top of page
  • Black Facebook Icon
  • Black Instagram Icon

প্লাষ্টিক প্ৰদূষণ

  • Writer: স্বস্তিকা তাঁতী, অষ্টম মান,কেশৱ চন্দ্ৰ হা: মে: স্কুল,সৰুপথাৰ
    স্বস্তিকা তাঁতী, অষ্টম মান,কেশৱ চন্দ্ৰ হা: মে: স্কুল,সৰুপথাৰ
  • Oct 13
  • 1 min read
ree

স্বস্তিকা তাঁতী, অষ্টম শ্ৰেণী, কেশৱ চন্দ্ৰ হাজৰিকা

মেমৰিয়েল স্কুল, সৰুপথাৰ, গোলাঘাট

 

মই প্ৰকৃতিক বৰ ভাল পাঁও ৷ প্ৰকৃতিৰ গছ-বন, চৰাই-চিৰিকতি, জীৱ-জন্তু মোৰ অতিকে প্ৰিয় ৷ হয়তো সেইকাৰণে মই হেনো সৰুতে গছৰ পাত আৰু ফুলৰ লগত আপোনভাৱে কথা পাতি বহুসময় কটাইছিলোঁ ৷  মই ভাবোঁ আমাৰ চাৰিওফালৰ প্ৰকৃতিখন সদায়ে সেউজীয়া আৰু সুৰক্ষিত হৈ থাকক ৷


আমি ব্যৱহাৰ কৰা প্লাষ্টিকবোৰ
আমি ব্যৱহাৰ কৰা প্লাষ্টিকবোৰ

কিন্তু বৰ্তমান সময়ত বিভিন্ন ধৰণৰ প্ৰদূষণে প্ৰকৃতি তথা সমগ্ৰ পৃথিৱীকে বিস্তৰ ক্ষতি সাধন কৰিছে৷ তাৰ ভিতৰত প্লাষ্টিক প্ৰদূষণ অন্যতম ৷ সাম্প্ৰতিক সময়ত প্লাষ্টিক প্ৰদূষণে সমগ্ৰ বিশ্বকে গ্ৰাস কৰিছে বুলিব পাৰি৷ প্লাষ্টিকৰ ভয়াবহতা মাটি,পানী, বায়ু সকলোতে বৃদ্ধি পাব ধৰিছে ৷ প্লাষ্টিকৰ আৱিষ্কাৰ বেলজিয়ামৰ ৰাসায়নবিদ তথা এজন সফল ব্যৱসায়ী লিও বেক্ল্যাণ্ডে ১৯০৭ চনত প্ৰথম সম্পূৰ্ণ সিন্থেটিক প্লাষ্টিকৰ 'বেকেলাইট' আৱিষ্কাৰ কৰে, যাক আধুনিক প্লাষ্টিকৰ পথ প্ৰদৰ্শক বুলি কোৱা হয়৷ প্লাষ্টিক হ’ল মানুহে কৃত্ৰিমভাৱে প্ৰস্তুত কৰা এবিধ নমনীয় পদাৰ্থ ৷ ইয়াৰ নিৰ্মাণ অতি কম খৰচত, উৎপাদনৰ সহজতা, বহুমুখীতা আৰু পানীত সহজে নষ্ট নোহোৱা গুণৰ বাবে বহু ক্ষেত্ৰত প্লাষ্টিক ব্যৱহাৰ কৰা হয় ৷ সহজতে বেয়া নোহোৱা আৰু পানী প্ৰতিৰোধী হোৱাৰ বাবে সকলো পৰিৱেশতে ইয়াক ব্যৱহাৰ কৰিব পৰা যায় ৷


কিন্তু সাম্প্ৰতিক সময়ত এই সামগ্ৰীবিধ প্ৰদূষণৰ মুখ্য কাৰণ ৰূপে চিহ্নিত হৈছে ৷ প্লাষ্টিকৰ সামগ্ৰী মাটিত বহু দিনলৈ পেলাই থ’লেও পচি নাযায়৷ ফলত উদ্ভিদৰ বৃদ্ধি আৰু বিকাশত প্ৰভাৱ পৰে ৷  প্লাষ্টিক পানীত পেলাই থ’লেও পচি নাযায় ৷ মানুহৰ অসাৱধানতাৰ ফলত প্লাষ্টিকৰ সামগ্ৰীবোৰ পানীত পেলালে সেইবোৰ নদীয়ে সাগৰ-মহাসাগৰলৈ লৈ যায় আৰু পানীত আৱৰ্জনাৰ সৃষ্টি কৰে৷ ফলত জলচৰ জীৱবোৰ মৃত্যুৰ মুখত পৰিছে ৷ আটাইতকৈ ভয়লগা কথাটো হৈছে প্ৰশান্ত মহাসাগৰত এই পেলনীয়া প্লাষ্টিকৰ সামগ্ৰীসমূহ উপঙি আমাৰ ভাৰতবৰ্ষতকৈও বৃহৎ এলেকা এটাৰ সৃষ্টি কৰিছে হেনো ৷

আনহাতে আকৌ প্লাষ্টিকৰ সামগ্ৰীবোৰ দহন কৰিলেও তাৰ পৰা যি গেছ ওলাই ই বায়ু প্ৰদূষণৰ সৃষ্টি কৰে ৷ যিটো আমাৰ শৰীৰৰ বাবে অতি ক্ষতিকাৰক ৷

প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰক  🙏🙏🙏🙏
প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰক 🙏🙏🙏🙏

বৰ্তমান বহু দেশে প্লাষ্টিক প্ৰদূষণৰ ভয়াৱহতালৈ লক্ষ্য কৰি ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে ৷ গতিকে আমিও প্লাষ্টিকৰ সমগ্ৰীসমূহ ব্যৱহাৰ কৰি য’তে ত’তে পেলাই নিদি ইয়াক পৃথকীকৰণ পদ্ধতিৰে পুনৰ ব্যৱহাৰ কৰিব পাৰি নেকি তালৈ লক্ষ্য ৰখাতো অতি প্ৰয়োজন ৷ প্লাষ্টিকৰ এই ভয়াৱহতালৈ লক্ষ্য ৰাখি আমিও প্ৰাকৃতিক ভাৱে পোৱা সামগ্ৰীসমূহ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগে ৷ এনে কৰিলে আমাৰ চৌপাশৰ পৰিৱেশৰ লগতে আমাৰ প্ৰকৃতিও প্ৰদূষণমুক্ত কৰি ৰাখিব পাৰিম ৷ আমি সকলোৱে এইক্ষেত্ৰত সজাগ হ’লেহে আমাৰ মাতৃ সদৃশ প্ৰকৃতি সদায়ে সেউজীয়া আৰু সুৰক্ষিত হৈ থাকিব ৷ আমি সদায়ে এটা কথা মনত ৰাখিব লাগিব যে যেতিয়ালৈকে প্ৰকৃতি সুৰক্ষিত হৈ থাকিব, তেতিয়ালৈকে আমাৰ মানৱজাতিকে ধৰি সকলো জীৱ-জন্তু, গছ-বিৰিষ জীয়াই থাকিব।


এইবোৰৰ অবিহনে পৃথিবীখনৰ কল্পনা কৰিলে, ভয়তে শিয়ৰি উঠা যায়, নহয়নে? সেয়ে আমি সকলোৱে প্লাষ্টিকৰ বস্তু, বিশেষকৈ বজাৰ-সমাৰ কৰোঁতে ব্যৱহাৰ কৰা প্লাষ্টিকৰ মোনাৰ ব্যৱহাৰ আজিৰ পৰাই বন্ধ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হওঁ আহক। তাৰসলনি আমি কাপোৰেৰে তৈয়াৰী মোনা ব্যৱহাৰ কৰিমহঁক।


 🌳🌳🌳🌳🌳🌳🌳🌳

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page