খৰিকটীয়াৰ জীয়েকৰ সপোন
- হিয়া দাস, শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ, কামৰূপ

- Jan 9
- 3 min read

হিয়া দাস, শুৱালকুছি
কাশী দেউতাকৰ সৈতে আজিও পুৱা খৰি লুৰিবলৈ জংঘললৈ ওলাল। পুৱাৰ সেই সময়খিনিত কাশীয়ে সদায় তাইৰ সমবয়সীয়া ল'ৰা-ছোৱালীবোৰে উৰ্দি (ইউনিফৰ্ম) পিন্ধি বিদ্যালয়লৈ গৈ থকা দেখে। তাইৰ মনটো কেনেবা কেনেবা লাগে। ছোৱালীবোৰে দীঘল চুলিকোছা দুডলীয়াকৈ বেণী গাঁঠি ৰঙা ফিতা বান্ধি ধুনীয়াকৈ হাঁহি হাঁহি গৈ থকা দেখিলে তাই দেউতাকে নেদেখাকৈ চকুপানী মচে।
কাশীহঁতৰ গাঁওখনৰ বেছিভাগে মানুহেই দীন-দৰিদ্ৰ। তথাপি প্ৰতি ঘৰৰ এটাকৈ হ'লেও ল'ৰা-ছোৱালীয়ে বিদ্যালয়লৈ গৈ পঢ়া-শুনা কৰি আছে। ব্যতিক্ৰম মাথোঁ কাশীহঁতৰ ঘৰখনহে। হাঁপানি ৰোগত আক্ৰান্ত মাক আৰু শাৰীৰিকভাৱে প্ৰতিবন্ধী ভায়েকটোক চোৱা-চিতা কৰাৰেপৰা আৰম্ভ কৰি ঘৰখনৰ সমস্ত দায়িত্ব তাইৰ ওপৰতে। দেউতাকে খৰি বিক্ৰী কৰিবলৈ ওলাই নগ'লে ঘৰখন নচলে। কাশী দহ বছৰীয়া যদিও এগৰাকী পূৰ্ণবয়স্ক ছোৱালীৰ দৰেই তাই ঘৰুৱা কাম-বনত পাকৈত হৈ উঠিছিল।
কাশীয়ে প্ৰতিদিনে পুৱা উঠি মাক-ভায়েকক খুৱাই-বুৱাই থৈ দেউতাকৰ সৈতে ওলাই যায় খৰি লুৰিবলৈ। তাৰপৰাই খৰিভৰ্তি ঠেলাখন লৈ দেউতাক ওলাই যায় বজাৰলৈ বুলি আৰু কাশী ঘৰলৈ উভতে। খৰি বেছি যি পইচা পাই তাৰেই চাউল-পাত কিনে।
এদিন দুপৰীয়া কাশীয়ে গাঁৱৰ ৰাজহুৱা পুখুৰীটোৰপৰা পানী আনিবলৈ গৈছিল। তেনেতে দেখিছিল সিহঁতৰ গাঁৱৰে প্ৰাথমিক বিদ্যালয়খনৰ শিক্ষয়িত্ৰী অঞ্জলি বাইদেউক। বাইদেৱে তাইৰ ফালে আচৰিত হৈ চাইছিল। অলপ সময় চাই থাকি লাহেকৈ সুধিছিল---
: কাশী, তুমি কিয় বিদ্যালয়লৈ নোযোৱা বাৰু? পঢ়া-শুনা কৰিবলৈ তোমাৰ মন নাযায় নেকি?
বাইদেউৰ প্ৰশ্ন শুনি কাশী তলমূৰ কৰিছিল। তাইৰ চকুযুৰি পানীৰে উপচি পৰিছিল। তাই বহুসময় ধৰি কোনো উত্তৰ নিদিয়াত বাইদেৱে পুনৰ সুধিছিল---
: কি হ'ল কাশী, মনে মনে থাকিলা যে?
: যাবলৈ মন যায় বাইদেউ, বহুত মন যায়। কিন্তু...
এইবুলি কাশীয়ে বাইদেউক সিহঁতৰ ঘৰৰ সমস্ত কথা বিৱৰি কৈ কান্দিবলৈ ধৰিছিল। বাইদেৱে কাশীৰ মূৰত মৰমেৰে হাত বুলাই দি কৈছিল---
: বাৰু কাশী, তুমি পানী লৈ ঘৰলৈ যোৱাগৈ মোৰো পলম হৈছে।
মাত দি বাইদেউ কোবাকুবিকৈ গুচি গৈছিল। বাইদেউ গৈ নেদেখা হোৱালৈকে কাশীয়ে তেখেতলৈকে একেথিৰে চাই থাকি তাৰপাছত কলহত পানী ভৰাই ঘৰলৈ উভতিছিল।
কাশীহঁতৰ দিনবোৰ গতানুগতিকভাৱে পাৰ হৈ গৈ আছিল। এদিন অঞ্জলি বাইদেউ অকস্মাৎ কাশীহঁতৰ ঘৰ আহি ওলাইছিল। বাইদেউক দেখি কাশীহঁত হতভম্ব হৈছিল। ভয়ো লাগিছিল। কি বা জগৰ লগালে তাহাঁতি যে বাইদেউ ঘৰলৈকে আহিল!
কাশীহঁতৰ ঘৰত আলহীক বহিবলৈ দিবলৈ চকী-মেজ একোকে নাছিল। কাশীয়ে চোতালত পীৰা এডোখৰ পাৰি বাইদেউক আথে-বেথে বহিবলৈ দিছিল। পীৰাত বহি লৈ বাইদেৱে এবাৰ চাৰিওফালে মূৰ ঘূৰাই চাইছিল। কাশীহঁতৰ ঘৰৰ অৱস্থা দেখি তেওঁৰ দুখ লাগিছিল যদিও সেই ভাব প্ৰকাশ কৰা নাছিল। দুজনকৈ ৰোগীক এই সৰু ছোৱালীজনীয়ে অকলে চোৱা-চিতা কৰে এয়া বাৰু কম কথা নে! ... কথাবোৰ ভাবি বাইদেউৰ দুচকু সেমেকি উঠিছিল। কাশীৰ দেউতাকে আহি ভয়ে ভয়ে বাইদেউৰ মুখলৈ এপলক চাই তলমূৰ কৰিলে। বাইদেৱে কাশীৰ দেউতাকৰ মনৰ কথা বুজিব পাৰি কোমল মাতেৰে ক'লে----
: ভূমিধৰ, মই কাশীক আমাৰ বিদ্যালয়ত নামভৰ্তি কৰাই দিব বিচাৰিছোঁ। তাই পঢ়িব। সেই বাবেই আজি মই ইয়ালৈ আহিলোঁ।
বাইদেউৰ কথা শুনি দেউতাকে আশ্চৰ্যৰ চাৱনিৰে এবাৰ বাইদেউৰ মুখলৈ এবাৰ কাশীৰ মুখলৈ চালে। কাশীও চালে। তাৰপাছত পুনৰ তলমূৰ কৰি ভয়ে ভয়ে ক'লে----
: কাশী বিদ্যালয়লৈ গ'লে ঘৰখনত দুটি ৰুগীয়া জীৱৰ কি হ'ব বাইদেউ? সিহঁতক কোনে চাব?
: সেইবুলি ছোৱালীজনীক নপঢ়ুৱাবা নে?
এইবাৰ কাশীৰ দেউতাকে আৰু ৰ'ব নোৱাৰিলে। বাইদেউৰ সন্মুখত হুকহুকাই কান্দি কৈ উঠিল--
: মই কি অসহায় পিতৃ! ছোৱালীজনীৰ পঢ়িবলৈ বৰকৈ মন আছে বুলি জানিও বিদ্যালয়লৈ পঠিয়াব নোৱাৰোঁ। তাই অলপ সময় নহ'লেইচোন ঘৰখন নচলে।
: ভূমিধৰ, এতিয়াৰপৰা কাশী পঢ়িবলৈ যাব আৰু তুমি ঘৰত থাকিবা হ'ব নে? বাইদেউয়ে গহীনাই সুধিলে।
: মই ঘৰত থাকিলে প্ৰাণীকেইটা ভোকত মৰিব লাগিব বাইদেউ।
ভূমিধৰৰ কথা শুনি বাইদেৱে এটা মিচিকিয়া হাঁহি মাৰি উত্তৰ দিলে –
: চিন্তা নকৰিবা ভূমিধৰ, মই সকলো ব্যৱস্থা কৰি দিম।
বাইদেউৰ কথাত কাশী আৰু দেউতাকে আচৰিত হৈ দুয়ো দুয়োৰে মুখলৈ চোৱা-চুই কৰিলে। কি ক'ব খুজিছে জানো বাইদেৱে?
: শুনা ভূমিধৰ, আমাৰ ঘৰৰ প্ৰকাণ্ড চৌহদটোৰ ভিতৰত কেইবাটাও ঘৰ খালী হৈ আছে। তাৰে এটাত থাকি তুমি নিজৰ পৰিয়ালটোৰ লগতে আমাৰ ঘৰখনো চোৱা-চিতা কৰিবা। তেনেকৈয়ে তোমাৰ দুপইচা উপাৰ্জনো হ'ব, কাশী পঢ়িবলৈয়ো যাব পাৰিব। বিদ্যালয়পৰা ওভতাৰ পাছত তাই পঢ়া-শুনাৰ লগে লগে মাক-ভায়েকক চোৱা-চিতাও কৰিব পাৰিব।
কাশী আৰু দেউতাকে বাইদেউৰ মুখলৈ অবাক হৈ চাই থাকিল। দেউতাকে বাইদেউৰ সন্মুখত বহি আৱেগিক হৈ ক'লে,--
: বাইদেউ, আপুনি কোৱা কথাবোৰ সমাজিক নে বাস্তৱ মই ঠিক ধৰিবপৰা নাই! তাৰপাছত কাশীৰ মুখলৈ চাই অসহায়ৰ দৰে ক'লে।
: কাশী অ', মোক এবাৰ চিকুটি দে অ’ আই, মই দেখোন নিজৰ কাণকে বিশ্বাস কৰিবপৰা নাই।
: সপোন নহয় ভূমিধৰ, মই সঁচাকৈয়ে কৈছোঁ।
: আপুনি মহান বাইদেউ, আমাৰ দৰে ভিকহুৰ কথা চিন্তা কৰিছে। আপোনাক মই কি বুলি ধন্যবাদ জনাওঁ।
: হ'ব, হ'ব ভূমিধৰ, ছোৱালীজনীক বিদ্যালয়লৈ পঠিয়াবলৈ সাজু হোৱা। বাকীবোৰ মই চম্ভালি ল'ম।
: বাইদেউ, মই সঁচাকৈয়ে বিদ্যালয়লৈ যাবলৈ পাম?
: অ' কাশী, নিশ্চয় পাবা।
: আপুনি বহুত ভাল বাইদেউ।
: কুশলে থাকা কাশী।
বাইদেৱে মৰমসনা মাতেৰে কথাবোৰ কৈ কাশীৰ মূৰত হাত বুলাই সিহঁতৰপৰা বিদায় লৈছিল।
সেইদিনা অঞ্জলি বাইদেৱে কাশীহঁতৰ দুখ আৰু হতাশাৰে আৱৰা ঘৰখনলৈ এক নতুন আশাৰ পোহৰ সিঁচি দিছিল।
*************





Comments