অব্যক্ত অনুভৱ
- তন্ময় কলিতা, গুৱাহাটী
- 7 days ago
- 2 min read

তন্ময় কলিতা, গুৱাহাটী
"তাক ইমান আপোন ভাবিছিলোঁ, ইমান বিশ্বাস কৰিছিলোঁ, সিও এতিয়া আঁতৰি গ'ল।"
এনেকৈয়ে আঁতৰি যোৱা মানুহৰ কথা ভাবি আপোনাৰ উদং বুকুৱে কেতিয়াবা হঠাতেই হাহাকাৰ কৰি উঠে নহয়নে? তেতিয়া মনটো কেনেকুৱা লাগে কাকো বুজাব নোৱাৰা হয়। অস্থিৰ হৈ পৰে আপুনি। ক্ষণিকতে আপুনি ভাবে, সি হয়তো মোক পাহৰিলেই। তাৰ চাগৈ মোলৈ মনতেই নপৰে। জানেনে, আপুনি তাক ভুল বুজি আছে। তাৰ মনৰ বতৰা আপুনিতো পোৱা নাই।
শুনক, আপোনাৰ দৰে তাৰ অন্তৰেও কেতিয়াবা হঠাতেই কান্দি উঠে। সিও ভাবে, আপোনালোকৰ সেই ভাললগা সময়বোৰ, স্মৃতিবোৰ এতিয়া সকলো মাথোঁ সোঁৱৰণী। তাৰো বৰকৈ মনত পৰে আপোনালৈ। কিন্তু, কি জানে! এই জেদ আৰু অভিমানৰ বাবেই আপোনালোক দুয়ো দুয়োৰে পৰা বহু দূৰত ৰৈ যায়। ফোন এটা কৰিম বুলিও এতিয়া কৰিব নোৱাৰে, মেছেজ এটা দিম বুলিও দিব নোৱাৰে। তথাপি, দুয়ো দুয়োকে মনত পেলায়। এসময়ত আপুনি আপোন বুলি ভবা সি আপুনি যদি বিচাৰে তেন্তে এতিয়াও এখন হাত আগুৱাই দিব! এই হাত সহায়ৰ, এই হাত সকাহৰ। সহজেই হাত এখন আগুৱাই দিবলৈও আধাপোৰা কলিজাত সাহস আৰু ভালপোৱা থাকিব লাগিব। আমি বেয়া বুলি ভবা সকলো মানুহ বেয়া নহয়। সময় আৰু কঠিন পৰিস্থিতিয়েও আচলতে আমাক বহুতৰ পৰা দূৰ কৰে। এই দূৰত্ব অতিক্ৰম কৰি এজনে আনজনৰ কাষলৈ আমি আগুৱাই যাব নোৱাৰোনে? আগতেও এদিন লিখিছোঁ, প্ৰেমহীনতাৰ পৃথিৱীত কেনেকৈ জীয়াব মানুহ!
দূৰত্ব আমিয়েই দূৰ কৰিব লাগিব। আপোনাৰ জানো তাক ক'বলৈ মন নাযায়; “ আহা, সোণোৱালী পথাৰত ভালপোৱা সানি জীৱনটো একেলগে পাৰ কৰি দিওঁ। বহুদিন ধৰি চোতালত পৰি ৰোৱা হেঁপাহৰ চিলাখনক আজি উৰুৱাই দিওঁ মুক্ত আকাশত।“
সময়ক অলপ সময়ৰ বৰ দৰকাৰ। আপুনি হঠাতেই লোৱা সিদ্ধান্ত এটা পিছলৈ সলনি হ'বও পাৰে। সেইবাবে কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে অলপ সময় অন্ততঃ গমি চাব। এটা কথা কৈ থওঁ, কাঁইটৰ মাজতেই গোলাপ ফুলে। দুখৰ মাজতো সুখৰ হাচনাহানাই হাঁহে। একান্ত বিশ্বাস আছে, নীলা গধূলি এটাত আপুনি আকৌ তাৰ সতে ভালপোৱাৰ আলাপ কৰিব, বন্ধুত্বৰ সুৰীয়া গীত এটাও গাব। তাহানিৰ আপোনজনক পুনৰ কাষত বহুৱাই ক'ব- "আমি এতিয়াৰ পৰা এজনে আনজনৰ কাষতেই থাকিম। এই সম্পৰ্ক আজীৱন জীয়াই ৰাখিম।"
আপোনাক দিবলৈ মোৰ হাতত একো নাথাকিলেও, কি আছে জানেনে, অন্তৰৰ এধানি অকৃত্ৰিম শুভেচ্ছা আৰু আপোনালোক দুয়োৰে ভালৰ বাবে ঈশ্বৰৰ ওচৰত দুহাতৰ আকুল প্ৰাৰ্থনা।
শেষত, লেখাটো পঢ়ি থকা আপোনাক কৈছোঁ, আপোনাৰো ভাল হ'ব। কেতিয়াবা ভাগৰি পৰিলে, মন গ'লে এই লেখাটো উলিয়াই ল'ব। ইয়াৰ এটা শব্দইয়ো যদি আপোনাক অলপমান সাহস দিয়ে, মই বৰ সুখী হ'ম। বাকী আৰু কি! আপোনাৰ জীৱন। আপোনাৰ মতেই উদযাপন কৰক। সকলোৰে জীৱনবোৰ জীৱন হৈ থাকক। মানুহবোৰ মানুহৰ মাজত থাকক। এদিন গণকন্ঠ জুবিন গাৰ্গৰ গীতৰ ভাষাৰেই আপুনি নিজেই নিজক কৈ উঠিব, "মই ভাগৰা নাই, জীৱন হেৰুৱা নাই।"
🤝🏻🤝🏻🤝🏻🤝🏻🤝🏻
Comments