সুৰেৰে গাঁথি থোৱা সেই গতি: স্মৃতি তৰ্পণ জয়ন্ত হাজৰিকালৈ
- জোনালী পাটোৱাৰী বৰা, গুৱাহাটী

- Oct 13
- 6 min read

জোনালী পাটোৱাৰী বৰা, গুৱাহাটী
সময় গতিশীল ৷ গতিশীল সময়ে প্ৰতি বছৰে অনাৰ দৰে এই বছৰো বোকোচাত টোপোলা বান্ধি লৈ আহিছে আহিনক, টোপোলাটোৰ বান্ধটো মোকলাই মেলি দিছেহি শুধ বগা শেৱালিৰ স্নিগ্ধ মৃদু সুবাস ৷ সৌ দূৰৈৰ পথাৰৰ, হালি-জালি নাচি থকা কহুঁৱা ডৰাই যেন আকাশে-বতাহে কিবা এক মহোৎসৱৰহে আগলি বতৰা দিছে ৷ এৰা! পূজা পূজা লাগিছে কেওপিনে এতিয়া ৷ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ভাষাৰে ক’বলৈ মন গৈছে, “আহিলে পূজাৰে বেলা, মিনি তই কৰিছ কি?/ সাজি-কাছি ... মেলালৈ ওলা” ৷ এক চিৰাচৰিত ঘটনা ...ষষ্ঠীত প্ৰতিষ্ঠা আৰু দশমীত বিসৰ্জন ৷ মাথোঁন পাঁচটা দিনৰ বাবে বছৰজোৰা উৎসাহ আৰু আয়োজন ৷ হেৰুৱাব লাগিবই বুলি জনাৰ পিছতো কিবা এটাক আদৰি লোৱাৰ দুৰ্বাৰ হেঁপাহ ৷ হেৰাই যোৱাৰ পিছতো আকৌ বিচাৰি পোৱাৰ নিশ্চিত সপোন ৷ পুনৰাগমনৰ অভয় বাণীৰে সিক্ত হৈ থকা সেই মৃন্ময় প্ৰতিমাৰ বিদায় পৰ্বও যেন এক কৰুণ-মধুৰ স্বপ্নাৱেশত বন্দী ৷
পিছে তেজ-মঙহৰ মানুহৰ বিদায় যেতিয়া “চিৰবিদায়” হয় ? আৰু সেই নিৰ্দিষ্ট মানুহজন যদিহে অগণন লোকৰ আশীষধন্য আৰু স্নেহভাজন হয়? আকৌ চণ্ডী স্তোত্ৰ ৰঞ্জিত পবিত্ৰ ষষ্ঠীতেই যদি সেই ”চিৰবিদায়” ৰ লগন মিলি যায় ?... পুনৰাগমনৰ শূন্য প্ৰতিশ্ৰুতিৰে লোৱা সেই চিৰবিদায়ে স্থান-কাল-পাত্ৰ নিৰ্বিশেষে যি দুঃখবোধৰ জন্ম দিয়ে, সি যেন সময়ৰ গতিত ধীৰে-ধীৰে মানুহৰ হৃদয়ৰ গভীৰতম তলিলৈ শিপাই এক নিগাজী আসন দখল কৰি লয় চিৰদিনলৈ ৷ আজিৰ পৰা আঠচল্লিশ বছৰৰ আগেয়ে আহিন মাহৰ দুৰ্গা পূজাৰ ষষ্ঠীৰ দিনটোতেই নৱগ্ৰহ শ্মশানত জ্বলন্ত অগ্নিশিখাৰ মাজত চিৰবিদায় লোৱা ছবছৰীয়া শিশু-পুত্ৰক পুতলা বন্দুক এটা আনি দিয়াৰ প্ৰতিশ্ৰুতিৰে ওলায় যোৱা মানুহজনক সুঁৱৰিছো আজি সেয়ে ৷ নিয়তিয়ে হয়তো বহুত আগেয়ে তেওঁৰ সেই শেষ পৰিণতি স্থিৰ কৰি থৈছিল আৰু সেইবাবেই তেওঁৰ কণ্ঠৰে নিগৰাইছিল এই গীতটি ....
“মই যি বাটেৰে ওলালো আজি
নাহোঁ উলটি
মই ন পথেৰে জ্যোতিৰে পখী
ফুৰো বিচাৰি ৷”
স্বনামধন্য পিতৃ-মাতৃৰ নৱম গৰাকী সন্তান আছিল তেওঁ ৷ জন্ম হৈছিল ১৯৪৩ ইং চনত, মংগলদৈত। নিচেই সৰু কালতেই টাইফয়ডত আক্ৰান্ত হৈছিল বাবে তিনি-চাৰি বছৰ বয়সলৈকে হেনো মাতকে ফুটা নাছিল তেওঁৰ ৷ কোনোবা শুভাকাংক্ষীৰ দিহামতে তেওঁৰ মাতৃদেৱীয়ে কামাখ্যা মন্দিৰত ক’লা বৰণৰ পঠা ছাগলী এটা বলি দিয়োয়াৰ কিছুদিনৰ পিছতেই এদিন ৰাতিপুৱা 'মা’ বুলি চিঞৰ মাৰি দিছিল তেওঁ ৷ সেয়াই আৰম্ভণি। দেৱী মা কামাখ্যাৰ আশীষধন্য সেই শিশুটিয়ে শৈশৱতে পিন্ধি থকা হাফপেণ্টটোৰ পকেটত সুমুৱাই লৈ য’ত-ত’ত, যেতিয়াই-তেতিয়াই বজাবলৈ আৰম্ভ কৰিলে মাউথ অৰ্গেন ৷ সৃষ্টি কৰিলে অপূৰ্ব সুৰৰ মায়াজাল ৷ সংগীত তেওঁৰ কণ্ঠত আছিল, সুৰ তেওঁৰ তেজত আছিল ৷ সমগ্ৰ পৃথিৱীখনেই সুৰৰ তৰংগৰে ভৰপূৰ বুলি তেওঁ বিশ্বাস কৰিছিল তেওঁ আমৃত্যু ৷ তেওঁ সূত্ৰগতভাবে সুৰ বিচাৰি নুফুৰিছিল কাহানিও ৷ কাৰণ তেওঁৰ গীতৰ সুৰবোৰ তেওঁৰেই মাজতে লুকাই আছিল ৷ আৰু নথকাৰ প্ৰশ্নই বা ক’ত? তেওঁ যে স্বয়ং জয়ন্ত হাজৰিকা ৷ তেওঁৰ পৰিয়ালৰ পৰিচয় নতুনকৈ দিয়াতোও নিস্প্ৰয়োজনীয় ৷
১৯৫২ চনত নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লৈ স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰা অগ্ৰজ ড° ভূপেন হাজৰিকাই আদৰৰ ভায়েক জয়ন্তক আনি দিছিল এখন গীটাৰ ৷ ন বছৰীয়া জয়ন্ততকৈ সেই গীটাৰখনৰ আকাৰ ডাঙৰ আছিল ৷ অথচ সেই গীটাৰখনত যি কোনো গীতৰ সুৰ তোলাত সিদ্ধহস্ত হ’বলৈ জয়ন্তই সময় লৈছিল মাত্ৰ এসপ্তাহ ৷ তাকে দেখি বংগৰ সলিল চৌধুৰী, হিমাংশু বিশ্বাস আদি শিল্পীয়ে “বাহ্ৰে সাংঘাতিক চেলেতো এ “ বুলি বিস্ময় প্ৰকাশ কৰিছিল ৷
জয়ন্ত হাজৰিকা নামৰ মহীৰূহটোৰ আদিমূল বীজটো যেন পচিবলৈ আৰম্ভ কৰিছিল গুৱাহাটীস্থ কামৰূপ একাডেমীৰ মজিয়াতে। ১৯৫৭-৫৮ চনত স্কুলীয়া ছাত্ৰাৱস্থাতে গীতিকাৰ সূৰ্য বৰাৰ “শান্তি, শান্তি, বিশ্বই বিচাৰে শান্তি” শীৰ্ষক গীতটো জয়ন্তই অকলেই তিনিখনকৈ হাৰমনিয়াম বজাই ( হাত আৰু ভৰি উভয়ৰ ব্যৱহাৰেৰে ) গাই শ্ৰোতা-দৰ্শকক চমক খুৱাইছিল ৷ আকৌ এবাৰ বৰ ভিনিহিয়েক দিলীপ শৰ্মাৰ পৰা শুদ্ধ উচ্চাৰণ আৰু নিখুঁত সুৰ শিকি লৈ ভাৰতৰ জাতীয় সংগীতটো ৪৫ চেকেণ্ডত সমবেত ৰূপে গাই ( নিজে নেতৃত্ব দি) সদৌ অসম ভিত্তিত হোৱা প্ৰতিযোগিতাত স্কুলখনলৈ প্ৰথম পুৰস্কাৰ কঢ়িয়াই আনিছিল ৷ স্কুলৰ সংগীত বিভাগৰ দায়িত্বত থকা কালতেই তেওঁ “কঁদোৰ বাহত জুই” শীৰ্ষক নাটক খনিৰ আৱহ সংগীত পৰিচালনা কৰিছিল ৷ আকৌ কামৰূপ একাডেমিৰে নৱম মানৰ ছাত্ৰ অৱস্থাতে সম্পূৰ্ণ নিজাকৈ সুৰ দিছিল “জেতুকা পাতেৰে দুহাত বুলালি” গীতটোত ৷
বৰ দ্ৰুত গতিত সময়বোৰ পাৰ হৈ গৈ আছিল ৷ বিধাতাই যেন অন্য এক সংযোগ ঘটাবলৈহে প্ৰস্তুতি চলাইছিল৷ সৰস্বতী ড° নিৰ্মলপ্ৰভা বৰদলৈ (গীতিকাৰ ৰূপে) আৰু জয়ন্ত হাজৰিকা ( সুৰকাৰ ৰূপে) ৰ পাৰস্পৰিক বুজাবুজিৰ মাজেৰে সৃষ্টি হ’ল অসমৰে শিল্প-সংস্কৃতিৰ বুৰঞ্জীত এক নজহা-নপমা সোণালী অধ্যয় ৷ ১৯৫৩ চনত ছাত্ৰীবাৰী মিচন হোষ্টেলত খ্ৰীষ্টমাছ উৎসৱত ১০ বছৰীয়া জয়ন্তই বায়েক সুদক্ষিণা শৰ্মাৰ লগত গৈ মাউথ আৰ্গেন বজাই নিৰ্মলপ্ৰভাৰ দৃষ্টি আকৰ্ষণ কৰিছিল প্ৰথম বাৰৰ বাবে ৷ ১৯৫৯-৬০ চনত উজান বজাৰৰ এখন বিয়াৰ ভোজ-ভাতৰ দিনা ৰভাতলীতে নিৰ্মলপ্ৰভাই কবি হীৰুদাৰ চিগাৰেটৰ পেকেটৰ বুকুত তিনি মিনিটতে লিখি উলিওৱা গীতৰ কথাত তিনি মিনিটতে সুৰ দি গাইছিল সোতৰ বছৰীয়া কিশোৰ জয়ন্তই......
“আগলি বতাহে কঁপালে কলৰে পাত
মন উৰণীয়া
হেৰালে বাটৰে আঁত ৷
বুজো কি নুবুজো চিনাকি কুলিৰে মাত
মেলো কি নেমেলো
আকাশে চুবলৈ হাত ৷”
১৯৬২ চনত এই গীতটোৰেই জয়ন্ত হাজৰিকাই ব্যৱসায়িক ৰেকৰ্ডিং (Commercial Recording) পথত প্ৰথম খোজ পেলাইছিল ৷ মায়াশ্ৰী বৰকটকীয়ে লিখা “ কৃষ্ণচূড়া ৰঙেৰে জীৱন এবাৰ ৰঙাই তোলা”...শীৰ্ষক গীতটো আছিল জয়ন্ত হাজৰিকাৰ স্বকীয় সুৰ আৰু কণ্ঠত প্ৰাণ পোৱা দ্বিতীয়টো ব্যৱসায়িক ৰেকৰ্ডিং কৰা গীত ৷
ড° দিলীপ কুমাৰ দত্তৰ ভাষাৰে ক’ব পাৰি যে নিৰ্মলপ্ৰভাৰ অনুভৱৰ সৰোবৰে নদী হ’ব পৰাকৈ বাৰে বাৰে গতি পালে জয়ন্তৰ সুৰত, জয়ন্তৰ কণ্ঠত ৷ এনেকৈয়ে সৃষ্টি হ’ল “বৰষা ঋতু ভালপাঁও মই, প্ৰতিশ্ৰুতি আছে তাত”, “গধূলি আহিল, তৰা জিলিকিল”, “আকৌ নতুন প্ৰভাত হ’ব”, “অলপ হাঁহি, অলপ অশ্ৰু”, “মোৰে দুচকুলে চোৱা ঘনে ঘনে”, “ধুমুহাত মই থৈ যাওঁ মোৰ গতি” আদি কালজয়ী গীতৰ ৷
১৯৭১ চনৰ চেপ্তেম্বৰ মাহৰ মাজভাগত গোৱালপাৰাৰ “লখিমী থিয়েটাৰ” (প্ৰযোজনা: নৃপেন বৰুৱা) ৰ সংগীতৰ দায়িত্ব কান্ধত তুলি লৈছিল তেতিয়াৰ বিখ্যাত “নিৰ্মলপ্ৰভা-জয়ন্তৰ”যুটিটোৱে ৷ মাত্ৰ দুটা দিনত থিয়েটাৰৰ শিবিৰতে নিৰ্মলপ্ৰভাই লিখি উলিয়াছিল ১১ টাকৈ গীত আৰু জয়ন্তই সেইবোৰক সুৰেৰে সজাইছিল ৷ “পাপী দেৱতা” নামৰ নাটকখনৰ বাবে নিৰ্মলপ্ৰভাই লেখা এই গীতটিত সুৰাৰোপ কৰাৰ সময়ত হেনো জয়ন্তৰ দুচকুৱেদি পানী নিগৰিছিল, " হে দয়াময় কৰিছোঁ কাকূতি চৰণে শৰণ দিয়া/মিছা মৰীচিকা যাতনাৰে পৰা শীঘ্ৰে মুকুতি দিয়া ৷”
জয়ন্ত হাজৰিকাই সৰ্বপ্ৰথম বাৰৰ বাবে নেপথ্য গীত গায় ককায়েক ড° ভূপেন হাজৰিকাৰ সংগীত সমৃদ্ধ কথাছবি “মনিৰাম দেৱান”ত ৷ বংগৰ কণ্ঠশিল্পী শ্যামল মিত্ৰৰ সৈতে গোৱা সেই বিশেষ গীতটো আছিল...
“ সোণাৰ বৰণ পাখিৰে তোৰ
হেঙুল বৰণ আঁখি
দেশেৰ পাখি বিদেশ গেলি
মোকে দিয়া ফাঁকি ৷”
তাৰ পিছত ১৯৬৪ চনত ড° হাজৰিকাৰ “লটিঘটি” ছবিত “জীৱনটো যদি অভিনয় হয়” শীৰ্ষক গীতটিত কণ্ঠদান কৰাৰ উপৰিও অভিনয়ো কৰিছিল বংগদেশৰ জীয়াৰী মনীষা সেনগুপ্তৰ লগত ৷ বোলছবি পৰ্দাত কৰা সেই অভিনয়ে বাস্তৱ ৰূপ পাইছিল ১৯৬৯ চনৰ ৪ আগষ্টৰ দিনাখন - জয়ন্ত হাজৰিকাই মনিষাক জীৱন-সংগী ৰূপে আদৰি লৈছিল ৷ কলকাতাৰ এক প্ৰতিষ্ঠিত সংগীতপ্ৰেমী পৰিয়ালৰ কন্যা মনীষাই স্বামীৰ প্ৰতিটো পদক্ষেপতে প্ৰধান প্ৰেৰণা আৰু সহায় হৈ ৰৈছিল অহৰহ ৷ বিয়াৰ বছৰটোতেই জয়ন্ত হাজৰিকাই “চিকমিক বিজুলী” ছবিত সহকাৰী সংগীত পৰিচালক ৰূপে কাম কৰাৰ উপৰিও “মৃত্যু সাৱটি সমাধি তলিত” শীৰ্ষক গীতটোত কণ্ঠদান কৰাৰ লগতে অভিনয়ো কৰিছিল ৷ সেই অভিনয়েই বাস্তৱত সঁচা হৈ ধৰা দিছিল আঠ বছৰৰ পিছত ৷
১৯৭৩ চনত ত্ৰিশ বছৰ বয়সত জয়ন্ত হাজৰিকাই স্বাধীনভাবে সংগীত পৰিচালনা কৰে অতুল বৰদলৈৰ দ্বাৰা পৰিচালিত বোলছবি “বনৰীয়া ফুল” (‘দেখা নাই, আগে এনে ছবি দেখা নাই', 'তোমাৰ মৰমে মোৰ, দেহত তুলিলে ঢৌ', ’এ ফুল ফুলিবৰ বতৰে আহিল’ আদি জনপ্ৰিয় গীতেৰে সমৃদ্ধ) বোলছবিত ৷ পৰবৰ্তী কালত তেওঁ ডেউতি বৰুৱাৰ “বৃষ্টি”, ভবেন দাসৰ “ধৰ্মকাই”, ইন্দুকল্প হাজৰিকাৰ “নিয়তি” আৰু প্ৰবীৰ মিশ্ৰৰ “নতুন আশা”ৰ সংগীত পৰিচালনা কৰে ৷
অগ্ৰজ ভাতৃ ড° হাজৰিকাৰ প্ৰেৰণাৰে তথা নিজ প্ৰতিভাৰে - নতুনত্বৰে, পুৰুষোচিত গাম্ভীৰ্যতা আৰু দৃশ আত্মবিশ্বাসত বলিয়ান হৈ ১৯৭২ চনৰ ফেব্ৰুৱাৰী মাহত জয়ন্ত হাজৰিকাই ককায়েকৰ লগত বাৰ্লিনৰ “ইন্টাৰনেচনেল পলিটিকেল চংচ কন্ফাৰেন্স” আৰু জাৰ্মানীত “বিশ্ব যুৱ মহোৎসৱত” অংশগ্ৰহণ কৰি প্ৰশংসাধন্য হৈছিল ৷ এই অনুষ্ঠানতে ককায়েকে ১৯৫৬ চনতে ৰাচিয়াৰ ইউক্ৰেইনৰ পৰা আনি দিয়া ডোম্বাটো তেওঁ ইমান সুন্দৰকৈ বজাইছিল যে তাৰ Ministry of culture ৰ ফালৰ পৰা তেওঁক জাৰ্মানীৰ এশ বছৰীয়া পুৰণি বাদ্যযন্ত্ৰ এটা উপহাৰ হিচাপে দিছিল ৷
অসাধাৰণ খিয়ালি মন এটাৰ লগতে বহল হৃদয় এখনৰ গৰাকী জয়ন্ত হাজৰিকাই ১৯৭৭ চনৰ ৬ জুনৰ শেষ নিশা গোলাঘাটৰ মুনীন বৰুৱাৰ বাসগৃহত “সুৰবাহিনী”ৰ প্ৰতিষ্ঠা কৰে বানপীড়িত জনসাধাৰণৰ সাহায্যাৰ্থে ৷ ৮ জুন, ১৯৭৭ চনৰ পুৱাৰে পৰা চলন্ত ট্ৰাক এখনৰ পিছফালটো মঞ্চৰ দৰে ব্যৱহাৰ কৰি লগত শিৱ ঠাকুৰ, মুনীন বৰুৱা, মঞ্জুলা বৰুৱা, তপোব্ৰত বৰুৱা, মনীষা হাজৰিকা আদিক লৈ জয়ন্ত হাজৰিকাই শুভাৰম্ভ কৰে “সুৰবাহিনী”ৰ জয়যাত্ৰা ৷ সন্তক পালন আৰু দুস্কৃতিক নিধনৰ বাণী সৰোগত কৰি তেওঁ গাইছিল….
" হাঁহিছ কিয়নো হাঁহি কংসৰ
আজি তোকেই বধিবলৈ মাৰি যাওঁ ডাৰ...''
অভূতপূৰ্ব সঁহাৰি আহিছিল “সুৰবাহিনী“ লৈ সৰ্বসাধাৰণ ৰাইজৰ পৰা ৷ দুমাহৰ পিছত অৰ্থাৎ আগষ্টৰ মাজ ভাগত ডিব্ৰুগড়ৰ বাটে-পথে সেই চলন্ত ট্ৰাকৰ পিঠিত উঠিয়েই গাইছিল ( উদ্দেশ্য আছিল মঘাই ওজাক আৰ্থিক সাহায্য প্ৰদান কৰা) :
“এতিয়াও ৰাতি নাই
বজাবলৈ বাকী আছে
মেঘে গজা হাতখনি
মঘাই ওজাই
ৰজন জনাই.....”
সুৰেৰে, কণ্ঠৰে উজনি-নামনি চলাথ কৰি সমগ্ৰ অসমতে হাঁহি হাঁহি জীৱন বুটলিবলৈ প্ৰয়াস কৰা, “অট’ৰিক্সা চলাও” বুলি কৈ শ্ৰমক সন্মান জনোৱা, প্ৰচণ্ড জীৱন বিলাসী, নতুন পোচাক আৰু বতৰৰ যিকোনো ফলৰ প্ৰতি আগ্ৰহী, কপালত পৰি থকা চুলিকোচা, সুন্দৰ চকুযুৰি আৰু সুউন্নত নাকেৰে, সুগঢ়ী মুখখনেৰে
“মই নাথাকিলে সাঁজৰ তৰাই মোৰেই কথাকে ক’ব” বুলি গীত গোৱা মানুহজন হঠাতে এদিন “মৃত্যু সাবটি সমাধি তলিত” শুই থাকিলগৈ ৷ সেয়া ১৯৭৭ চনৰ ১৫ অক্টোবৰৰ কথা ৷
... তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হোৱা প্ৰায় আঠচল্লিশ বছৰেই হ’বৰ হ’লহি ৷ মনীষা হাজৰিকা আজিও অসমতে আছে৷ পুত্ৰ-বোৱাৰীক দুফালে লৈ, গীত গাই গাই, গীত সংৰক্ষণ কৰি, গীতৰ সভা পাতি, জয়ন্ত হাজৰিকাক জীয়াই ৰাখিছে ৷ ... সাঁজৰ তৰাটিও সদায়ে ওলায়...প্ৰতিশ্ৰুতি থকা কাৰণে তেওঁ ভালপোৱা বৰ্ষা ঋতুও বছৰি আহে, তেওঁহে চাগে ক’ৰবাত আকাশে-বতাহে ৰঙা গোলাপৰ সুবাস হৈ উৰি ৰৈছে ৷
🌷🌷🌷🌷🌷





Comments