মৰমৰ স্পৰ্শ যেন শান্তিৰ নিজৰা
- পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী

- Apr 11
- 3 min read

মোৰ মৰমৰ অকণিহঁত,
আজি তোমালোকক কেইবাবছৰৰ আগতে আমেৰিকা যুক্তৰাজ্যলৈ যাওঁতে হোৱা মোৰ এটা বিশেষ ধৰণৰ অভিজ্ঞতাৰ বিষয়ে ক’বলৈ ওলাইছোঁ। দেখাত বিষয়টো তেনেই সাধাৰণ যেন লাগিলেও কিন্তু দ কৈ ভাবি চালে এই সাধাৰণ কথাটোৰ মাজতে মানৱ সমাজৰ বিশেষত্ব আৰু মানৱীয়তাৰ কিছু মহত্বপূৰ্ণ নিদৰ্শন দেখিবলৈ পাবাহঁক।
সেয়া আছিল দুহেজাৰ সোতৰ চনৰ জুন মাহৰ কোনো এটা দিন। আমাৰ পৰিয়াল মানে আমি স্বামী-স্ত্ৰী আৰু আমাৰ পুত্ৰ সহিতে তিনিজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ৰাজ্যৰ স্প'কেন (Spokane, Washington) নামৰ ঠাইডোখৰলৈ গৈছিলোঁ । তাত আমাৰ জীয়ে ৱাশ্বিংটন ষ্টেট ইউনিভাৰ্চিটিত গৱেষণা কৰি আছিল। স্পকেনত তাই এটি আমেৰিকান পৰিয়ালৰ ঘৰৰ লগতে সংলগ্ন দুটা কোঠা ভাড়া হিচাপে লৈ আছিল। তাই নিজৰ খোৱা বোৱাবোৰ আমেৰিকান পৰিয়ালটোৰ লগত একেটা ৰান্ধনীশালতে কৰিছিল যদিও কিন্তু নিজৰ আহাৰ নিজেই ৰান্ধি-বাঢ়ি খাইছিল।
পৰিয়ালৰ মুখিয়াল মহিলাগৰাকী (মিছেছ হলি এলমাৰ) বৰ বন্ধুত্ব সুলভ মনোবৃত্তিৰ আৰু মৰমীয়াল প্ৰকৃতিৰ আছিল । তেওঁ পৃথিৱীৰ বিভিন্ন ঠাইৰ বিষয়ে, মানুহৰ বিষয়ে জানিবলৈ বৰ ইচ্ছুক আছিল আৰু সেইদৰেই তেওঁ সময় আৰু সুবিধা পালেই পৃথিৱীৰ বিভিন্ন ঠাই পৰিভ্ৰমণো কৰিছিল। যেতিয়া তেওঁ গম পালে যে তেওঁৰ ঘৰৰ ভাড়াতীয়াগৰাকীৰ পৰিয়াল ভাৰতৰ পৰা আহিব তেতিয়া তেওঁ আমাক তেওঁৰ ঘৰৰে এটা ৰূম খালী কৰি থাকিবলৈ দিছিল। আমিও সকাহ পোৱাদি পাইছিলোঁ কাৰণ আমেৰিকাত খোৱা আৰু থকা ঠাইৰ বাবে বহুত খৰচ কৰিবলগীয়া হয় । আমি যিহেতু প্ৰায় দুমাহমান থকাকৈ গৈছিলোঁ গতিকে তেখেতে দিয়া এই সুবিধাকণ পাই আমি কম খৰচতে বৰ আৰামেৰে থাকিব পাৰিছিলোঁ।
আমি তাৰ পৰা অহাৰ পিছৰ বছৰত তেখেত এবাৰ আমাৰ মুম্বাইৰ আৰু অসমৰ ঘৰলৈ আহি দুসপ্তাহমান থাকি ভাৰতৰ বিভিন্ন ঠাই ফুৰি-চাকিও গৈছেহি।
তাত থকা সেই সময়চোৱাত তেওঁৰ ঘৰৰ পৰা ওলাই প্ৰধান ৰাস্তাটোৰে আমি প্ৰাতঃ ভ্ৰমণলৈ ওলালে প্ৰায়ে দেখোঁ স্কুললৈ ল'ৰা-ছোৱালীবোৰ অহা-যোৱা কৰাৰ সময়ত ৰাস্তাৰ কাষত কিছু সংখ্যক বয়স্ক মহিলা থিয় হৈ থাকে । অৱশ্যে তাৰ মাজতে দুই এজন বয়স্ক পুৰুষো নথকা নহয় কিন্তু মহিলাৰ সংখ্যা তুলনামূলকভাৱে বেছি। দুদিনমান তেওঁলোকক এনেকৈ দেখাৰ পিছত আমাৰ মনতো কৌতুহল উপজিল।
এদিন আমি ৰাস্তাৰ কাষৰ বাগিচা এখনৰ বেঞ্চত বহি তেখেতসকললৈ মনোযোগেৰে চাবলৈ ধৰিলোঁ। তেতিয়াহে ধৰিব পাৰিলোঁ তেখেতসকলে সেইদৰে থকাৰ উদ্দেশ্য....। পুৱা স্কুলৰ বাছ আহি যেতিয়া ষ্টেণ্ডত ৰয়হি, তেতিয়া তেখেতসকলে স্কুললৈ যাবলৈ ৰৈ থকা ছাত্ৰ -ছাত্ৰীসকলক শাৰী পতাই এজন এজনকৈ হাতত ধৰি বাছত উঠাই বাছৰ কণ্ডাক্টৰৰ হাতত গতাই দিয়ে। সেইদৰে স্কুল ছুটীৰ পিছতো তেখেতসকল আহি ছাত্ৰ -ছাত্ৰীসকলক বাছৰ পৰা নমাই বাছ ষ্টপত বহুৱাই ৰাখে ঘৰৰ কোনোবা আহি তেওঁলোকক লৈ নোযোৱালৈকে।
পিছত আমি মিছেছ হলি এলমাৰৰ পৰা জানিব পাৰিলোঁ যে সেই বয়স্ক লোকসকল সেই অঞ্চলৰে হয় আৰু তেখেতসকলে নিজ ইচ্ছাৰে এনেদৰে সময়মতে আহি পঢ়াশলিয়া সৰু ল'ৰা-ছোৱালীবোৰক স্কুল বাছত উঠা-নমা কৰাত সহায়-সহযোগ কৰেহি। কথাটো তেনেই সাধাৰণ কিন্তু তোমালোকে ভাবি চোৱাচোন ইয়াৰ মাজত সামাজিক বন্ধন, দায়বদ্ধতা আৰু সম্পৰ্কৰ কিমান মধুৰ দিশ এটি সোমাই আছে।
আমেৰিকাৰ নিচিনা ঠাইত অৱশ্যে বৰ্তমান আমাৰ ভাৰতৰো ডাঙৰ চহৰবোৰত সচৰাচৰ পৰিয়ালৰ পিতৃ-মাতৃ দুয়োজনে পুৱা ভাগতে কৰ্ম সংস্থানলৈ ওলাই যাব লগা হয়। তেনে অৱস্থাত তেওঁলোকৰ সন্তানক স্কুললৈ অহা-যোৱাৰ সময়ত বয়স্কসকলে কৰা এইকণ সহায়ৰ বাবে তেওঁলোকৰ অলপ হ'লেও সময় ৰাহি হোৱাৰ উপৰিও অভিজ্ঞতাপুষ্ট বয়স্কসকলৰ তত্বাৱধানত নিজ সন্তানক ৰাখি মানসিকভাৱেও স্বস্তি অনুভৱ কৰে। আনহাতে সন্তানসকলেও ককাক-আইতাক স্থানীয় লোকসকলৰ মৰমৰ উমাল পৰশত নিৰাপত্তা আৰু আশ্বস্ততা অনুভৱ কৰিবলৈ সক্ষম হয়।
লগতে ইয়াৰ আনটো দিশলৈও তোমালোকে ভাবি চোৱাচোন। এইসকল বয়সস্থ ব্যক্তি এদিন নিজেও শিশু, ছাত্ৰ-ছাত্ৰী আছিল ৷ এদিন পিতৃ-মাতৃ হৈ সন্তানৰ লগত ব্যস্ত হৈ পৰিছিল আৰু সন্তান ডাঙৰ হৈ আতঁৰি যোৱাৰ পিছত বয়স হৈ অহাৰ লগে লগে কৰ্ম বিৰতি লৈ অফুৰন্ত আজৰি সময় হাতত পাইছে। এনে আজৰি সময় কেতিয়াবা তেওঁলোকৰ বাবে আমনিদায়ক হৈ পৰে আৰু নিজৰ সন্তানৰ সান্নিধ্য পাবলৈ অধীৰ হৈ পৰে। এনে অৱস্থাত তেওঁলোকে স্কুলীয়া সৰু ল'ৰা-ছোৱালীবোৰৰ সংস্পৰ্শলৈ আহি নিজৰ বাল্যকাল আৰু নিজৰ সন্তানৰ সান্নিধ্যলৈ অহা যেন অনুভৱ কৰি মানসিক শান্তি লাভ কৰে। ইয়াৰোপৰি নিজকে এনে গুৰুত্বপূৰ্ণ কামত নিয়োজিত কৰি জীৱনৰ প্ৰয়োজনীয়তাৰ প্ৰতি সজাগ হোৱাৰ উপৰিও নিজকে কৰ্মথ আৰু নিয়মানুৱৰ্তিতাৰ মাজত ৰাখিবলৈ উৎসাহ অনুভৱ কৰে।
গতিকে ভাবি চোৱাচোন, তোমালোকৰ দৰে সৰু ল’ৰা-ছোৱালীৰ অকণমান মৰমৰ স্পৰ্শই তোমালোকৰ মা-দেউতা, ককা-আইতা স্থানীয় লোকসকলৰ জীৱনলৈ কেনেকৈ শান্তিৰ নিজৰা বোৱাই আনিব পাৰে।
পবিত্ৰা বৰঘৰীয়া, মুম্বাই
সম্পাদক - সূৰুযমুখী



Comments