জীৱনৰ জ্যামিতি
- কৃষ্ণ কান্ত চাহু, অধ্যক্ষ,নকাৰী উঃমাঃ বিদ্যালয়,উঃলখিমপুৰ

- Oct 13
- 1 min read

কৃষ্ণ কান্ত চাহু, অধ্যক্ষ
নকাৰী উ: মা: বিদ্যালয়, উত্তৰ লখিমপুৰ
মৃত্যুনো কি - কিনি ল'ব পাৰোঁ,
জীৱনটোহে নোৱাৰোঁ !
চাইকেলৰ পাছে পাছে আহি থকা জোনটোৰ দৰে
জীৱনেও মাজে সময়ে ছাঁ পোহৰত মৰে আৰু জীয়ে।
উশাহটোও চোলাৰ হাতত লুকুৱাই লোৱা হাতখনৰ দৰে
এৰাল চিঙা উশাহৰ কি ভৰসা ?
সৰি পৰা আকাশৰ তৰা….
জীৱনৰ জ্যামিতি সমাপ্তিৰ বিন্দু ।।
*******





Comments