মহান বিজ্ঞানীৰ পৰিচয় (৪)
- স্বপ্নাশ্ৰী এচ. মেধি, গোলাঘাট, অসম

- Oct 13
- 3 min read

স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল,
আশাকৰোঁ তোমালোক সকলোৱে কুশলে আছা ৷ গৰমৰ বন্ধ খোলাৰ পাছত তোমালোকৰ বেছি সংখ্যকৰে বিদ্যালয়ত ছয়মাহিলী পৰীক্ষাবোৰো শেষ হ’ল ৷ ইয়াৰ মাজতে আমাৰ আটাইৰে অতিকৈ মৰমৰ “জুবিন দা” আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈ আমাক সকলোকে বৰ মৰ্মাহত কৰিলে ৷ সেয়ে এইবাৰ দুৰ্গা পূজাৰ ৰং-ৰহইচবোৰো ম্লান পৰিল, নহয় নে ! আকৌ তোমালোকৰ প্ৰিয় পোহৰৰ উৎসৱ দীপাৱলীও আহি আছে....৷ বাৰু তাৰ মাজতে মই তোমালোকক ক’বলৈ লৈছোঁ অসমৰ এজন প্ৰখ্যাত অভিযন্তা, উদ্ভাৱক, বিজ্ঞানীৰ কথা যিজনে তেখেতৰ মেধা, বুদ্ধিমত্তা আৰু প্ৰজ্ঞাৰ সাধনাৰে কেৱল মাত্ৰ অসমৰে নহয় দেশ তথা বিদেশতো নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ সেই মহান ব্যক্তিজনৰ নাম কি জানানে? তেখেত হৈছে শ্ৰীযুত উদ্ধৱ ভৰালী। মই আজি তোমালোকক তেখেতৰ বিষয়ে কিছু কথা জনাব বিচাৰিছোঁ, তোমালোকে মন দি পঢ়িবা দেই।
উদ্ধৱ ভৰালীদেৱৰ জন্ম হৈছিল ১৯৬২ চনৰ ৭ এপ্ৰিলত লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰত ৷ অতি সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা উদ্ধৱ ভৰালীয়ে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিল ৷ কিন্তু ঘৰুৱা আৰ্থিক দুৰৱস্থাৰ হেতুকে কলেজৰ মাচুল দিব নোৱাৰি অভিযান্ত্ৰিক শিক্ষা আধাতে সামৰিব লগা হয় ৷ তাৰপাছত তেখেতে আকৌ চেন্নাই Institute of Engineers - Madras ত নামভৰ্তি কৰে যদিও তেখেতৰ পিতৃৰ বিয়োগ হোৱাত তাতো শিক্ষা আধাতে সামৰি ঘৰুৱা দায়িত্ব মূৰপাতি ল’ব লগা হয় ৷
আৰ্থিক দুৰৱস্থা আৰু বেংকৰ ঋণৰ বোজা দূৰ কৰিবলৈ তেওঁৰ মনলৈ আৱিষ্কাৰৰ ভাৱনাই ভুমুকি মাৰে ৷ ফলস্বৰূপে ১৯৮৮ চনত প্ৰথম বাৰৰ বাবে অতি কম খৰচতে পলিথিন সজা যন্ত্ৰটো সাজি উলিয়ায় ৷ ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ গ্ৰাম্য জীৱন আৰু ব্যৱসায়ত ব্যৱহাৰযোগ্য কেইবাটাও যন্ত্ৰ আৱিষ্কাৰ কৰিছিল যদিও তাক কোনো গ্ৰহণ কৰোঁতা নোলাল ৷ ২০০৫ চনত আহমেদাবাদৰ ৰাষ্ট্ৰীয় উদ্ভাৱন সংস্থাৰ দৃষ্টি উদ্ধৱ ভৰালীৰ ওপৰত পৰে আৰু তেওঁক তালৈ মতাই নিয়ে ৷ ২০০৬ চনত তেওঁৰ ডালিম গুটি উলিওৱা যন্ত্ৰটো পৃথিৱীৰ একমাত্ৰ যন্ত্ৰ ৰূপে স্বীকৃত হয় আৰু এই যন্ত্ৰটোৰ বাবে তেওঁ আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ The Create the Future Design Contest ত দ্বিতীয় পুৰস্কাৰ লাভ কৰে ৷ তেওঁৰ আৱিষ্কাৰ সমূহৰ বাবে তেওঁৰ নামত ৪০টা পেটেন্ট আছে আৰু বৰ্তমানলৈকে তেওঁ ১৮১ টা যন্ত্ৰ উদ্ভাৱন কৰি সমাদৃত হৈছে ৷ ইয়াৰে উল্লেখযোগ্য হ’ল চাহপাত টোকা যন্ত্ৰ, তামোলৰ বাকলি গুচোৱা যন্ত্ৰ, মৰণামৰা যন্ত্ৰ, কঠীয়া ৰোৱা যন্ত্ৰ, গ্ৰীণ টি তৈয়াৰ কৰা যন্ত্ৰ, ভীমকলৰ গুটি গুচোৱা যন্ত্ৰ, কম ইন্ধন খৰচী চৌকা, মাছৰ বাকলি গুচোৱা যন্ত্ৰ, পকা মিঠৈ তৈয়াৰ কৰা যন্ত্ৰ, মগুমাহৰ বাকলি গুচোৱা যন্ত্ৰ আদি। তাৰোপৰি তেওঁ শাৰীৰিকভাৱে বাধাপ্ৰাপ্ত মানুহৰ সহায় হোৱাকৈ কেইবাটাও যন্ত্ৰ উদ্ভাৱন কৰিছে ৷ তেখেতৰ উদ্ভাৱনসমূহ গ্ৰাম্য জীৱন আৰু কৃষি কেন্দ্ৰিক ৷ তেখেতৰ উদ্ভাৱনসমূহে যাতে দেশ-বিদেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ কামত আহে তালৈ তেওঁ বিশেষ মনোযোগ দি অতি নীৰৱে, প্ৰচাৰ বিমুখভাৱে উদ্ভাৱনবোৰ কৰি গৈছে ৷
ইতিবাচক কথাটো হ’ল উদ্ভাৱনৰ সমান্তৰালকৈ তেওঁ নিজা উপাৰ্জনৰ এটা অংশ এখন বৃদ্ধাশ্ৰম আৰু এখন অনাথ আশ্ৰমত খৰচ কৰাৰ লগতে বহু দুখীয়া শিক্ষাৰ্থীৰ শিক্ষাৰ খৰচ বহন কৰিছে ৷ তাৰোপৰি অতি দৰিদ্ৰ পৰিয়ালক পোহপাল দিয়া, শাৰীৰিকভাৱে অক্ষম লোকক স্বনিৰ্ভৰশীলতাৰ বাবে সঁজুলি নিৰ্মাণ কৰি দিয়া, প্ৰয়োজনীয় আৰ্থিক সাহায্য প্ৰদান কৰা আদি কৰ্মৰ জৰিয়তে তেওঁ এজন মানৱ দৰদী ব্যক্তি হিচাপে পৰিগণিত হৈছে ৷
হাজাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈও উদ্ধৱ ভৰালীৰ গতি ৰুদ্ধ হোৱা নাই ৷ তেওঁ আছিল অত্যন্ত আশাবাদী আৰু সৰুৰে পৰাই তেওঁ জীৱনৰ প্ৰতিটো খোজ ইতিবাচকভাৱে দিছিল। স্কুলীয়া জীৱনৰে পৰা কিবা এটা কৰাৰ দুৰ্দান্ত হেঁপাহ থকাৰ বাবেই তেওঁ সকলো প্ৰত্যাহ্বান নেওচি বৰ্তমানৰ অৱস্থা পাইছেহি ৷
তেওঁৰ উদ্ভাৱনসমূহৰ স্বীকৃতিস্বৰূপে বিভিন্ন সময়ত দেশ-বিদেশৰ পৰা কেইবাটাও সন্মান পাবলৈ সক্ষম হৈছে ৷ এইবোৰৰ ভিতৰত উল্লেখযোগ্য হ’ল :
২০০৭ চনত জাতীয় উদ্ভাৱনী সংস্থাৰ “সৃষ্টি সন্মান”; ২০০৯ চনত ৰাষ্ট্ৰপতি বঁটা, ২০১০ চনত অসম সাহিত্য সভাৰ “প্ৰযুক্তি-ৰত্ন” উপাধি, ২০১১ চনত বিজ্ঞান প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ৰ “Meritorious Invention Award”, নাছাৰ “The Create the Future Design Contest” ৰ দ্বিতীয় পুৰস্কাৰ; ২০১৯ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান, “জাগ্ৰুতি ২০১৯” সৰ্বভাৰতীয় মহোৎসৱত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠাৰ “ৰোল মডেল এৱাৰ্ড” আদি ৷
উদ্ধৱ ভৰালীয়ে উদ্ভাৱন কাৰ্যৰ লগতে কেইবাখনো গ্ৰন্থ লিখি এজন লেখক ৰূপেও পৰিচয় দিছে ৷ তেখেতৰ জীৱনৰ মূল লক্ষ্য হ’ল সমাজ জীৱনৰ প্ৰগতি ৷ তেওঁ কঠোৰ প্ৰত্যাহ্বান অতিক্ৰম কৰি সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু নতুন বিপ্লৱৰ সূচনা কৰি আমাক এটা আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে ৷ এনে এজন ব্যক্তিৰ জীৱনধাৰাৰ বিষয়ে তোমালোক সকলোৱে জনাতো অতিকৈ জৰুৰী। লগতে তোমালোক সকলোৱে তেখেতৰ কৰ্মৰাজিৰ বিষয়ে অৱগত হৈ তেখেতক অনুকৰণ আৰু অনুসৰণ কৰাটো অতিকে প্ৰয়োজন ৷
************





Comments