top of page
  • Black Facebook Icon
  • Black Instagram Icon

দক্ষিণ কোৰিয়া ভ্ৰমণ আৰু জাতীয় জীৱনৰ ওপৰত কিছু অৱলোকন

  • Writer: চৈয়দ মীৰ মমতাজ হুছেইন, গুৱাহাটী
    চৈয়দ মীৰ মমতাজ হুছেইন, গুৱাহাটী
  • Oct 13, 2025
  • 4 min read
উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ  মানচিত্ৰ
উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ মানচিত্ৰ

চৈয়দ মীৰ মমতাজ হুছেইন, গুৱাহাটী

 

প্ৰতিজন ব্যক্তিৰে নতুন ঠাই চোৱাৰ আৰু ফুৰাৰ হেপাঁহ থাকে ৷ এই হেপাঁহৰ আলমতে কেতিয়াবা আমি মানে আমাৰ পৰিয়ালৰ আটাইকেইজন সদস্যই লগলাগি বছৰেকত এবাৰ হ’লেও ভ্ৰমণৰ নামত বিভিন্ন ঠাইলৈ ওলাই যাওঁ ৷ এই ভ্ৰমণবোৰত দেশ আৰু বিদেশ - দুয়ো ঠাই অন্তভুৰ্ক্ত থাকে।

 

দুহেজাৰ তেইশ চনৰ আৰম্ভণিতে, মানে জানুৱাৰী মাহত আমাৰ একমাত্ৰ ছোৱালী ফাজলীনৰ সুদূৰ দক্ষিণ কোৰিয়াৰ যুৱক জোনৰ লগত বিবাহ সম্পন্ন হৈ যায় ৷ বিয়াখন অসমৰ যোৰহাট চহৰত অনুষ্ঠিত হৈছিল। বিয়াৰ পিছত  তেওঁলোকৰ পৰিয়ালে দক্ষিণ কোৰিয়াৰ নাময়ানজুত থকা তেওঁলোকৰ ঘৰলৈ  আৰু তেওঁলোকৰ ল’ৰা-বোৱাৰীৰ শুভ আগমন উপলক্ষে সেই বছৰৰে জুন মাহত আয়োজন কৰা এক অভ্যৰ্থনা অনুষ্ঠানলৈ আমাক  নিমন্ত্ৰণ দিয়ে ৷ তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি সেই বৰ্ষৰ এঘাৰ জুন তাৰিখে আমি পৰিয়ালৰ আটাইকেইজন সদস্য মানে মই, মোৰ পৰিবাৰ  আৰু ল’ৰা ফাৰহাজক লৈ দক্ষিণ কোৰিয়া ভ্ৰমণলৈ বুলি ৰাওনা হওঁ ৷ সেইদিনাই দিল্লী এয়াৰপৰ্টত আমাৰ লগ লাগিলহি দিল্লীত কৰ্মৰত আমাৰ ভতিজা ছোৱালী মুনমী ৷

 

চুপচাপকৈ আমাৰ লগত আহি থকা ল’ৰা ফাৰহাজৰ মুখত বায়েক মুনমীক দেখাৰ লগে লগে হাঁহি বিৰিঙিল, আমাৰো মুনমীক দেখি বৰ ভাল লাগিল। আনহাতে নজনা ঠাই এখনলৈ তাইৰ সৈতে যাবলৈ পাই আমি কিছু পৰিমাণে সকাহো পালোঁ ৷

 

নিশা প্ৰায় ন-মান বজাত দিল্লীৰ পৰা আমাৰ ছিংগাপুৰ অভিমুখী বিমান যাত্ৰা আৰম্ভ হল ৷ ছিংগাপুৰ এয়াৰলাইনছৰ আতিথ্যত আমি অতিকে মুগ্ধ হলোঁ ৷ চালে চকুৰোৱা সপ্ৰতিভ ছিংগাপুৰী  এয়াৰহোষ্টেছ কেইগৰাকীয়েও সকলো যাত্ৰীৰে মন মুহি পেলালে ৷ পুৱতি নিশা আমি ছিংগাপুৰ পাই ছাংগী এয়াৰপৰ্টৰ লাউঞ্জতে জিৰণি ল’লোঁ ৷ ছিংগাপুৰৰ পৰা ছিউললৈ আমাৰ বিমান যাত্ৰা আবেলি তিনি বজাত আৰম্ভ হ'ব, সেয়ে হাতত কিছু সময় থকাৰ বাবে আমি ছিংগাৰপুৰ এয়াৰপৰ্টটোকে ওপৰে ওপৰে চাই ল’লোঁ ৷ বিশাল এয়াৰপৰ্টটো সঁচা অৰ্থত অতি সুন্দৰ আৰু চাবলগীয়া ৷ এয়াৰপৰ্টতে এগৰাকী থাই মহিলাই থাই-মাছাজ দি থকা দেখা পাই পৰিবাৰ চেমিমে সুযোগৰ সদ ব্যৱহাৰ কৰি তেওঁৰ দুয়োখন ভৰিতে থাই মাছাজো কৰাই ল’লে ৷

 

আবেলি তিনি বজাত ছিংগাপুৰৰ পৰা দক্ষিণ কোৰিয়ালৈ বুলি আমি উৰা মাৰিলোঁ ৷ বিমানৰ পৰা ছিংগাপুৰৰ আবেলিৰ বিনন্দীয়া দৃশ্য উপভোগ কৰি কৰি আমি দক্ষিণ কোৰিয়া অভিমুখে ৰাওনা হলোঁ ৷ প্ৰায় নিশা ন'মান বজাত দক্ষিণ কোৰিয়াৰ ইনচিঅন এয়াৰপোৰ্টত উপস্থিত হ’লোঁগৈ ৷  এয়াৰপৰ্টত আমাক আদৰিবলৈ আমাৰ জী-জোঁৱাইৰ লগতে আমাৰ কোৰিয়ান বিয়ৈ-বিয়নীয়ে বাস্কেটত ভালেমান খোৱাবস্তুৰ লগতে ডাঙৰ ফুলৰ তোৰা এটা লৈ ৰৈ আছিল ৷ তেখেতসকলৰ আপ্যায়নত আমি অতিকে আনন্দিত হলোঁ ৷ তেখেতসকলে আমাৰ বাবে এটা সুন্দৰ এয়াৰ বি এন্ড বি (Air B&B) ঠিক কৰি থৈছিল, জী-জোঁৱাইৰ সৈতে আমি তাতে থাকিবলৈ ললোঁ ৷

 

আমি থকা নাময়ানজু নামৰ ঠাইখন দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ পৰা প্ৰায় ত্ৰিশ কিলোমিটাৰ আঁতৰত অৱস্থিত এখন শান্ত সমাহিত ঠাই ৷ ছবিৰ দৰে সুন্দৰ, প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ আৰু তাৰ মাজে মাজে আধুনিক সুউচ্চ অট্টালিকাবোৰ ৷ চাৰিওফালে পৰিষ্কাৰ পৰিচ্ছন্ন এক নান্দনিক পৰিবেশ ৷

কোৰিয়াৰ মানুহবোৰ অতিকৈ কৰ্মপটু, পৰিশ্ৰমী আৰু নিজৰ কামলৈয়ে ব্যস্ত থাকে ৷ অবাবত সময় খৰচ কৰিবলৈ তেওঁলোকে বৰ টান পায় ৷ ৰাতি সোনকালে আহাৰ গ্ৰহণ, নিশা ন'টাৰ পৰা দশটাৰ ভিতৰত শোৱা আৰু ৰাতিপুৱা পাঁচটাৰ আগতে শোৱাৰ পৰা উঠা তেওঁলোকৰ অনিবাৰ্য নিয়ম ৷ সেয়ে হয়তো তেওঁলোকৰ আশীৰ উৰ্দ্ধৰ ব্যক্তিসকলো যথেষ্ট কৰ্মপটু আৰু জীৱনীশক্তি সম্পন্ন হয় ৷

 

দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউল আধুনিক প্ৰযুক্তিৰে ভৰপূৰ এখন লেখত ল’বলগীয়া ঠাই ৷ ঠাইখনৰ চাৰিওফালে আধুনিক জন-জীৱনৰ চলমান গতি পৰিলক্ষিত হয় ৷ বাটৰ কাষত বহি বেহা-বেপাৰ কৰা ফুটপাথৰ বেপাৰীও দেখিলোঁ, তাতো সকলোবোৰ পৰিপাটিকৈ আৰু সুন্দৰভাৱে সজোৱা পৰিলক্ষিত হৈছিল ৷

 

ৰাজধানী ছিউলত ১৯৮৮ চনত অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল ৷ খেল অনুস্থিত হোৱা ঠাইসমূহ, ষ্টেডিয়ামবোৰ চোৱাৰ সুবিধা পাই আমাৰ বৰ ভাল লাগিছিল।

 

আমি দক্ষিণ কোৰিয়াত থকা দিনকেইটাত চাবলৈ যোৱা কেইটামান উল্লেখযোগ্য ঠাইৰ বিৱৰণ তলত উল্লেখ কৰা হ’ল:

 

লটে ৱল্ড টাৱাৰ: পৃথিৱী বিখ্যাত এমিউজমেন্ট লটে ৱল্ড টাৱাৰ ইয়াতেই অৱস্থিত ৷ ১২৩টা ফ্ল'ৰ থকা লটে টাৱাৰত আমোদ প্ৰমোদ উপভোগ কৰিব পৰা প্ৰায় আটাইখিনি সা-সুবিধা আছে ৷ ইয়াত সৰু ল’ৰাছোৱালীৰ বাবে উপভোগ্য কোৰিয়ান ডিজনীলেণ্ড, একিউৰিয়াম, মেজিক আইলেণ্ড আদি আছে ৷ টাৱাৰৰ ভিতৰতে ৰেষ্টুৰেণ্ট, বিউটি-পাৰ্লাৰ, এমিউজমেন্ট পাৰ্ক, হোটেল আদিও আছে ৷ ইয়াৰ ওপৰৰ পৰা কোৰিয়াৰ হান নদীৰ বিনন্দীয়া দৃশ্যৰ লগতে সূৰ্য্যাস্তও উপভোগ কৰিব পাৰি ৷

 

নামছাং ছিউল টাৱাৰ: নামছাং টাৱাৰ নামছাং পাহাৰৰ ওপৰত অৱস্থিত এটা লেখত ল’বলগীয়া টুৰিষ্ট স্পট ৷ ইয়াৰ উচ্চতা প্ৰায় ২৩৬.৭ মিটাৰ ৷ ইয়ালৈ গ্লাছৰ গাড়ীৰ দ্বাৰা এছকেলেটৰেদি লৈ যোৱা হয় ৷ আকৌ ৰ'পৱে দি টাৱাৰ থকা নামছাং পাহাৰলৈ লৈ যোৱা হয় ৷ টাৱাৰৰ পৰা ৰাতিৰ ছিউলখন দেখিবলৈ বৰ ধুনীয়া হয় ৷ ইয়াৰ ভিতৰত থকা আটক ধুনীয়া মলটোৰ (Mall) পৰা ধুনীয়া ধুনীয়া সামগ্ৰী ক্ৰয় কৰিব পাৰি ৷

 

গেয়ং ব’ক গাং পেলেচ (Gyeong bok gung): ১৩৯৫ চনত জচিয়ন (Joseon) সাম্ৰাজ্যৰ ৰজাই আৰু ৰাজ পৰিয়ালে ব্যৱহাৰ কৰিবলৈ এই প্ৰসাদটো নিৰ্মাণ কৰিছিল ৷ সুন্দৰ কাৰুকাৰ্যখচিত প্ৰসাদটোক লৈ কোৰিয়াবাসীয়ে গৌৰৱ কৰে। বৰ্তমান এই প্ৰসাদটো দক্ষিণ কোৰিয়াৰ জাতীয় মিউজিয়াম হিচাবে ব্যৱহাৰ কৰা হয় ৷

 

হান নদী: কোৰিয়াৰ জনসাধাৰণৰ লগত ওতঃপ্ৰোতভাৱে জড়িত নদীখনেই হৈছে হান নদী ৷ কৃষিকৰ্মৰ লগতে হান নদীৰ মাছ কোৰিয়াৰ গ্ৰামীন জনজীৱনৰ মুখ্য ব্যৱসায়িক সম্বল ৷ ইয়াৰ পাৰতে পৰিয়ালবৰ্গৰ সৈতে গৈ পিকনিক আদিও খোৱা হয় ৷ বিখ্যাত কোৰিয়ান ‘ৰেমণ্ড নুডুলছ’ ইয়াৰ পাৰতে গ্ৰাহকৰ বাবে গৰম গৰমকৈ ৰান্ধি বিক্ৰী কৰা হয়। আমিও আমাৰ পৰিয়ালৰ সৈতে হান নদীৰ মাছ আৰু নুদুলছৰ সোৱাদ লৈছিলোঁ ৷

 

আমাৰ ছোৱালী ফাজলীন আৰু জোঁৱাই জোনৰ বিবাহ উপলক্ষে তেওঁলোকে ছিউলৰ বিখ্যাত  গাংনাম নামৰ ঠাইৰ  ফিয়েষ্টা নবেলিটি  হলত তেওঁলোকৰ পৰিয়াল আৰু বন্ধু-বান্ধবীৰ উপস্থিতিত এক জাকজমকীয়া অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছিল ৷ ইয়াত মোৰ পৰিবাৰ আৰু জোনৰ মাক, আমাৰ বিয়নীয়ে তেওঁলোকৰ জাতীয় পোছাক হানবুক পৰিধান কৰিছিল ৷ ফাজলীনে ব্ৰাইড গাউন পিন্ধিছিল ৷ পিছত খোৱা-বোৱা অনুষ্ঠানত পৰিবাৰে অসমীয়া মেখেলা-চাদৰ পিন্ধাৰ লগেলগে সকলোৱে তেওঁৰ পোছাকযোৰ ঘূৰি ঘূৰি চোৱা দেখি আমি সঁচাকৈয়ে বৰ ভাল পাইছিলোঁ, অসমীয়া হিচাবে গৌৰৱবোধ কৰিছিলোঁ ৷ উক্ত অনুষ্ঠানত আমি জোঁৱাইৰ পৰিয়ালৰ বয়োজ্যেষ্ঠ সকলক অসমৰ স্বাভিমান, ফুলাম গামোছাৰে সন্মান যাচিছিলোঁ ৷

 

জোঁৱাইৰ পৰিয়ালে আমাক কোৰিয়াৰ আটকধুনীয়া ‘জাৰা’ নামৰ আইলেণ্ড এটালৈ ফুৰাবলৈ লৈ গৈছিল। অসমৰ দৰে সেউজীয়া গছ-গছনিৰে ভৰপূৰ আইলেণ্ডটো আমাৰ বৰ চিনাকি চিনাকি লাগিছিল ৷ তাত মানুহ থকা ডাঙৰ ডাঙৰ কাৰাভানবোৰো দেখিছিলোঁ ৷ বিলাসী জাহাজেৰে তেওঁলোকে আমাক   ‘নামী’ নামৰ আন এটা আইলেণ্ডলৈও লৈ গৈছিল ৷ এই আইলেণ্ডটোতো গছ-গছনি, চৰাই চিৰিকতিৰে ভৰা এক সুন্দৰ পৰিবেশ দেখা পাইছিলোঁ৷

 

কোৰিয়ান নাগৰিক সকল ভীষণ কৰ্তব্য পৰায়ণ আৰু সময় সচেতন ৷ তেওঁলোকে অবাবত কেতিয়াও সময় নষ্ট নকৰে। কৰ্মৰ ক্ষেত্ৰত যে সৰু বৰ নাই, এই কথাষাৰ তেওঁলোকে পূৰাদমে বিশ্বাস কৰে ৷ এবাৰ এটা ঘটনাৰ কথা এইখিনিতে নকৈ নোৱাৰিছোঁ ….৷ আমি সকলোৱে ৰেস্তোঁৰা এখনলৈ খাবলৈ গৈছিলোঁ ৷ খোৱাৰ অন্তত দেখিলোঁ, কাগজৰ নেপকিন দুখনমান অসাৱধানবসতঃ টেবুল এখনৰ তলত পৰি আছিল ৷ লগে লগে আমাৰ লগত যোৱা জোঁৱাইৰ দেউতাকে টেবুলৰ তলৰ পৰা নেপকিন কেইখন গোটাই আনি ডাষ্টবিনত পেলাই থৈ আহিছিল ৷ এই ঘটনাটো তেখেতসকল ভাৰতলৈ ফুৰিবলৈ আহোঁতে দিল্লীত হোৱা ঘটনা ৷

 

দক্ষিণ কোৰিয়াত আমি প্ৰায় এঘাৰ দিনমান থাকি, বিভিন্ন ঠাই ফুৰি চাকি, অশেষ অভিজ্ঞতা আহৰণ কৰি, সুন্দৰ মন একোটাহঁত লৈ নিজ দেশলৈ উভতি আহিলোঁ। দঃ কোৰিয়াত থকা সুন্দৰ দিনকেইটা আমাৰ মানসপটত সদায়ে সজীৱ হৈ থাকিব।

 

***********


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page