অশ্ৰু অঞ্জলিৰে শ্ৰদ্ধাঞ্জলি: জুবিন দালৈ
- চানিয়া স্নিগ্ধা মুকতাৰ, যোৰহাট

- Oct 13
- 1 min read

চানিয়া স্নিগ্ধা মুকতাৰ, সপ্তম শ্ৰেণী
যোৰহাট বাঘচোং ড'নবস্ক উ: মা: বিদ্যালয়
আজি যেন সকলো নীৰৱ-নিস্তব্ধ অৰ্থহীন!
তুমিয়েই কৈছিলা, "ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন।"
সঁচাই বহু ধুমুহাৰ সতে খেলিলা তুমি!
আজি প্ৰতিটো নিশাই ৰৈ ৰৈ বিনাইছে তোমাক লৈ...
তুমিয়েই গাইছিলা, "মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে"
আৰু আজি বহু মানুহক দুখৰ সাগৰত পেলাই
তুমি আঁতৰি গ'লা।
সাগৰ তলিত শুলা তুমি চিৰদিনৰ বাবে
'টিয়েৰচ ইন হেভেন' আজি যেন জংকীয়ে আনন্দত চকুলো টুকিছে তোমাক দেখি,
এতিয়া তুমি আকৌ নিৰলে শুব পাৰিবা মাতৃৰ কোলাত,
আলফুলে গীত গাই গাই মায়ে শুৱাব তোমাক চিৰ শান্তিত।
কিন্তু আজি যে দিশে দিশে কেৱল মৃত্যুৰ গান,
তুমি নথকা অনুভৱে দহিছে আমাৰ সকলোকে,
তুমি ভালপোৱা বাঁহীটিও আজি দুখতে ম্ৰিয়মান!
জুবিন দা, আজি তুমি যদিও গ'লাগৈ কায়িকভাৱে
সমাজলৈ এৰি গ'লা মানৱতাৰ সঁচা অনুভৱ...।
এখন সঁচা মানুহৰ সমাজ-
জাতি-ধৰ্ম, উচ্চ-নীচ, বৰ্ণবিহীন....
তথাপিও আজি যেন,
সকলো নীৰৱ-নিস্তব্ধ, কিবা অৰ্থহীন!!
^^^^^^^^^^^





Comments