সেউজীয়া বিকল্প - উন্নয়ন যথোপযুক্ত
- মন্দিতা শৰ্মা, গুৱাহাটী

- Oct 13
- 1 min read

মন্দিতা শৰ্মা, গুৱাহাটী
সপোন খেদা দুচকুত মাথোঁ উন্নয়ন অঞ্জন।
বিৰিখৰ নিৰ্মল ছাঁত লভে জীৱনে জীয়ন।
পৰ্বত-পাহাৰ বিদাৰি গঢ়ি উঠে একো একোটা ৰাস্তা,
জলাশয় নাশি অট্টালিকা আকাশস্পৰ্শা!
হেৰাই যোৱাৰ বেদনাত উচুপি উঠে গছে,
জীয়াই থকাৰ তাড়ণাত ৰাউচি জোৰে গছে!
সকলোকে লাগে উন্নয়ন--
প্ৰদুষণমুক্ত বিশ্ব যদিহে কাম্য
বৃক্ষাভূষণ পিন্ধোৱা ধৰণীক যথাসাধ্য।
ক্ষয়িষ্ণু নহওক বন-বনান্ত,
নদ-নদী, পাহাৰ-কন্দৰ
প্ৰকৃতিহন্তা উন্নয়ন,
কদাপি নহয় সঁচা অৰ্থত অগ্ৰসৰ,
নিশ্চিত এক শ্মশান দৰবাৰ।
উন্নয়ন লাগে; লাগিবই।
সেয়া হওক জনকল্যাণময়,
উন্নয়ন হওক বিজ্ঞানসন্মত,
প্রকৃতি তুষ্ট,
হৃদয়সম্মত।
সেউজীয়া ধৰা হওক বিকল্প,
তেহে সাৰ্থক উন্নয়ন যথোপযুক্ত।
উন্নয়নৰ আধুনিকতাত,
প্ৰকৃতিক নকৰিবা ৰুষ্ট —
কংক্ৰিটৰ পৃথিৱীতো থাকক গছ এটি,
প্ৰতি প্ৰকল্পই গঢ়ক হৃদয়ৰ ভেটি।
প্ৰকৃতি জীৱনৰ মূল,
ভৱিষ্যতৰ বীজতূল।
🌳🌳🌳🌳🌳





Comments