পিতৃৰ মৰম সন্তানলৈ
- নীপা দুৱৰা, গুৱাহাটী

- Jan 10
- 2 min read

নীপা দুৱৰা, গুৱাহাটী
১৯৮৯ চনত আৰ্মেনিয়া নামৰ ঠাইত ৮.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গৈছিল। ঘৰবোৰ তাচপাতৰ ঘৰৰ নিচিনাকৈ ভাগি মাটিত মিহলি হৈ গৈছিল।
এনেকুৱা এটা ভয়ংকৰ ভূমিকম্প হৈ যোৱাৰ পিচতে সেই অঞ্চলৰ সকলো মাক-দেউতাকে নিজৰ সন্তানক বিচাৰি স্কুললৈ বুলি ঢাপলি মেলিলে। কিন্তু স্কুলঘৰটো ইতিমধ্যে মাটিৰ লগত মিহলি হৈ গৈছিল! তাত কোনো জীৱিত প্ৰাণী থকাৰ তিলমানো সম্ভাৱনা নাছিল।
এনে দুখজনক ঘটনাটোতে পুত্ৰহাৰা হোৱা এজন পিতৃৰ বাৰে বাৰে পুতেকক কোৱা কথা এটালৈ মনত পৰিবলৈ ধৰিলে। তেওঁ এদিন পুতেকৰ আগত প্ৰতিজ্ঞা কৰিছিল যে যি সমস্যাতেই তেওঁৰ ল’ৰাটো নপৰক কিয়, তেওঁ তাত উপস্থিত হৈ তেওঁক সহায় কৰিবই কৰিব। তাকে সুঁৱৰি তেওঁ চকুৰ পানীৰে বাট নেদেখা হ’ল। ….. স্কুলৰ ভগ্নাৱশেষবোৰলৈ চাই চাই তেওঁ মন বান্ধি ল’লে যে যেনেকৈয়ে নহওঁক লাগিলে বা যি অৱস্থাতেই নাথাকক লাগিলে তেওঁ নিজ পুত্ৰক বিচাৰি উলিয়াবই উলিয়াব।
বিদ্যালয়খনৰ ভগ্নাৱশেষৰ মাজত তেওঁ ল’ৰাৰ শ্ৰেণী কোঠাৰ ঠাইখিনি বিচাৰি উলিয়ালে। তাৰ ওপৰৰ পৰা অলপ অলপ কৈ ভগ্নাৱশেষৰ টুকুৰাবোৰ আঁতৰাবলৈ ধৰিলে…..। সেয়া মাত্ৰ অৰ্থহীন কাম বুলি সকলোৱে তেওঁক এনে কৰিবলৈ মানা কৰিলে। কিন্তু এই আশাবাদী পিতৃজনক এই অসাধ্য কাম কৰাৰ পৰা বিৰত ৰাখিবলৈ নোৱাৰিলে। তেওঁ অবিচলিত, অটল হৈ নিজৰ কাম কৰি থাকিল। মনতে সিদ্ধান্ত লৈছিল অন্ততঃ পুত্ৰৰ মৃতদেহৰ ওচৰত হ’লেও থিয় দি নিজৰ কথা তেওঁ ৰাখিব।
অগ্নিকাণ্ড হোৱাৰ সম্ভাৱনীয়তাৰ কথা চিন্তা কৰি অগ্নিদমন বাহিনীৰ ফালৰ পৰা এই দুসাধ্য কামৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনালে। তেওঁ কিন্তু ভয়ানক বিপদৰ মুখামুখি হৈও ভগ্নাৱশেষ গুচোৱা কামত লাগিয়েই থাকিল। কোনেও তেওঁক সহায় কৰিবলৈ আগবাঢি নাহিল। কাৰণ সকলোৱে জানিছিল ইয়াৰ ফলাফল যে শূন্য। কিন্তু এই অকলশৰীয়া পিতৃজনে অকলশৰে ৩৮ ঘন্টা খন্দাৰ পাচত ল’ৰা-ছোৱালীৰ মাত শুনা পালে। তেওঁ পুতেকৰ নাম ধৰি "নিকল"… "নিকল" বুলি চিঞৰি উঠিল। সিও সজোৰে "পাপা" বুলি চিঞৰি উঠিল.....। "পাপা, মই জানো মোক বিচাৰি তুমি আহিবাই। সেয়ে মই ল’ৰা-ছোৱালীবোৰক ভয় খাবলৈ মানা কৰিছোঁ। তুমি মোৰ ওচৰত কৰা প্ৰতিজ্ঞা মোৰ মনত আছে।"
"কিন্তু বাচা, তোমালোক কেনেকৈ বাচি থাকিলা?" দেউতাকে ল’ৰাটোক সুধিলে….।
“ঘৰটো যেতিয়া ভাগিছিল ই সাঁকোৰ দৰে আমাৰ ওপৰত পৰি ৰল, সেয়ে আমি সাঁকোৰ তলত নিৰাপদে বাচি থাকিলোঁ।" পুতেকে কৈ উঠিল।
"ওলাই আহাঁ বাচা মোৰ সোণ…." পিতৃজনে আৱেগিক হৈ কৈ উঠিল।
"নহয় পাপা, আগতে ইহঁতক বচোৱা। মোৰ কাৰণে তুমি আহিছা….। কিন্তু ইহঁতক বচাবলৈ কোনোৱে অহা নাই পাপা। সেয়ে প্ৰথমে তুমি ইহঁতক বচোৱা।" আত্মবিশ্বাস ভৰা কণ্ঠৰে ল’ৰাজনে দেউতাকক কৈ উঠিল।
***********





Comments