top of page
  • Black Facebook Icon
  • Black Instagram Icon

সুধাকণ্ঠ

  • Writer: নাং ময়ুৰী বৰগোহাঁই,দশম মান, জয়মতী উ:মা: বিদ্যালয়, মাদুৰি
    নাং ময়ুৰী বৰগোহাঁই,দশম মান, জয়মতী উ:মা: বিদ্যালয়, মাদুৰি
  • Oct 13, 2025
  • 1 min read

নাং ময়ূৰী বৰগোহাঁই, দশম শ্ৰেণী

জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়,মাদুৰি, শিৱসাগৰ

 

 

বৰলুইতৰ পাৰৰ কলা-সংস্কৃতিৰ,

জগতত নৱ-যুগৰ এক নতুন দিগন্ত,

উন্মোচিত কৰা তেওঁ সুধাকণ্ঠ

ড° ভূপেন হাজৰিকা ।

 

লুইতৰ বুকুত নৃত্য আন্দোলিত

এটি কণ্ঠ, এটি সত্ত্বা, 

এক অপাৰ্থিৱ জীৱন্ত শক্তি 

তেওঁ ড° ভূপেন হাজৰিকা ।

এক অপৰাজেয় 

অপ্ৰতিদ্বন্দ্বী সৈনিক শিল্পী ।

 

লুইতৰ পৰা মিচিছিপি 

হৈ ভগ্লাৰ ৰূপ চাই 

অতোৱাৰ পৰা অষ্ট্ৰিয়া হৈ

পেৰিছ সাৱটি,

ইলোৰাৰ পৰা পুৰণি ৰহণ

চিকাগোলে কঢ়িয়াই,

গালিবৰ শ্বেৰ দুচম্বেৰ

মীনাৰত শুনা পাই

মাৰ্কটুৱেনৰ সমাধিত বহি

গৰ্কীৰ কথা কোৱা,

তেওঁ ভূপেন হাজৰিকা । 

 

গীতৰ চিৰন্তন প্ৰাণস্পন্দন হৈ,

সুৰৰ শুদ্ধতাৰে নিৰ্মিত শাশ্বত 

জ্যোতিৰ এক অমৰ প্ৰতিবিম্ব হৈ,

লেখনিৰ অনন্ত চেতনাৰে উজ্জ্বলিত 

এক ঐশ্বৰিক শক্তি হৈ মানৱ অন্তৰীক্ষত 

মুক্তিৰ মহাতত্ত্বৰ প্ৰদীপ জ্বলাই 

গাই গ'ল মানৱতাৰ জয়গান ।

 

সুন্দৰৰ ন-দিগন্তৰ সন্ধানত

'জিৰণিবিহীন উৰণীয়া মৌ'ৰ দৰে

আজীৱন লৱৰি ফুৰিল,

ধৰাৰ দিহিঙে-দিপাঙে ।

মহিমামণ্ডিত কৰি তুলিলে,

অসমৰ বৰ্ণাঢ্য সংস্কৃতিক ।

 

পৰ্বতে-পাহাৰে

বৰাক-ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে,

আজি তেওঁৰ গানৰ লহৰ ।

আকাশে-বতাহে গুঞ্জৰিত,

যাৰ গানৰ গুঞ্জন । 

 

জাতীয় জীৱনৰ চিৰন্তন সত্তাত আজি,

তেওঁ অনুপ্ৰেৰণাৰ এক অফুৰন্ত উৎস ।

দিগন্তৰ পম খেদি আস্থাহীনতাৰ বিপৰীতে 

প্ৰশস্তিৰ গীত গোৱা তেওঁ এক অক্লান্ত পথিক ।

অবিস্মৰণীয় জীৱনাদৰ্শৰ এক জীৱন্ত প্ৰতিমূৰ্ত্তি ।

 

🙏🙏🙏🙏🙏🙏


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page