তুৰ্কীয় দেশৰ শিশু


দেৱীকা বৰপূজাৰী, মুম্বাই
মইনা সকল,
তোমালোকে বাৰু তুৰস্ক বা Turkey নামৰ দেশখনৰ নাম শুনিছা নে? এইখনেই পৃথিৱীৰ একমাত্ৰ দেশ, যিখন এছিয়া আৰু ইউৰোপৰ মাজতে অৱস্থিত! ইয়াত এখন সাগৰৰ দৰে বিশাল নৈ আছে - ব্লেক চি আৰু মাৰমাৰা বীচ্চৰ সিমনাত, যাক কোৱা হয় ব’চপ’ৰাচ প্ৰণালী (Bosporus Strait) বা সুঁতি। তুৰ্কীয় দেশখন যথেষ্ঠ ডাঙৰ, ইয়াৰ ৰাজধানী হৈছে আংকাৰা। পিছে বাণিজ্যিক ভাৱে আৰু আধুনিকতাৰ দিশত সকলোতকৈ আগবঢ়া ঠাইখন হৈছে - ইষ্টানবুল। তুৰ্কীখন বৰ ধুনীয়া - কেউদিশে নীলা পানীৰ সাগৰ, বুৰঞ্জী প্ৰসিদ্ধ ঠাইসমূহ আৰু চাফ চিকুণ বাট পথবোৰ।
তোমালোকৰ দৰে সৰু সৰু অকণিহতে তাত সাধুকথাৰ কিতাপ খুব পঢ়ে, স্কুলতো শিকোৱা হয় নিজৰ দেশৰ ভৌগোলিক অৱস্থান, জলবায়ু আৰু সাংস্কৃতিক দিশসমূহৰ বিষয়ে। কিন্তু তাৰ মাজতে কিছু নেতিবাচক কথাও আছে, যেনে কিছুমান অতি দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ মাক দেউতাকৰ সামৰ্থ্য নাথাকে বাবে কিছুমান পিছ পৰা অঞ্চলৰ ল'ৰাই সৰুৰে পৰা কাৰোবাৰ খেতিলৈ গৈ কাম কৰিব লগা হয়। কিছুমানে ছোৱালীয়ে পঢ়া শুনা কৰাটো দৰকাৰী কাম বুলি নাভাবে বাবে তেওঁবিলাক প্ৰাপ্য শিক্ষাৰ পৰা বঞ্চিত হৈ থাকিব লাগে।

তুৰ্কীত পৰিয়াল বিলাকত - সন্তানবোৰে খেলত মন দিব নে সংগীত বা আন ধৰণেৰে আগবাঢ়ি যাব, সেয়া মাক দেউতাকেহে ঠিক কৰে। চহৰবোৰত চৰকাৰে সৰু ল'ৰা -ছোৱালীক নানা বেমাৰৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিষেধক ব্যৱস্থা কৰে কিন্তু কিছু আওহতীয়া অঞ্চলত এনে সুবিধা নোহোৱাৰ বাবে শিশুসকলৰ বেমাৰ বোৰ সহজে ধৰা নপৰে।
মোটামুটি ভাবে সমগ্ৰ বিশ্বতে সা-সুবিধা নোপোৱা বহু শিশু আছে, কিন্তু তাৰ মাজতে নিজৰ অক্লান্ত চেষ্টা আৰু পৰিশ্ৰমৰ দ্বাৰা বহু শিশুৱে জীৱনত কি দৰে আগবাঢ়ি যাব পাৰে, তাৰেই চেষ্টা কৰি আহিছে। মই যদিও তুৰ্কী দেশৰ কিছু নেতিবাচক কথা লিখিলোঁ, সেইবোৰ কেৱল তোমালোকে জানিবৰ বাবেহে, বাকী ইতিবাচক কথাবোৰ হে মনত ৰাখি নিজেও তোমালোক আগুৱাই যাব লাগিব।
তুৰ্কীৰ ল'ৰা-ছোৱালীয়ে পিতৃ-মাতৃ, ককা-আইতা, খুৰা, ভাই, ভতিজা - এই সকলোবোৰ সম্বন্ধৰ বিষয়ে সচেতন; ঘৰত এইবোৰ শিক্ষা তেওঁলোকে দেখিয়েই শিকে। ধনী মানুহ হ’লেও তাত তোমালোকৰ দৰে ল'ৰা ছোৱালীবোৰে ঘৰুৱা কামত মাকক পায্যমানে সহায়ৰ হাত আগবঢ়ায়; দায়িত্ব কি বস্তু আৰু সৰু ভায়েক ভনীয়েকহঁতক চোৱা মেলা কৰাটো যেন তেওঁলোকৰ এক শিক্ষাৰ ভিতৰতে পৰে।
স্কুলত পাঠ্য পুথি-পঢ়াৰ উপৰিও বেছি ভাগে ছবি অঁকা, কিবা নহয় কিবা বাদ্য বজোৱা, কল্পনা কৰি সাধু লিখা, মাটিৰে বস্তু বনোৱা আদিবোৰ শিকে। খেলা-ধূলাৰ ভিতৰত আমাৰ দৰেই তেওঁলোকেও Blind man buff যাক তুৰ্কী ভাষাত কোৱা হয় Koreba অৰ্থাৎ চকুত কাপোৰ বান্ধি কাৰোবাক বিচৰা, Saklambac অৰ্থাৎ আমাৰ লুকা-চুৰি, জঁপিওৱা, দৌৰা ইত্যাদি।
আমাৰ ইয়াৰ দৰে তাতো ল'ৰা ছোৱালীবোৰে স্কুলৰ বছৰেকীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰি সকলোবোৰতে ভাগ লয়। তাত কিন্তু ২৩ এপ্ৰিলৰ দিনটোত শিশু দিৱস আৰু সাৰ্বভৌমত্ব দিৱস (Sovereignty) একেদিনাই উদযাপন কৰে। সেইদিনা ছাত্ৰ-ছাত্ৰীসকলক সংসদ (Parliament) ত বহাৰ দৰে বহি দেশৰ বাবে ভাষণ দিবলৈ উদ্গনি যোগায়।
দীঘলীয়া বন্ধৰ দিনত তুৰ্কীৰ ল’ৰা-ছোৱালীবোৰে মাক-দেউতাকৰ লগত বুৰঞ্জপ্ৰসিদ্ধ ঠাইবোৰ আৰু মিউজিয়াম চাবলৈ যায়, লগতে প্ৰকৃতিৰ লগত চিনাকি হ’বলৈ পাৰ্ক আদিত সময় কটাই আহেগৈ। মই প্ৰধানকৈ এটা কথা মন কৰিলোঁ, তুৰ্কীয় দেশত তোমালোকৰ সমান ল'ৰা-ছোৱালীবোৰে বৰকৈ মোবাইল লৈ ব্যস্ত হৈ নেথাকে।
আশাকৰো তোমালোক সকলোৱে আন আন দেশৰ ল'ৰা-ছোৱালীবোৰৰ বেয়াবোৰ নলৈ ভালবোৰ ল’বলৈ যত্ন কৰিবা আৰু মা দেউতাৰ কথা সদায় মানি চলিবাহঁক।
**************



Comments