বসন্ত

Apr 12
1 min read

তৃষা দাস, দশম শ্ৰেণী, প্ৰাগজ্যোতিষ
আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী, গুৱাহাটী
বসন্ত আহিছে কুলিয়ে বিনাইছে
গছেও সলাইছে পাত
বৰষুণৰ পানী ছটিয়াই দিছে
বসুমতী আইৰ কোলাত।
প্ৰকৃতিৰ ৰাণী সঁজাল হৈ উঠিছে
ফুলবোৰে দোলিছে হাঁহিত
ভোমোৰা পখিলাই ফুলে ফুলে পৰি
চুমা দিছে ফুলৰে পাহিত।
বাদলৰ ধ্বনি শুনি কাচনমতী ময়ূৰে
ধৰিছে পেখম বনত
পাহাৰৰ জুৰিয়ে অমিয় সুৰেৰে
মাতিছে হৰিণাক পলকত।
নদীৰ পাৰত কহুঁৱাই নাচিছে
পশ্চিমৰ মলয়াৰ চোঁৱৰত
বনৰ পক্ষীয়ে ডালে ডালে পৰি
নাচিছে মনৰ উলাহত।
ঋতুৰাজ বসন্ত প্ৰকৃতিৰ আনন্দ
প্ৰতিবছৰে আহে ব’হাগত
অনুভৱ, অনুভূতি মাথোঁ ৰৈ যায়
প্ৰতিজনৰ হৃদয়ত।।
🌱🍃🍀🌴🌿☘️🌱



Comments