top of page
  • Black Facebook Icon
  • Black Instagram Icon

মুক্ত বিহংগ

  • Writer: তৃষা দাস,অষ্টম মান, প্ৰাগজ্যোতিষ আ: বিদ্যালয়,গুৱাহাটী
    তৃষা দাস,অষ্টম মান, প্ৰাগজ্যোতিষ আ: বিদ্যালয়,গুৱাহাটী
  • Oct 13, 2025
  • 1 min read

তৃষা দাস, দশম শ্ৰেণী, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়,

পাঞ্জাবাৰী, গুৱাহাটী

 

চৰাইবোৰে নীল আকাশত

জাকপাতি উৰে,

মনৰ আনন্দত গছৰ ডালত

নিজৰ বাহটি সাজে।

 

ঢলপুৱাতে আহাৰ বিচাৰি

শস্যৰ পথাৰত ঘূৰে,

গধূলি হ'লে নিজ বাহলৈ

পোৱালীলৈ আহাৰ আনে।

 

জাকপাতি ডালত বহি

মনৰ ভাব প্ৰকাশ কৰে,

ডালৰ মাজত পাতৰ আঁৰত

লুকা-ভাকু খেলে।

 

তাকে দেখি সজাৰ চৰায়ে

দুখত ভাগি পৰে,

মুক্ত পৰিবেশ নোপোৱাৰ বাবে

হিয়া ঢাকুৰি কান্দে।

 

ভালকৈ খাইছোঁ ভালকৈ আছোঁ

ভালকৈ যতন পাইছোঁ,

কিন্তু উৰণীয়া বন্ধুৰ দৰে

আমিও মুক্ত পৰিবেশ বিচাৰোঁ।


VVVVVVVVVVV



Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page