top of page
  • Black Facebook Icon
  • Black Instagram Icon

৫৫ % নম্বৰ আৰু উদ্যাপন

  • Writer: দেৱীকা বৰপূজাৰী,চান্তাক্ৰুজ, মুম্বাই
    দেৱীকা বৰপূজাৰী,চান্তাক্ৰুজ, মুম্বাই
  • Jul 13
  • 2 min read


অকণিহঁত, গ্ৰীষ্ম বন্ধ পুৰা উপভোগ কৰিছা নিশ্চয়;  যিমান পাৰা আনন্দ কৰাহঁক দেই। কিন্তু তাৰ মাজতে গৰম বন্ধত কৰিব লগীয়া 'হ'ম ৱৰ্ক' খিনিও সমানে কৰি থাকিবা দেই আৰু লগতে মা-দেউতাক সৰু সৰু কাম-কাজ কিছুমানত সহায়ো কৰি দিবা। মা-দেউতাই তেতিয়া কিমান সন্তোষ পাব চাবাচোন !  সকলোৰে মাক-দেউতাকসকলে সন্তানৰ বিষয়ে চিন্তা কৰে; বিশেষকৈ পঢ়াশুনাত যেন পিছ পৰি নৰয় - তাৰ বাবে অহৰহ চিন্তিত হৈ থাকে, নহয় নে বাৰু ? তোমালোকেও যিমান পাৰা চেষ্টা কৰি থাকা আৰু কৰিবাও, কিন্তু তাৰ মাজতে সকলোৱেতো শীৰ্ষ স্থান লাভ কৰিব নোৱাৰে, নহয় জানো ? সেই তেতিয়াই আমি পিতৃ-মাতৃসকলে কথাবোৰ সাধাৰণভাৱে লৈ ছাত্ৰ-ছাত্ৰীক উৎসাহ যোগাব লাগে যাতে তোমালোকৰ মনোবল ভাঙি নাযায়।

 

আমি প্ৰায়ে দেখিবলৈ পাওঁ দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ ফলাফল ওলোৱাৰ পিছত ভাল নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীক লৈ সকলোৱে সুখী হয় আৰু প্ৰশংসা কৰে।  স্থানীয় বাতৰি কাকতসমূহত তেওঁলোকৰ ফটো সহ পৰীক্ষাৰ ফলাফলৰ বিতং বাতৰি প্ৰকাশ পায়। কম নম্বৰ পোৱা ছাত্ৰ- ছাত্ৰীসকলৰ খবৰ বাতৰি কাকতত স্থান পোৱাৰ প্ৰশ্নই নুঠে।

 

কিন্তু আমাৰ মাজতে এনে লোকো আছে যিসকলে ছাত্ৰ-ছাত্ৰীসকলৰ চেষ্টা আৰু কষ্টৰ শলাগ ল'বলৈ জানে আৰু তেওঁলোকৰ ফলাফলক প্ৰশংসা কৰিবলৈও পিছ নোহোঁহকে। বৰঞ্চ তেখেতসকলে প্ৰশংসাৰ মাজেদি ছাত্ৰ -ছাত্ৰীসকলক বুজাই দিব বিচাৰে, এটা পৰীক্ষাৰ ৰিজাল্টেই ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ ভৱিষ্যত বা সৰ্বস্ব হ’ব নোৱাৰে। কিতাপৰ জ্ঞান আৰু পৰীক্ষাৰ নম্বৰ জীৱনৰ বাটত সফলতা লাভ কৰাৰ একমাত্ৰ উপায় নহয়। ই কেৱল এটা নিৰ্দিষ্ট সময়ৰ মূল্যায়নহে। নম্বৰতকৈও ব্যক্তিগত দক্ষতা অধিক গুৰুত্বপূৰ্ণ। এজন ছাত্ৰৰ আচল সফলতা নিৰ্ভৰ কৰে তেওঁৰ সৃষ্টিশীলতা, বুদ্ধি, মানসিক দৃঢ়তা আৰু কাম কৰাৰ ইচ্ছাৰ ওপৰত।

 

এই সুযোগতে মই মুম্বাইৰ ছাত্ৰ এজনৰ মাতৃ গৰাকীৰ বিশাল মনৰ বিষয়ে তোমালোকক জনাব খুজিছোঁ ; তোমালোকে পঢ়িবা আৰু মা-দেউতাকো পঢ়িবলৈ ক’বা দেই….।

 

মুম্বাইত হে চাগে এইবোৰ সম্ভব কিয়নো ইয়াত মানুহে বৰ বেছি আশা নকৰে, যি পাইছে, তাতে সন্তুষ্ট হৈ থাকে। মোৰ ছোৱালীজনী যেতিয়া পাঁচ বছৰীয়া আছিল, কাপোৰ জাপি জাপি কিয় জানো তায়ো এদিন কৈছিল - "we should be content what we have "...

 

এতিয়া আহোঁ আচল কথালৈ….

মুম্বাইৰ এগৰাকী মাতৃয়ে ইনষ্টাগ্ৰামত দিয়া ছবিখনে সামাজিক মাধ্যম ব্যৱহাৰ কৰা সকলক মুগ্ধ কৰি তুলিছিল। পুত্ৰই প্ৰবেশিকা পৰীক্ষাত ৫৫% নম্বৰ পাই পাছ কৰা বাবে তেওঁক ককৰ্থনা নকৰি বৰঞ্চ পৰিয়ালে এই আনন্দ উদযাপন কৰিবলৈ অভিনৱ কেক এটাৰ অৰ্ডাৰ দিলে…। কেকৰ ওপৰত পৰীক্ষাৰ মাৰ্ক শ্বিটখন সুন্দৰভাৱে সজাই-পৰাই লগাই দিলে!

পুত্ৰই কেক কাটিলে আৰু পিতৃ-মাতৃয়ে হাত চাপৰি বজাই আদৰণি জনালে।


এইটো ভিদিও’ ততালিকে সামাজিক মাধ্যমত জনপ্ৰিয় হৈ পৰিল আৰু লগে লগে প্ৰায় ২২ মিলিয়ন মন্তব্য (views) আহিল। মন্তব্যবোৰ এনেধৰণৰ আছিল ……


"সকলো পিতৃ মাতৃয়ে এইদৰেই সন্তানক উদ্গনি দিব লাগে।“

"নম্বৰৰ বাবে চিন্তা নকৰিবা, তোমাৰ ভৱিষ্যত এই নম্বৰে কেৱল নিৰ্ণয় নকৰে ।“

আন এজনে ধেমালিৰ চলেৰে লিখিছে "যদিও ৮৫ % পাইছিলোঁ, ঘৰত কোনেও আনন্দ কৰা নাছিল।“

আন এজনে মন্তব্য কৰিছে " ক্লাছ টেনত ৯৫%, ক্লাছ টুৱেলভত ৯৪% পাইছিলো paar aisi treatment nahi mili "...

 

মাতৃ গৰাকীয়ে কৈ উঠিছিল "মোৰ সন্তানতকৈ ৫৫% বা ৯৫% নম্বৰ ডাঙৰ নহয়। মোৰ বাবে তাক প্ৰেচাৰ নিদিয়া কৈ, সি যিদৰে ভাল পাইছে, সেইদৰে পঢ়াটোহে ডাঙৰ কথা আছিল। অনবৰতে পঢ় পঢ় কৈ চিঞৰি নাথাকি, সি যাতে সুখী মন এটাৰে পৰীক্ষা দিবলৈ যাব পাৰে, আমি সেই কথাহে চিন্তা কৰিছিলোঁ। তাক আমি আন ছাত্ৰ-ছাত্ৰীৰ লগত কাহানিও তুলনা কৰা নাছিলোঁ। বহুত মাক দেউতাকে সন্তানক আনৰ লগত তুলনা কৰি আৰু জোখতকৈ বেছি আশা কৰি সন্তানক হেৰুৱাব লগীয়া হৈছে, সেইবোৰ ভুল কথা। সকলো ল'ৰা ছোৱালী কেতিয়াও একে হ'ব নোৱাৰে। "...

 

এনে কথাবোৰ তোমালোকৰ লগে লগে তোমালোকৰ পিতৃ-মাতৃয়েও জনাটো আৱশ্যকীয় বুলি ভাবিয়েই, এনেকৈ লিখি পঠিয়ালোঁ।

তোমালোকৰ কুশল কামনাৰে…..

 

দেৱীকা বৰপূজাৰী,

চান্তাক্ৰুজ, মুম্বাই


🥰🥰🥰🥰🥰🥰



Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page