চুইজাৰলেণ্ডৰ জেনেভাৰ তিনি খুৰাৰ সেই বিখ্যাত চকীখন
- পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী

- Jan 9
- 3 min read

মৰমৰ অকণিহঁত,
ওপৰৰ চিত্ৰখনত তিনি খুৰাৰ চকীখন দেখি তোমালোকৰ মনত চাগৈ অনেক প্ৰশ্নৰ উদয় হৈছে নহয়নে? আজি তোমালোকক এই চকীখনৰ আঁৰৰ কিছু গুৰুত্বপূৰ্ণ কথাকে ক’বলৈ ওলাইছোঁ।
যোৱা চেপ্তেম্বৰ-২০২৫ ত ইউৰোপ ভ্ৰমণ কৰিবলৈ যাওঁতে চুইজাৰলেণ্ডৰ জেনেভাৰ সংযুক্ত ৰাষ্ট্ৰ মানৱ অধিকাৰ পৰিষদ (UNHRC : United Nations Human Rights Council বা পেলেচ অৱ নেচনছৰ (Palais de Nation) ৰ মূল প্ৰৱেশদ্বাৰৰ ঠিক সমুখতে তিনি খুৰা বা খুটাৰ ওপৰত সন্তুলিত এই বিশাল চকীখন দেখি আমিও ইয়াৰ ইতিবৃত্ত জানিবলৈ যথেষ্ট কৌতূহলী হৈ পৰিছিলোঁ।
সেই ভ্ৰমণৰ সময়ছোৱাত বিশ্বৰ অন্যতম প্ৰধান আন্তৰ্জাতিক কূটনীতি আৰু সংস্থাৰ কেন্দ্ৰ চুইজাৰলেণ্ডৰ জেনেভাৰ ৰাষ্ট্ৰসংঘৰ কাৰ্যালয় (UNOG: United Nations Office at Geneva) ৰ আন কেইবাটাও কাৰ্যালয়, যেনে - মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয় (OHCHR: Office of the High Commissioners for Human Rights) আৰু ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্ত (UNHCR: United Nations High Commissioner of Refugee) আদি কাৰ্যালয় পৰিদৰ্শন কৰাৰ সুযোগ পাইছিলোঁ। পিছত তোমালোকে ডাঙৰ হৈ সেইবোৰ ঠাইলৈ গ'লে এই কাৰ্যালয়সমূহ পৰিদৰ্শন কৰিবাহঁক দেই।

বাৰু.....এতিয়া আমি চকীখনৰ কথালৈ আহোঁ...।
ছবিখনত দেখা বিশাল চকীখন হৈছে বিখ্যাত ব্ৰ’কেন চেয়াৰ ভাস্কৰ্য্য (Broken Chair sculpture)। ডগলাছ ফাৰ কাঠেৰে নিৰ্মিত, ১২ মিটাৰ ওখ, ৫.৫ টন ওজনৰ কাঠৰ এই ভাস্কৰ্যটো চুইজাৰলেণ্ডৰ শিল্পী ডেনিয়েল বাৰ্চেটৰ ডিজাইন আৰু কাঠমিস্ত্ৰী লুই জেনেভে “হেণ্ডিকেপ ইণ্টাৰনেশ্যনেল” (বৰ্তমান হিউমেনিটি এণ্ড ইনক্লুজন) নামৰ এটা বেচৰকাৰী সংস্থাৰ হৈ নিৰ্মাণ কৰিছিল। এই চকীখনৰ এটা খুৰা হিংস্ৰভাৱে ভাঙি ছিন্নভিন্ন কৰি পেলোৱা ধৰণৰে ৰাখি তিনিটা খুটাৰ ওপৰত ভাৰসাম্য ৰক্ষা কৰি স্থাপন কৰা হৈছে।
চকীখনৰ এনে আৰ্হিয়ে সামগ্ৰিকভাৱে সশস্ত্ৰ হিংসাৰ বলি হোৱা লোকসকলৰ জীৱনৰ ভংগুৰতা, ক্ষণস্থায়ীতা লগতে সহনশীলতা, মানসিক ক্ষমতা আৰু অংগ-প্ৰত্যংগ হেৰুৱা সত্ত্বেও গৰ্বেৰে থিয় হৈ থকা জীৱিতসকলৰ মৰ্যাদা আদি দৰ্শায়। ইয়াৰ লগে লগে চকীখনে ৰাষ্ট্ৰসংঘলৈ অহা বিশ্বৰ নেতাসকলক আৰু কূটনীতিবিদসকলক সাধাৰণ নাগৰিকক সুৰক্ষা প্ৰদান আৰু অমানৱীয় অস্ত্ৰ নিষিদ্ধ কৰাৰ বাবে ৰাষ্ট্ৰসমূহৰ কাৰ্য্যৰ আহ্বানক প্ৰতিনিধিত্ব কৰে।
…….তেতিয়াহ’লে তোমালোকে ইতিমধ্যে তিনি খুৰাৰ চকীখন স্থাপন কৰাৰ উদ্দেশ্যে আৰু চকীখনে জন-সমাজলৈ কি বাৰ্তা প্ৰেৰণ কৰে, সেয়া বুজিব পাৰিলা। এতিয়া তোমালোকক চকীখন কেতিয়া আৰু কিয় স্থাপন কৰা হৈছিল, সেই বিষয়ে ক’বলৈ ওলাইছোঁ…..।
সেই বিষয়ে ক’বলৈ যোৱাৰ আগতে তোমালোকক ১৯৯৭ চনৰ অট’ৱা চুক্তিৰ (Ottawa Treaty) বিষয়ে কিছু কথা ক’বলৈ লাগিব। এই চুক্তিৰ আনুষ্ঠানিক নাম: Convention on the Prohibition of the Use, Stockpiling, Production and Transfer of Anti-Personnel Mines and on Their Destruction), যাক Mine Ban Treaty বা Anti-Personnel Mine Ban Convention বুলিও কোৱা হয়। এই চুক্তি ১৯৯৭ চনৰ ডিচেম্বৰ মাহত কানাডাৰ অট’ৱাত স্বাক্ষৰৰ বাবে মুকলি কৰা হৈছিল আৰু ১৯৯৯ চনত কাৰ্যকৰী হয়। বৰ্তমানলৈকে ১৬৫ খনতকৈও অধিক দেশে এই চুক্তিত যোগদান কৰিছে।
এইখিনিতে তোমালোকক এণ্টি-পাৰ্চনেল লেণ্ডমাইন (Anti-Personnel Landmine) নো কি, সেয়া জনাই থ’বলৈ বিচাৰিছোঁ। ই হৈছে এবিধ বিস্ফোৰক অস্ত্র, যিটো বিশেষভাৱে মানুহৰ বিৰুদ্ধে ব্যৱহাৰৰ বাবে ডিজাইন কৰা হয়। ইয়াক মাটিৰ তলত বা ওপৰত লুকাই ৰখা হয় আৰু কোনোবা মানুহে তাৰ ওচৰলৈ আহিলে বা ভৰি দিলে বিস্ফোৰণ ঘটে, যাৰ ফলত মানুহ আঘাতপ্ৰাপ্ত হয় বা মৃত্যু পৰ্যন্ত হ’ব পাৰে ।
এই অট’ৱা চুক্তিৰ মূল উদ্দেশ্যে আছিল বিশ্বজুৰি এণ্টি-পাৰ্চনেল লেণ্ডমাইনৰ ব্যৱহাৰ, উৎপাদন, মজুতকৰণ আৰু স্থানান্তৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা আৰু সেইবোৰ ধ্বংস কৰা। এই চুক্তিৰ জৰিয়তে যুদ্ধৰ পিছতো এই মাইনসমূহৰ পৰা দীৰ্ঘদিন ধৰি নিৰীহ নাগৰিকক (বিশেষকৈ শিশু আৰু মহিলাক) আঘাত প্ৰাপ্ত হোৱাৰ পৰা বা হত্যা আদিৰ পৰা ৰক্ষা কৰাৰ প্ৰতি লক্ষ্য ৰখা হৈছে।
চকীখন ১৯৯৭ চনৰ ১৮ আগষ্টত প্ৰথমবাৰৰ বাবে জেনেভাৰ সংযুক্ত ৰাষ্ট্ৰ মানৱ অধিকাৰ পৰিষদ কাৰ্যলয়ৰ সমুখত মাত্ৰ তিনি মাহৰ বাবে স্থাপন কৰা হৈছিল। কিন্তু জনসাধাৰণৰ প্ৰবল সমৰ্থন আৰু চকীখন স্থাপনৰ মুখ্য উদ্দেশ্যেটো আজিও সজীৱ কৰি ৰাখিবৰ বাবে মাজে মাজে মেৰামতি কৰি হ’লেও একে ঠাইতে চকীখন সুন্দৰভাৱে ৰক্ষণাবেক্ষণ কৰা হৈছে।
তিনি খুৰাৰ এই ভাস্কৰ্যটো জেনেভাৰ এক আইকনিক ল্যাণ্ডমাৰ্কলৈ পৰিণত হৈছে। প্ৰতিদিনে পৰিদৰ্শন কৰিবলৈ অহা শ শ দৰ্শনাৰ্থীয়ে জেনেভাৰ ৰাষ্ট্ৰসংঘৰ পতাকা আৰু ফোয়াৰাসমূহৰ পটভূমিত এই ভাস্কৰ্যৰ ফটো তুলি, ইয়াত চলি থকা মানৱীয়তাৰ পোষকতাক মূৰ্ত কৰি ৰাখিবলৈ অহৰহ চেষ্টা কৰি আহিছে।
পবিত্ৰা বৰঘৰীয়া, মুম্বাই
সম্পাদক - সূৰুযমুখী
@@@@@@@@





Comments