই
পবিত্ৰা বৰঘৰীয়া, সম্পাদক- সূৰুযমুখী, মুম্বাই
4 days ago
4 min read

Updated: 2 days ago

কাতি বিহুৰ ওলগেৰে.....
কাতি বিহুৰ ওলগেৰে.....

কাতি বিহুৰ ওলগ আৰু শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ….।

 

আমি বাস কৰা এই পৃথিৱীখন আমাৰ অগোচৰেও অহৰহ সংঘৰ্ষৰ সন্মুখীন হৈ আহিছে। আমাৰ পৃথিৱীখনৰ ইতিহাসেই সংঘৰ্ষৰে ভৰা। পৃথিৱীৰ গঠনৰ পৰা আৰম্ভ কৰি আজিলৈকে সৰু-বৰ অনেক সংঘৰ্ষ সংঘটিত হৈছে। আমাৰ পৃথিৱীৰ উৎপত্তি আৰু আমাৰ পৃথিৱীৰ লগে লগে আৰু পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰা জোনবাইৰ উৎপত্তিও হাজাৰ হাজাৰ বছৰৰ আগতে হোৱা সংঘৰ্ষৰেই ফল। সৃষ্টিৰ আদিতে হোৱা এনে সংঘৰ্ষৰ ফলতেই পৃথিৱীৰ অক্ষীয় হেলনীয়তাও প্ৰভাৱিত হয়, যিটো আজিৰ ঋতুৰ পৰিৱৰ্তনৰ মূল কাৰণ। প্ৰতিটো ঋতুৰ মাজতো চলি থাকে সেই একেই সংঘৰ্ষ!  অৰিয়াঅৰি ঋতুৰ মাজতো! তাৰে ভিতৰত ঋতুৰাণী শৰতৰ শোভা অতিকৈ মনোৰম, এই ঋতুৰ প্ৰকৃতি অতি আমেজভৰা। সেয়েহে গ্ৰীষ্মৰ তাপৰ প্ৰকোপত দহা শৰীৰে, বৰ্ষাৰ ধাৰাসাৰ বৰষুণ আৰু ক্লেদময় বাতাবৰণৰ পৰা ৰক্ষা পাবলৈ আশাৰে বাট চাই ৰয় শৰতৰ আগমনলৈ। শৰত মানেই এক মুক্ত পৰিৱেশ। ফৰকাল আকাশ, শেৱালিৰ গোন্ধে আমোল-মোল…। কঁহুৱাৰ শুভ্ৰতা, নিয়ৰে ধোৱা দুবৰি গছকি আগমন হয় শৰতৰ। ঢাকৰ শব্দত, আইসকলৰ উৰুলীত মানুহৰ মনাকাশ শান্তি আৰু সৌজন্যতাৰে ভৰি পৰে। দুৰ্যোগ ভৰা দিনবোৰৰ পাছত শাৰদীয় উৎসৱে মনবোৰ ফৰকাল কৰি তোলে। এনেবোৰ কাৰণতেই কোনো কোনোৱে শৰৎ ঋতুক বসন্ত ঋতুতকৈ বেছি মৰ্যাদা বা আগস্থান দি আহিছে।

 

অতীজৰে পৰা পৃথিৱীত শুভ আৰু অশুভ শক্তিৰ মাজতো অহৰহ সংঘৰ্ষ চলি আহিছে। এই সংঘৰ্ষত অশুভ শক্তিয়ে শুভ শক্তিৰ ওচৰত পৰাজয় স্বীকাৰ কৰি আহিছে। এইবাৰো শৰতৰ আগমনৰ লগে লগে দশভুজা দেৱী সমাগত….., হাতত অস্ত্ৰ লৈ মহিষাসুৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পণ লৈ। বিজয়ী হ'ব শুভ শক্তিৰ। দুৰ্গা দেৱীয়ে মহিষাসুৰক বধ কৰিছিল কাৰণ মহিষাসুৰ অত্যাচাৰ, অহংকাৰ আৰু অধৰ্মৰ প্ৰতীক আছিল। দেৱীয়ে কেৱল শক্তি প্ৰদৰ্শন কৰি মহিষাসুৰক বধ কৰা নাছিল— তেওঁ সত্য, ন্যায় আৰু ধৰ্মৰ ৰক্ষাৰ বাবে যুদ্ধ কৰিছিল। কিন্তু আজিকালিৰ যুদ্ধ হয়-  কেৱল ক্ষমতা, ভূমি, সম্পদ বা ঘৃণাৰ বাবে ! সেয়ে আজিৰ যুঁজক পৌৰাণিক যুগৰ দুৰ্গা-মহিষাসুৰৰ যুদ্ধৰ দৰে “অধৰ্মৰ বিৰুদ্ধে ধৰ্মৰ যুদ্ধ” বুলি পোনপতীয়াভাৱে চালে ভুল কৰা হ’ব। দেৱী দুৰ্গাই দেখুৱাইছিল, শক্তিৰ ব্যৱহাৰ কেৱল অন্যায়ৰ বিৰুদ্ধেহে কৰা উচিত, নিজৰ স্বার্থ বা আধিপত্য বিস্তাৰৰ বাবে নহয়।

 

ঋতু শ্ৰেষ্ঠ শৰতৰ ফৰকাল বতৰৰ সময়তে আমি নিশ্চয় কিছু কথা ভাবি চাব পাৰোঁহক.....

 

দেৱী দুৰ্গাই আমাক নিদৰ্শন দেখুৱাই থৈ গৈছে যে প্ৰকৃত শক্তি হৈছে অন্যায়ৰ বিৰুদ্ধে থিয় দিয়াৰ সাহস, কিন্তু সেই শক্তি হিংসা বা ঘৃণাৰে নহয়— ন্যায়, সহানুভূতি আৰু সংযমৰে। দেৱী দুৰ্গাই মহিষাসুৰক বধ কৰিছিল পৃথিৱীত শান্তি আৰু সুৰক্ষা প্ৰদান কৰিবলৈ, ধ্বংসৰ বাবে নহয়।

 

আজি আমাৰ সমাজত দিনে দিনে অসহনশীলতা বাঢ়িছে দ্ৰুত গতিত…। আমি আনৰ মত, ধৰ্ম, ভাষা-সংস্কৃতিক আনকি আনৰ উন্নতিও সহজে গ্ৰহণ কৰিব নোৱাৰা অৱস্থাৰ এটাৰ সৃষ্টি হৈছেগৈ। এনে অসহনশীলতাই কেৱল যে সমাজৰ বা আনৰ লগতহে বিষবাষ্পৰ সৃষ্টি কৰে এনে নহয়, ই পতি-পত্নী, পুত্ৰ-সন্তান আদিৰ মাজতো সম্পৰ্কৰ অৱনতি ঘটায়।   দুৰ্গাই বিভিন্ন ৰূপত (কালী, চণ্ডী, অম্বিকা) থকাৰ দৰেই মানৱতাও বহুৰূপী। এক ৰূপতকৈ বহুৰূপক সন্মান কৰাটোৱেই প্ৰকৃত শক্তি। শক্তি মানে সংযম। প্ৰকৃত বীৰত্ব হৈছে ক্ৰোধত নিজকে নিয়ন্ত্ৰণ কৰা। যুদ্ধ বা হিংসাই কেতিয়াও স্থায়ী সমাধান নিদিয়ে। সংলাপ, বুজা-পৰা আৰু শিক্ষাইহে শান্তি আনে।

 

আজিৰ এই অসহনশীল পৰিৱেশত আমাৰ নৱ-প্ৰজন্মলৈ আমাৰ আহ্বান ---

 

আমি জনা উচিত, আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে নিজৰ ভিতৰৰ ঘৃণা, অহংকাৰ আৰু অসহিষ্ণুতা। আমি প্ৰত্যেকেই নিজৰ ভিতৰৰ শত্ৰুক চিনি লৈ সেইবোৰকহে প্ৰথমে জয় কৰা আৱশ্যক। কাৰণ বাহিৰৰ যুদ্ধতকৈ মানুহৰ ভিতৰৰ যুদ্ধখন জয় কৰিব পৰাটোহে সঁচা অৰ্থত অতি কঠিন কাম। আমি বাহিৰৰ অসুৰক সহজে চিনি পাওঁ। কিন্তু ভিতৰৰ অসুৰক?  আমাক নিজকে বচাবলৈ বা আত্মপক্ষক সমৰ্থন কৰিবলৈ আমাৰ মনত অনেক যুক্তি আহি ভীৰ কৰেহি..…। আমি যেতিয়া লোভৰ কবলত পৰি অন্ধ হৈ বেয়া কৰ্ম কৰোঁ, তাৰ হকে আমি সহজেই যুক্তি দিওঁ সেয়া ‘প্ৰয়োজন’ বুলি। নিজৰ অহংকাৰক আমি ‘আত্মসন্মান’ ৰ কথা বুলি কওঁ। নিজৰ প্ৰতিশোধ পৰায়ণ মনোভাৱক ‘ন্যায়’ৰ হকে যুঁজ দিয়া বুলি কবলৈ লজ্জা অনুভৱ নকৰোঁ আৰু আমি নিজক সংযত কৰিব নোৱাৰি আনক যেতিয়া অপমান কৰোঁ তেতিয়া ‘সঁচা কথা কোৱা’ বুলি কৈ, অপমানিত কৰাজনৰ বিপক্ষে অনেক যুক্তি দিবলৈ যাওঁ। আমি এনেধৰণে যিমানেই আত্মপ্ৰৱঞ্চনা কৰিবলৈ যাওঁ, সিমানেই আমি নিজৰ ভিতৰৰ ন্যায়-অন্যায়ৰ যুদ্ধখনত নিজকে পৰাজিত কৰি গৈ থাকোঁ। ফলত আমি দিনে দিনে অমানুহ হৈ গৈ থাকোঁ….।

 

পঢ়া-শুনাৰ মাত্ৰা বঢ়ালে, আনৰ কষ্ট বুজিবলৈ চেষ্টা কৰিলে, বেয়া কথা বা ঋণাত্মক কথাক সমাজত প্ৰচাৰ নকৰা, সামাজিক মাধ্যমৰ প্ৰতি অত্যধিক আসক্তি দূৰ কৰা আদি অভ্যাসবোৰৰ পৰা সমাজত অসহনশীলতাৰ মাত্ৰা হ্ৰাস কৰিব পাৰি। আচলতে অজ্ঞতাই হৈছে অসহনশীলতাৰ মূল কাৰণ। ইয়াৰ বিপৰীতে সৰু সৰু সহনশীলতাই সকলো ক্ষেত্ৰতে ডাঙৰ পৰিৱৰ্তন আনিব পাৰে।

 

শিশু বন্ধুসকল, আমিও আমাৰ সৰু-সৰু কামত দুৰ্গা দেৱীৰ আদৰ্শ ‘দুষ্টক দমন কৰা আৰু শান্তক পালন’ ক আমাৰ জীৱনতো প্ৰতিফলিত কৰিব পাৰোঁ। স্কুলত যদি কোনোবাই দুৰ্বল ল’ৰা-ছোৱালীক উৎপীড়ন কৰে, তেন্তে আমি চুপে নাথাকি সেই অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগে। ঘৰত যদি কোনোবাই অসৎ কথা কয় বা কাৰোবাৰ ক্ষতি কৰে, তেন্তে আমি সত্য কথা ক’বলৈ সাহস দেখুৱাব লাগে। পৰিৱেশ পৰিষ্কাৰ ৰখা, গছ-গছনি ৰক্ষা কৰা, পশু-পক্ষীৰ প্ৰতি দয়া দেখুওৱা—এইবোৰো শান্তক পালনৰেই অংশ।

 

পূজাৰ সময়ত আমি কেৱল দেৱীৰ মূৰ্তিক নমস্কাৰ কৰাই নহয়, তেওঁৰ গুণবোৰ আমাৰ জীৱনত গ্ৰহণ কৰোঁ। দুৰ্গা পূজাৰ সময়ত আমি কেৱল মূৰ্তি বিসৰ্জন কৰাই নহয়, প্ৰকৃত বিসৰ্জন হ’ব লাগে আমাৰ অহংকাৰ, ঘৃণা আৰু অসহিষ্ণুতাৰ।

আজি কাতি বিহুৰ এই পবিত্ৰ সন্ধিয়াটোত আপোনালোক সকলোকে পুনৰবাৰ ওলগণি জনাইছোঁ।

 

ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ কালত উদযাপন কৰা আমাৰ বাপতিসাহোন এই কাতি বিহুৰ স্নিগ্ধ সমাহিত ৰূপে যেন কঙালীৰ দিনবোৰতো সকলোৰে মনবোৰ সন্তুষ্টিৰে ভৰাই ৰাখে। প্ৰতিঘৰ অসমীয়াৰ ঘৰে ঘৰে তুলসীৰ গুৰিত জ্বলি উঠা চাকিগছিয়ে, খেতিপথাৰত জ্বলি উঠা চাকিগছি আৰু আকাশ বন্তিয়ে বছৰটোৰ হেঁপাহৰ শস্যৰ পথাৰখন ভালে-কুশলে ৰাখি প্ৰতিজন কৃষিজীৱি অসমীয়াৰ মনবোৰো যেন ভালে-কুশলে, শান্তিৰে ভৰাই ৰাখে।


আন্তৰিক ধন্যবাদ সহ,

পবিত্ৰা বৰঘৰীয়া,

সম্পাদক - সূৰুযমুখী

নৱী মুম্বাই

১৮ অক্টোবৰ, ২০২৬ চন

যোগাযোগ : ৯৪২৮৩৩০৮০০

 



Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page