top of page
  • Black Facebook Icon
  • Black Instagram Icon

কৰ্মফল

Writer: বিজিত কুমাৰ ভাগৱতী, যোৰহাট
বিজিত কুমাৰ ভাগৱতী, যোৰহাট
5 days ago
2 min read

বিজিত কুমাৰ ভাগৱতী, যোৰহাট

 

এখন দেশত এজন ৰজা আছিল। ৰজাৰ দুগৰাকী ৰাণী আছিল। ৰাণী দুগৰাকীৰ মাজত দেখুৱাই বৰ মিল আছিল। ৰজাই কিন্তু দুয়োগৰাকী ৰাণীকে সমানে ভাল পোৱা নাছিল। ডাঙৰ গৰাকীৰ বয়স সৰু গৰাকীতকৈ পাঁচ বছৰমান বেছি আছিল। সৰু ৰাণীক বেছিকৈ মৰম কৰা কথাটো ডাঙৰ ৰাণীয়ে লাহে লাহে মন কৰিবলৈ ধৰিছিল। বয়সৰ বাবে সৌন্দৰ্য্য ম্লান পৰি যোৱা দেখিহে যে ৰজাৰ মন লাহে লাহে সৰু গৰাকীৰ ফালে ঢাল খাইছে, সেই কথা ডাঙৰ ৰাণীয়ে মন কৰি আছিল। সেয়েহে এদিন তেওঁ ঠিৰাং কৰিলে যে, সৌন্দৰ্য্য পুনৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিব যাতে ৰজাই তেওঁক পূৰ্বৰ দৰেই মৰম চেনেহ কৰিবলৈ বিচৰা হয় আৰু গুৰুত্ব দিয়ে।

তেওঁ তেওঁৰ বিশ্বাসী লিগিৰীজনীৰ হতুৱাই সেই অঞ্চলত ৰাজবৈদ্যৰ বাহিৰে আন কোনো ভাল বৈদ্য আছে নেকি খবৰ লোৱালে। লিগিৰীয়ে সেইমতে খবৰ-খাতি লৈ এগৰাকী ভাল উপযুক্ত বৈদ্যৰ কথা ৰাণীক জনালেহি। ৰাণীৰ কোঠালীলৈ সংগোপনে বৈদ্যজনক লৈ অনা হ'ল। বৈদ্যজন সঁচাকৈ বৰ কামৰ মানুহ আছিল। তেওঁ দৰৱ প্ৰয়োগ কৰি ৰাণীৰ ম্লান হৈ যোৱা যৌৱন ঘূৰাই আনি দিলে। লগতে পুৰুষ আকৰ্ষিত হোৱা নাৰীৰ বিভিন্ন চাল-চলন, কথা কোৱাৰ ভঙ্গীমা, মিষ্টভাষিতা আদি গুণৰ বিষয়েও জ্ঞান দি গ'ল। এই সকলোবোৰ আয়ত্ব কৰাৰ পিছত দিন যোৱাৰ লগে লগে ডাঙৰ ৰাণীয়ে আকৌ পূৰ্বৰ দৰে ৰজাৰ পৰা মৰম চেনেহ পাবলৈ ধৰিলে।

 

এইদৰে কিছুদিন গ'ল। সৰুৰাণীয়ে লাহে লাহে কথাটো মন কৰিব ধৰিলে যে আজিকালি ৰজাই ডাঙৰ গৰাকীকো তেওঁৰ সমানেই গুৰুত্ব দিয়ে। কথাটো মন কৰি তেওঁৰ মনটো দুখেৰে ভৰি পৰিল। সৰু ৰাণীয়ে আকৌ লগত সৰুতে এজনী পৰী পুহি ৰাখিছিল। বিয়া হৈ অহাৰ পাছত মাকৰ ঘৰতে পৰী জনী এৰি থৈ আহিছিল। সৰু ৰাণীৰ পৰী গৰাকীলৈ মনত পৰিল  আৰু তাইক মাতি পঠিয়ালে। পৰী আহি পালত তেওঁ সকলো কথা ভাঙি-পাতি ক'লে। কথা শুনি দুষ্ট পৰীজনীয়ে ৰাণীক আশ্বাস দিলে যে ডাঙৰ ৰাণীৰ কিবা এটা দিহা লগাব। দুষ্ট পৰীৰ যাদুমন্ত্ৰৰ ফলত এসপ্তাহৰ ভিতৰতে ডাঙৰ ৰাণীৰ উন্মাদ বেমাৰে লগ ল'লে। ৰাজ্যত  হাঁহাকাৰ লাগিল। মন্ত্ৰৰ প্ৰভাৱত হোৱা বাবে ৰাজবৈদ্যও বিফল হ'ল। শেষত ৰাজবৈদ্যৰে পৰামৰ্শ মতে এজন প্ৰসিদ্ধ বেজ অনা হ'ল বেজজন আহিয়েই পৰীজনীৰ উপস্থিতি আৰু সকলো কথা-কাণ্ড ধৰা পেলালে। পৰীজনীক কৰায়ত্ব কৰি বেজে বটলত সাফৰ মাৰি ভৰোৱাৰ লগে লগে ডাঙৰ ৰাণী সুস্থ হৈ উঠিল। পৰীয়েও বেজৰ আগত সকলো কথা সৈ কাঢ়ি দিলে। কথাৰ গুৰি ক'ত জানিব পাৰি ৰজাৰ বৰ খং উঠিল আৰু সৰু ৰাণীক কাৰেঙৰ পৰা বাহিৰ কৰি খেদি পঠিয়ালে আৰু ডাঙৰ ৰাণীক লৈ সুখে সন্তোষে থাকিল।

 

সৰু ৰাণীয়ে আনক অন্যায় কৰিব খোজা ফল হাতে হাতে পালে আৰু ডাঙৰ ৰাণীয়েও নিজক উপযুক্ত কৰি তুলিবলৈ কৰা চেষ্টাৰ মিঠা ফল আজীৱন ভোগ কৰিবলৈ পাই নিজকে ধন্য মানিলে।


*********


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page