top of page
  • Black Facebook Icon
  • Black Instagram Icon

জুবিনৰ ব্যক্তিত্ব : একক আৰু অনন্য

  • Writer: চেমিমা হুছেইন, গুৱাহাটী
    চেমিমা হুছেইন, গুৱাহাটী
  • Oct 13
  • 3 min read
ree

চেমিমা হুছেইন, গুৱাহাটী


আমি গৰ্ববোধ এই কাৰণেই কৰোঁ যে জুবিন আমাৰ ৷ জুবিন অসমৰ ৷ জুবিনৰ সংগ আমি পাইছোঁ, জুবিনৰ গান মঞ্চত শুনিছোঁ ৷ দেখা যায় যে জুবিনৰ গানৰ লহৰত অসমৰ পুৱা আৰম্ভ হয় আৰু দিনটো শেষও হয় জুবিনৰ গীতৰ সুৰৰ মাদকতাত ৷ সৰু ল’ৰা ছোৱালীৰ পৰা আশীৰ উৰ্দ্ধৰ ব্যক্তিৰ মুখতো শুনা যায় জুবিনৰ গান ৷

 

জুবিন নামৰ সকলোৱে ভালপোৱা সত্বাটো আজি আমাৰ মাজৰ পৰা হেৰাই গ’ল ৷

 

কিন্ত সঁচাকৈয়ে  হেৰাই গ'ল জানো ?  অসমবাসীৰ হিয়াৰ আমঠু, সকলোৰে বুকুৰ আপোন জুবিন কেতিয়াও আমাৰ মাজৰ পৰা আঁতৰি যাব নোৱাৰে ৷ কিন্তু নিয়তিৰ পৰিহাস আৰু কিছু চক্ৰান্তকাৰী ব্যক্তিৰ কবলত পৰি ছিংগাপুৰত সাগৰৰ বুকুৰ পৰা ঘূৰি নহাৰ বাটেৰে জুবিন আঁতৰি গ'লগৈ ৷ অসম আজি ম্ৰিয়মান, বাকৰুদ্ধ ! অসমবাসীয়ে মানি ল'ব নোৱাৰাকৈ অসমৰ আবেগ, উজ্জ্বল নক্ষত্ৰটি নাইকিয়া হৈ গ'ল ৷

 

মানসিকভাৱে অপৰিসীম শক্তিৰ অধিকাৰী, সকলো সময়তে সকলোকে আপোন কৰি ল'ব পৰা এখন হাঁহিৰে উপচি থকা মুখ, খুহুটীয়া কথাৰ ভঁৰাল, অসমৰ যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰ’ব, দুখীজনে দেৱতাৰ আসন দিয়া, শাৰীৰিক ভাবে যথেষ্ট দুৰ্বল হ'লেও কাকো কেতিয়াও খাতিৰ নকৰা দূৰন্ত তৰুণজনেই হৈছে আমাৰ মৰমৰ জুবিন গাৰ্গ।

 

১৯৭২ চনৰ ১৮ নবেম্বৰত মেঘালয়ৰ তুৰাত এটা নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰি মাত্ৰ বাৱন্ন বছৰলৈকে জীয়াই থাকি, কণ্ঠ নিগৰাই আমাক দিলে প্ৰায় আঠত্ৰিশ হাজাৰতকৈ অধিক গীত ৷ তেখেতে চল্লিছটা ভাষাত গীত পৰিবেশন কৰিছিল ৷ সুৰকাৰ, গীতিকাৰ জুবিন প্ৰথমে মিউজিছিয়ান হিচাবেহে পৰিচিত আছিল ৷ কীবোৰ্ড, ড্ৰাম, গীটাৰ, ঢোল, খোল আদি প্ৰায় সকলো বাদ্যযন্ত্ৰ তেখেতৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল ৷ এন কে প্ৰডাকচ্যনৰ প্ৰযোজনাত "অনামিকা" কেছেটটোত কন্ঠদান কৰাৰ পিচৰে পৰা তেখেতে আৰু পিচলৈ ঘূৰি চাবলগীয়া হোৱা নাই ৷  আধুনিক গীতৰ উপৰিও জুবিনে ভক্তিমূলক গীত, টোকাৰী গীত, দেহবিচাৰৰ গীত, জিকিৰ, লোকগীত, বিহুগীত আদি পৰিবেশন কৰি সংগীত প্ৰেমী ৰাইজৰ মাজত আদৰ আৰু অন্তৰত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ নকৈ নোৱাৰোঁ যে অসমৰ বহু কেইগৰাকী  লুকাই থকা শিল্পীক তেখেতে অসমৰ মঞ্চত পৰিচয় কৰাই শিল্পীৰূপে প্ৰতিষ্ঠা কৰিছিল; বৰ্তমান তেখেতসকলো অসমৰ লেখত ল'বলগীয়া শিল্পী হিচাপে প্ৰতিস্থিত হৈছে ৷

 

অসমৰ যুৱসমাজে ঈশ্বৰ হিচাপে অভিহিত কৰা জুবিন গাৰ্গ সদায় ধৰ্ম আৰু জাতিৰ উৰ্দ্ধত আছিল ৷ তেখেতে সদায় কৈছিল "মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই৷" সেয়ে হয়তো অসমৰ বাহিৰতো জুবিনৰ মৃত্যুত জুবিনকলৈ গৰ্ব কৰা প্ৰতিজন ভাৰতীয়ই উচুপি উঠিছে ৷

 

জীৱিত কালত জুবিনে সন্মানীয় ডি লিট উপাধি ( USTM), গ্ল’বল ইণ্ডিয়ান ফ্লিম এৱাৰ্ড (GIFA) ষ্টাৰদাষ্ট এৱাৰ্ড, কলাকাৰ এৱাৰ্ড, ভূপেন হাজৰিকা এৱাৰ্ড, নেচনেল ফ্লিম ফেয়াৰ এৱাৰ্ড, বেষ্ট মিউজিক ডিৰেক্টৰ এৱাৰ্ড আদিকে ধৰি বিভিন্ন সন্মানজনক পুৰস্কাৰ লাভ কৰিছিল ৷ পিছলৈ তেখেতে পুৰস্কাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল ৷ তেখেতৰ মতে  “কৰ্ম কৰি যোৱা, পুৰস্কাৰৰ পিচত ঘূৰি নুফুৰিবা”৷ এয়াই আছিল আমাৰ জুবিন, জুবিন গাৰ্গৰ আদৰ্শ ৷

 

জুবিনৰ বাবে জন্মভূমি মানে স্বৰ্গদপী গৰিয়সী ৷ "'য়া আলি" গীতটিৰ যোগেদি সকলোৰে অন্তৰ জয় কৰা জুবিন গাৰ্গে অতি সহজতে বলিউদ, হলিউদত নিজৰ পাৰদৰ্শিতাৰ দ্বাৰা খোপনি পুতিব পাৰিলেহেঁতেন। কিন্তু তেওঁ নিজ মাতৃভূমি এৰি আন শিল্পীসকলৰ দৰে মুম্বাইত খোপনি পোতা নাছিল ৷ জন্মভূমিৰ প্ৰতি মোহ থকাৰ বাবে তেখেতে কৈ গৈছিল যে মৃত্যুৰ পিছত তেখেতৰ মৃতদেহ যেন ব্ৰহ্মপুত্ৰ নদীত উটুৱাই দিয়া হয় ৷  ব্ৰহ্মপুত্ৰই যাতে তেখেতক সামৰি লয় ৷ এনেবোৰ কথাই প্ৰমাণ কৰে মাতৃভূমিৰ প্ৰতি থকা তেখেতৰ অগাধ মৰম আৰু ভালপোৱাৰ কথা ৷ অসমৰ ঐতিহ্য, সংস্কৃতি আৰু সম্পদক লৈ সততে জুবিনে গৰ্ববোধ কৰিছিল৷

 

গীতিকাৰ প্ৰয়াত পাৰ্বতী প্ৰসাদ বৰুৱা, বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকাদেৱৰ পিছতে আমি ল'ব লাগিব গীতৰ ক্ষেত্ৰখন শুৱনি কৰা জুবিন গাৰ্গৰ নাম ৷  "তুমি মোৰ মাথো মোৰ",  "মিছন চাইনা", "কাঞ্চনজংঘা", "ৰাজনীতি", "ৰৈ ৰৈ বিনালে (মুক্তি পাবলগীয়া)" আদিকে ধৰি কেইবাখনো চিনেমাত  তেখেত আছিল একেধাৰে প্ৰযোজক, পৰিচালক, সংগীত পৰিচালক আৰু অভিনেতা ৷ গৰ্ব কৰিবলগীয়া বিষয় যে শেষতীয়াকৈ কন্ঠস্বৰৰ বাবে জুবিনক "Hamming king of India" বুলিও গুগুলে স্বীকৃতি  প্ৰদান কৰিছে ৷

 

বহুমুখী প্ৰতিভাৰ অধিকাৰী জুবিন কোনো কোনো সময়ত দুখীজনৰ ওচৰত ত্ৰাণকৰ্তা হিচাবেও থিয় দিছিল। প্ৰয়োজনৰ সময়ত তেওঁ বিভিন্নজনলৈ সহায়ৰ হাত আগবঢ়াইছিল ৷ জনসাধাৰণৰ বাবে জুবিন আছিল মৰমৰ জুবিন, হৃদয়ৰ জুবিন ৷ সাগৰৰ দৰে বিশাল হৃদয়ৰ অধিকাৰী আমাৰ হিয়াৰ আমঠু জুবিনক ছিংগাপুৰত সাগৰেই সামৰি ললে ৷ স্তব্ধ হৈ গ'ল সকলোৰে অন্তৰ জয় কৰা জুবিনৰ ঈশ্বৰ প্ৰদত্ত কণ্ঠস্বৰ ৷ জুবিন আজি আমাৰ মাজত কায়িকভাৱে নাই যদিও প্ৰতিজন জুবিন অনুৰাগীৰ অন্তৰত জুবিন সদায় জীয়াই থাকিব ৷


😘😘😘😘😘😘


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page