top of page
  • Black Facebook Icon
  • Black Instagram Icon

মইনা আৰু কুকুৰাৰ কথা

Writer: চয়নিকা শৰ্মা, কৃষ্ণনগৰ, চান্দমাৰী, গুৱাহাটী
চয়নিকা শৰ্মা, কৃষ্ণনগৰ, চান্দমাৰী, গুৱাহাটী
5 days ago
4 min read


চয়নিকা শৰ্মা, কৃষ্ণনগৰ, চান্দমাৰী


মৰমৰ মইনাহঁত, ভালে আছা নিশ্চয়? পঢ়া-শুনা ভালকৈ কৰি আছানে?

মই আজি তোমালোকক এটা সাধু কথাহে শুনাম দেই......

সাধুটোৰ নাম হৈছে - "মইনা আৰু কুকুৰাৰ কথা"

 

বহু আগৰ কথা...

এজনী মইনা চৰাই আৰু এজনী কুকুৰা চৰাই বৰ বন্ধু হ'ল। আচলতে দুয়ো একেজোপা গছৰে বাসিন্দা আছিল। মইনা চৰায়ে যিহেতু ওখ গছৰ খোৰোংতে সাধাৰণতে বাহ সাজি থাকে, গতিকে মইনাই ওপৰত আৰু কুকুৰাই সেই জোপা গছৰে তলত সৰা পাত , সেউজীয়া ঘাঁহ-বনবোৰ ঠেং দুখনেৰে আকুহি আকুহি বৰ ধুনীয়াকৈ ঘৰ এখন সাজি ল'লে। অ'ৰ ত'ৰ পৰা খেৰকুটা গোটাই গোটাই ঘৰখন একেবাৰে চকুত লগা কৰি তুলিলে । দুই বন্ধুৱে সদায় প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ ঘূৰি আহি কুকুৰাৰ চোতালতে বহি লাল চাহকাপ গল্প-গুজৱ কৰি খাই লয়। সেই গছ জোপাৰ ওপৰৰ খোৰোংটোত মইনা থাকে যদিও কুকুৰা ইমান ওপৰলৈ বগাব পৰাকৈ বা উৰিব পৰাকৈ ভগৱানে সৃষ্টি নকৰিলে বাবে কুকুৰাই মইনাৰ ঘৰখন নিজ চকুৰে নেদেখা দুখ এটা থাকে। কিন্তু কুকুৰাই জানে যে মইনাইও যে চাফ চিকুণ কৈ থাকিব। সদায় মইনাই কিবা ৰান্ধি খোৱাৰ সময়ত তললৈ লৈ আহে আৰু কুকুৰাৰ লগতে লগলাগি দুয়ো একেলগে খায়। কেতিয়াবা আকৌ দুয়োৱে একেলগে ৰান্ধি বাঢ়িও খাই কুকুৰাৰ চোতালতে বহি কথা পাতি সন্ধিয়া হ'লেহে নিজৰ নিজৰ বহাত সোমায়।

 

সেই গছজোপাৰ বেলেগ এটা খোৰোংত ক'ৰবাৰ পৰা কাউৰী এজনী আহি ঘৰ সাজিলেহি। মইনাৰ আকৌ মাতটো বৰ শুৱলা, বৰ শান্ত স্বভাৱৰ চৰাই। তাতে আকৌ মইনাই সকলোৰে মাত হুবহু ক'ব পৰা ভগৱানে দিয়া গুণটো আছে। গতিকে কাউৰীৰ হুটা মাতটোৱে মইনাক অকনমান অশান্তি দিলে। তাৰোপৰি কাউৰীয়ে বিনা নিমন্ত্ৰণে যেতিয়াই-তেতিয়াই আহি মইনাৰ ঘৰখনো খুচুৰি-মুচুৰি বেয়াকৈ থৈ যায়। ক'ৰবাৰ পৰা মইনা ঘুৰি আহি এইবোৰ দেখিলেই বুজি পায় যে এইবোৰ কুকুৰাৰে কাম! এইবোৰকে কৈ মইনাই কুকুৰাৰ আগত দুখ কৰে।

 

কুকুৰা আৰু মইনা- দুয়ো বন্ধুৱে একেধৰণৰ খাদ্যয়েই খাই বাবে ইগৰাকীয়ে আনগৰাকীক নিদিয়াকৈ কেতিয়াও নাখায় আৰু খাদ্যৰ সন্ধানত ওলালেও একেলগেই যায়। এইবোৰ দেখি শুনি কাউৰী ৰ'ব নোৱাৰা হ'ল, কেনেকৈনো সিহঁত দুয়োৰে লগত বন্ধুত্ব স্থাপন কৰিব পাৰে তাৰে অহৰহ প্ৰচেষ্টা চলাই থাকিল। এদিন বৰ সুন্দৰ সুযোগ এটা পাই গ'ল…..।

 

মইনা আৰু কুকুৰাই অলপ দূৰৈত থকা বিল এখনৰ পাৰত আবেলি পৰত অলপ বহেও আৰু হেঁপাহ পলুৱাই পানী খাই আৰু নিজৰ নিজৰ ঠোঁটেৰে আঁটে মানে পানী কঢ়িয়াই আনে ৰাতি বিয়লিৰ বাবে। তেনেতে এদিন মইনা নথকা সময়ত মইনাৰ খোৰোংত সাপ এডাল সোমালহি । কাউৰীয়ে দূৰৈৰ পৰই সাপডাল সোমোৱা দেখিলে যদিও ওলাই যোৱা নেদেখি মনে-মনে চুপে-চাপে চাবলৈ আহি দেখিলে, আটোমটোকাৰিকৈ ৰখা মইনাৰ বিছনাখন পাই সাপডালে বৰ আৰামেৰে শুই আছে। দেখিয়েই তাই মইনাৰ সম্ভাব্য বিপদৰ কথা ভাবি দীঘল ঠোঁটটোৰে খুটিয়াই খুটিয়াই নাগদেৱতাক বাহিৰ কৰি দিলে আৰু এনেকুৱাকৈ ভয় খুৱালে যে কাউৰীৰ কথা মনলৈ আহিলে যাতে সেইফালে আহিবলৈ কেতিয়াও সাহস নকৰে। মইনাই ঘৰলৈ আহি বাহিৰৰ পৰাই সমস্ত ঘটনাটো দেখিলেহি। বিয়োগম সাপ এডাল তাইৰ ঘৰৰ পৰা ওলাই গৈ আছে…..! দেখিয়েই তাইৰ জীৱ উৰি গ'ল। কিন্তু কাউৰীয়ে দেখুওৱা সাহস আৰু সহায়ৰ বাবে তাই কাউৰীৰ ওচৰত কৃতজ্ঞ হৈ ৰ’ল।

 

ইমান ডাঙৰ বিপদৰ পৰা বচোৱাৰ বাবে কুকুৰা আৰু মইনাই দুয়ো কাউৰীৰ লগতো বন্ধুত্ব স্থাপন কৰিব বিচাৰিলে। অৱশ্যে কাউৰীৰ লগত বহু কথাত অমিল দেখা গ'ল। কাউৰীয়ে ইমান লেতেৰা ঠাই বিলাকলৈ যায় আৰু গেলা-পচা মাংসবিলাক নাখালে নহয়েই! সিহঁত বন্ধু হ'ল যদিও এনেবোৰ কথাৰ বাবে অলপ দূৰে- দূৰে থাকে আৰু খোৱা-বোৱাৰ ক্ষেত্ৰতো কাউৰীক অলপ নিলগাই ৰাখে। কুকুৰা আৰু মইনাৰ এনে আচৰণ কাউৰীৰ চকুতো ধৰা পৰিছিল। এই কথাটোত কাউৰী ইমানেই ক্ষুন্ন হ'ল যে কেনেকৈনো কুকুৰা আৰু মইনাৰ মাজৰ বন্ধুত্বত ভাঙোন আনিব পাৰি, তাৰে চিন্তাত দিন কটাব ধৰিলে।

 

এদিন ধূৰ্ত কাউৰীয়ে সুযোগ পালে….। কিবা ব্যক্তিগত কাৰণত মইনাই  বাহিৰলৈ যাব লগা হ'ল। কুকুৰাই শুই আছিল বাবে জগাই আমনি দিব নিবিচাৰিলে। কিন্তু কুকুৰাই সাৰ পাই উঠি মইনাক নেদেখি কাউৰীক মাত লগালে। কাউৰী নামি আহিল আৰু মইনা কোনোবা বেলেগ বন্ধুৰ লগত ফুৰিব যোৱা বুলি ক'লে। কেৱল আজিয়েই নহয়, ইতিমধ্যে কাউৰীয়ে বহু দিনৰ পৰাই মইনাক সেই বন্ধুৰ লগত ফুৰিবলৈ যোৱা দেখা বুলিও ক'লে। সেই নতুন বন্ধুও বহু ওপৰলৈ উৰিব পাৰে বাবে মইনাৰ ঘৰলৈ প্ৰায়ে আহে বুলিও ক'লে। কুকুৰাৰ বিশ্বাস হোৱা নাই যদিও কথাটো মিলি যোৱা যেন দেখি কিছু বিশ্বাস নকৰাও নহয়। সেয়ে মইনাই আহি কুকুৰাক মাত লগালত মইনাই বৰ ভাল মাত নাপালে।

 

ইফালে মইনা গৈ খোৰোংত সোমোৱাৰ লগে লগে কাউৰীয়ে কুকুৰাৰ কথা লগাব আহিল। মইনাৰ হেনো চকুৰ তলৰ মঙহখিনি দেখি কুকুৰাই সদায় কাউৰীৰ আগত হাঁহে। লগতে চিকমিকাই থকা পাখি বিলাকৰ লগত হালধীয়া ঠোঁটটো চাই চাই বৰ হাঁহে । ওপৰত অৰ্থাৎ গছজোপাৰ ওপৰৰ কোনোবা এটা ডালত বহি যেতিয়াই তেতিয়াই কুকুৰাৰ কথা লগাই থকা হ'ল। কাৰণ কুকুৰা ওপৰলৈ উঠিব নোৱাৰে। সেয়ে কাউৰীয়ে মইনাক ভালকৈ কাৰায়ত্ত কৰি ল'লে। অৱশেষত এনেদৰে থাকোঁতে কুকুৰা আৰু মইনাৰ বন্ধুত্বত ফাঁট মেলিব ধৰিলে। ধূৰ্ত কাউৰীয়ে কথাটোত খুব ৰং পালে। কেতিয়াবা কুকুৰাক মইনাৰ কথা, কেতিয়াবা মইনাক কুকুৰাৰ কথা লগোৱা কামটোত সফল হৈ আৰু দুয়োৰে মাজত বিভেদ সৃষ্টি কৰিব পাৰি কাউৰী বৰ সুখী হ'ল। দুই বন্ধুৰ মিলা-মিচা আগৰ দৰে হৈ নাথাকিল!

 

কিন্তু কাউৰীৰো এদিন বেয়া দিন আহিল। হাবিখনৰ দাঁতিতে থকা মানুহ এঘৰত আচাৰ বনাবলৈ আমৰ টুকুৰা ডলা এখনত মেলি থৈছিল। কাউৰীয়ে দেখি লোভত ৰ'ব নোৱাৰিলে আৰু মানুহ নথকা সুযোগ গ্ৰহণ কৰি এটুকুৰ দুটুকুৰকৈ আম থপিয়াই আনি থাকিল। তেনেকৈ আনি থাকোঁতে মানুহঘৰৰ ল'ৰাটোৱে মাছ ধৰা পোলটোৰে কাউৰীক সুযোগ বুজি জপতিয়াই ধৰি বন্দী কৰি থ'লে। কাউৰীয়ে বা- বতাহ পাইছে যদিও খাবলৈ একো পোৱা নাই । ইফালে দুই বন্ধুৱে কথাটো এদিন গ'ল দুদিন গ'ল তিনিদিনৰ দিনা কাউৰীক যে দেখা নাই সেই বিষয়ে পাতিলে। যিহেতু একেজোপা গছতে তিনিও থাকে গতিকে দুয়ো লগলাগি কাউৰীৰ একে জ্ঞাতিৰে বেলেগ এজনী কাউৰীক লগ ধৰি সুধিলে আৰু সকলো কথা গম পালে। সেই অন্য কাউৰীজনীৰ পৰা এইটোও গম পালে যে  কুকুৰা আৰু মইনাক  মিছা কথা লগাই লগাই বন্ধুত্ব ভাঙিব পাৰি কাউৰীয়ে  বৰ ফুৰ্তি পাইছে আৰু সেইবোৰ সকলো হেনো হাবিখনৰ আন চৰাইৰ আগত কৈ কৈ হাঁহে। অন্য কাউৰীজনীৰ মুখত মইনা আৰু কুকুৰাই শুনি বিশ্বাস কৰিব বাধ্য এই কাৰণেই হ'ল কাৰণ কাউৰী আহি সিহঁতৰ বন্ধু নোহোৱালৈকে সিহঁতৰ কেতিয়াও মনোমালিন্য হোৱা নাছিল। সিহঁত দুয়োৱে এটা কথা উপলব্ধি কৰিলে যে সিহঁতৰ আগৰ দৰে শান্তি নাইকিয়া হৈছে। দুয়ো বন্ধুৱে আকৌ সাৱটা সাৱটি কৰি আৰু কেতিয়াও বেলেগৰ কথা শুনি বন্ধুত্বৰ সম্পৰ্ক নষ্ট নকৰে বুলি শপত খালে। কিন্তু সিহঁত দুয়ো ভাল বাবে কাউৰীক বন্দী কৰি থোৱা মানুহ ঘৰৰ চোতাললৈ গৈ সেই পোলটো মইনাই টান ঠোঁটেৰে আৰু কুকুৰাই ঠেং দুখনেৰে কিবাকৈ অকণমান বেকা কৰি উলিয়ায় আনিলে। কাউৰী উদ্ধাৰ হৈয়ে দুয়োকে আকৌ একেলগে দেখি ভুল বুজিব পাৰিলে আৰু দুয়োকে সাৱটি হুকহুকাই কান্দিবলৈ ধৰিলে । তাৰপিছত কাউৰীয়ে প্ৰতিজ্ঞা কৰিলে যে কাৰোবাৰ মাজত কাজিয়া লগাবলৈ, মিছামিছিকৈ কথা লগোৱা ধৰণৰ এনে নিকৃষ্ট কাম কেতিয়াও নকৰে।

 

এতিয়া মইনাহঁত গম পালানে? বন্ধুত্ব স্থাপন কৰোতে সদায় বন্ধুজনৰ বিষয়ে ভালকৈ নজনাকৈ সম্পৰ্ক স্থায়ী কৰিব নালাগে আৰু প্ৰমাণ নোহোৱাকৈ আনৰ কথা কেতিয়াও বিশ্বাস কৰিব নালাগে।


*******


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page