নামবৰৰ বিবলু
- নিৰু দত্ত, সৰুপথাৰ উ:মা: বিদ্যালয়,ৰসায়ন বিজ্ঞান বিভাগ

- Jan 9
- 4 min read

নিৰু দত্ত, নিশান্ত নিবাস
১নং পদুমনি, সৰুপথাৰ
কালি ৰাতিটো বিবলুৰ উজাগৰে পাৰ হ'ল। দঁতাল বীৰুৱে তাক দল এৰিবলৈ নিৰ্দেশ দিলে। সেই কণমানিটোৰ পৰা সি এই জাকটোৰ মাজতে ডাঙৰ হৈছে। সি সৰুৰে পৰাই বৰ চটফটীয়া। তেতিয়া এই লৈ কিন্তু কাৰো একো আপত্তি নাছিল । বুঢ়া-মেথা সকলোৱে তাৰ উৎপতীয়া ধেমালিত চামিল হৈ আনন্দহে পাইছিল। অৱশ্যে দুবাৰ কৈ চাহ বাগানৰ নলাত পৰা দুৰ্ঘটনাত মাকে তাক গোটেই জাকৰ আগতে ককৰ্থনা কৰিছিল। আকৌ এবাৰ পানী খাবলৈ দৈয়াংৰ গৰাইদি নামি যাওঁতে কোমল ৰঙামাটিত লাগি ধৰি দুদিন আটাহ পাৰি থাকিবলগীয়া হৈছিল। গাঁৱৰ মানুহবোৰে তাক উঠাবলৈ আহিছিল যদিও ওচৰে-পাজৰে মাকজনী ৰৈ থকাৰ বাবে তেওঁলোকে বিবলুৰ কাষলৈ আহিবলৈ ভয় কৰিছিল। পিছত বন্দুক লোৱা ফৰেষ্ট গাৰ্ড আহি তাক বচালেহি বুলিহে।
এবাৰ সিহঁতৰ জাকটোৱে হাবিতলীয়া গাঁওখনৰ কাষে কাষে কলগছ, ধান আদি খাই আগবাঢ়ি গৈছিল। ধাননী নেফানেফ নকৰিবলৈ তাহাঁতক সকিয়াই দিয়া হৈছিল। সৰুবোৰক চম্ভালিবলৈ টান। সি আৰু লগৰ সৰু দুটামানে মাকহঁতৰ পৰা ফালৰি কাটি ধাননীৰ মাজলৈ গৈছিল। আঘোণৰ আৰম্ভণিৰ সময় আছিল। পথাৰত পানী শুকুৱা নাছিল । গুলু আৰু সি দুয়োটা বোকাত সোমাই গৈছিল। তাক মাকে যেনেতেনে টানি উলিয়ালে। গুলুক নোৱাৰিলে। দুদিনমান কন্দা-কটা কৰি গুলু তাতে পৰি থাকিল। পিছত ফৰেষ্টৰ মানুহে উদ্ধাৰ কৰি বন্যপ্ৰাণী সুৰক্ষা আৰু পুনঃস্থাপন কেন্দ্ৰৰ সহযোগত তাক সুস্থ কৰিলে। গুলু এতিয়া কাজিৰঙাত আছে হেনো। পৰ্যটকক পিঠিত তুলি গোটেই কাজিৰঙাখন দেখুৱায় হেনো।
জাকৰ পৰা খেদা খাই বিবলুৰ অৰণ্যখনত থাকিবলৈ মন নোযোৱা হ'ল। দৈগ্ৰোং আৰু ধনশিৰি নদীৰ উৰ্বৰা উপত্যকাত গঢ় লৈ উঠা সাতামপুৰুষীয়া নামবৰ অৰণ্যত সি জনম পোৱাটো গৌৰৱৰ কথা বুলিয়ে ভাবে। এসময়ত কি যে অগাইধ হাবি নাছিল নামবৰখন! ওখ ওখ গছবোৰৰ তলত সৰু সৰু জোপোহা গছবোৰ। মুকলি ঠাইবোৰত কিছু পৰিমানে ঘাঁহ গজে। লতাবোৰে ওখ গছত মেৰ খাই খাই ওপৰলৈ উঠে। এজোপা লতা চোবাবলৈ বৰ ভাল পাইছিল জন্তুবোৰে। বহুত পানী ওলায় লতাডালৰ পৰা। আজিকালি সেই লতাবিধ অৰণ্যখনত নোহোৱা হ'ল। লতাবোৰত বৰ ধুনীয়া ফুল ফুলে। ফল-মূলৰ গছবোৰত কলি পেলায়হে, বান্দৰমখাই তেনেই তহিলং কৰে। বাৰিষা ওখ ডাঙৰ গছবোৰত নানান ৰঙৰ ফুল ফুলে। গছবোৰে যেন ৰঙীণ চামিয়না তৰে। তলসৰা ফুলে দলিচা পাতে। গছৰ ধোন্দত ধনেশ, বাঢ়ৈটোকা কত কি চৰাইৰ সংসাৰ! ওখ ওখ চতিয়না গছৰ ফেৰেঙণিত বৰটোকোলাই বাহ সাজে। শগুণৰো চুবুৰী থাকে। সেইবোৰৰ ওচৰলৈ কি যাবা! মাছ-মঙহৰ গেলা গোন্ধত নাক কোচ খাই আহে।
এচিয়ান হাইৱে, মানে ৩৯ নং ঘাইপথটো হাবিখন দুফাল কৰি কাৰ্বিআংলং হৈ ডিমাপুৰৰ ফাললৈ গৈছে। বৰষুণৰ বতৰত হাতীবোৰ জাক পাতি ৰাষ্টাত থাকে। পেলৌ পেলৌ জোক, লমা লমে গছত ওলমি থাকে। জন্তুবোৰক পালেই তেজ সোহে। সেয়ে জন্তুবোৰ ৰাষ্টাৰ ফাললৈ ওলাই আহে। বৰুৱাবামুন গাঁৱৰ চেনীকললৈ এসময়ত ট্ৰাকে ট্ৰাকে কুঁহিয়াৰ এই বাটেদিয়ে নিছিল। মাক-দেউতাকহঁতে গাড়ী আগচিলে কুঁহিয়াৰ খাবলৈ পাইছিল। সেইবোৰ বিবলুৱে শুনা কথাহে। কুঁহিয়াৰ সি আজিলৈকে খায়েই পোৱা নাই।
বিবলুৰ পেটে ভোকত কলমলাবলৈ ধৰিলে। কালি সন্ধ্যাতে আধাপেটিকৈ আধাকেঁচা ধান এডৰা খাইছিল সি। আচলতে ঘটনাটো তাতেই আৰম্ভ হৈছিল। এই বছৰ মেল পাতি সিহঁতে গাঁৱৰ খেতিয়কৰ খেতি অনিষ্ট নকৰাৰ সিদ্ধান্ত লৈ থৈছিল। হাতীকূলৰ বাবে কৃষকে এবিঘামান ধানখেতি কৰি থৈছিল। ইমানবোৰ হাতীলৈ সেয়া এপাচি কচুশাকত এটা জালুকহেন। চকুৰ সমুখত ইমানবোৰ ধান দেখি বিবলুৰ বোধশক্তি কমি আহিল। সি গজগজকৈ গৈ ধাননীডৰাত সোমালগৈ আৰু মোকোৰা-মোকোৰে খাই গোটেইখন তহিলং কৰিলে। তাতেই দলপতিৰ ৰোষত পৰিল সি। অলপ দিনৰ পৰা বিবলুৱে জাকত গুণ্ডাগিৰি কৰি ফুৰা বাবে গৰিহণা খায়েই আছিল। কালি নিয়ম ভঙাৰ অপৰাধত সি দলত্যাগৰ দৰে শাস্তি পালে। সি ৰাতি হাবি ভাঙি ওলাই আহোতে দিশ পাহৰি ভুলতে শিলনীজানৰ ওচৰ পালেগৈ। সৰুকৈ বজাৰ এখন গঢ়লৈ উঠা ঠাইকণত ভালেমান হোটেলো আছে। তাতে ডিমাপুৰৰ ফালৰ যাত্ৰীবাহী গাড়ীবোৰ ৰয়হি। দোকানৰ ফল-মূলবোৰলৈ তাহাঁতৰ লোভ লাগে যদিও দলপতিৰ কাঢ়া নিৰ্দেশ কোনেও অমান্য নকৰে। সি ৰাতি ৯ টা মান বজালৈকে নামবৰ অৰণ্যৰ মাজেদি যোৱা এছিয়ান হাইৱেতে ৰৈ থাকিল। সৰুপথাৰ - ডিমাপুৰ আদি ফালৰ পৰা অহা সৰু সৰু গাড়ীবোৰ আৰু বাইকচালকবোৰে বিবলুৱে ৰাষ্টা ভেটি থোৱা দেখি ৰৈ যায়। সি আমনি নকৰা দেখিলে সাউৎকৈ কাষেৰে পাৰ হৈ যায়। ডাঙৰ চকাৰ ট্ৰাকবোৰে অৱশ্যে তালৈ কেৰেপ নকৰি ধীৰে ধীৰে পাৰ হৈ যায়। ট্ৰাক কেইখনৰ আঁৰ লৈ মটৰ চাইকেলত অহা কেইজনো কোবেৰে পাৰ হৈ যায়গৈ। এনেয়ে মন বেয়া, কাকো খেদাখেদি কৰাৰ মতলব তাৰ আজি নাই।
এখোজ দুখোজকৈ আহি আহি বিবলু মাজ নিশা গৰম পানীৰ উহঁ পালেহি। লুণীয়া পানীখিনিৰ সোৱাদ তাৰ জিভালৈ আহিল। সৰুতে জাক পাতি আহি পুখুৰীত জলকেলি কৰালৈ মনত পৰিল। বিবলুৰ বৰ পিয়াহ লাগিল। পুখুৰীটো বেৰা দিয়া আছে। সেয়া ভাঙিবলৈ তাৰ মন নগ'ল। আৰু আগুৱায় গৈ থাকিল। যুৰীয়া দলঙৰ ওচৰতে ক্ষন্তেক ৰৈ ধনশিৰিলৈ নমাৰ বাট বিচাৰিলে। আকাশৰ জোনটো পানীলৈ নামি অহাৰ দৰে লাগিছে। টেঙানিলৈ যোৱা বাঁহৰ দলংখন আধা সজা হৈ আছে। শুড়ডালেৰে অলপ পানী সি মুখলৈ মাৰি দিলে। তাৰ এবেগতীয়া বগা দাঁতদুটা পানীত জিলিকি উঠিল। দুচাটিমান পানীৰে গাটো তিয়াই সি আকৌ বাট বুলিলে।
আকাশখন পুহৰি পুহৰি হৈ আহিছে। অলপ অলপ চেঁচাও পৰিছে। গেজেপনি মৰা ঠাইখিনি পাৰ হৈ অলপ মুকলি ঠাইকণ কুঁৱলিত ডুবি আছে। ৰাষ্টাত গাড়ী-মটৰ এখন দুখনকৈ বাঢ়ি আহিছে। বিবলুৰ সেইবোৰলৈ কাণসাৰ নাই। সি শুড়ডাল জোকাৰি জোকাৰি ৰাষ্টাৰ কাষে কাষে গৈ থাকিল। এছ পি টাৰ্ণিং পাই তাৰ দুৰ্ঘটনা দুটামানলৈ মনত পৰিল। ইয়াতে বাছ এখনে ঢেকীয়াপতিয়া বাঘিনী এজনী খুণ্ডিয়াই মাৰিছিল। তাইৰ সমাধিটোৰ ওচৰতে লগৰীয়া বাঘটোৱে ভালেমান দিনলৈ গুজৰি গুমৰি থাকিছিল। এসময়ত এই বাটচোৱাত ডকাইতি হৈছিল। ডকাইতে ধন-বিত, গাড়ী আদি কাঢ়ি মানুহক হাৰাশাস্তি কৰিছিল। হঠাৎ বিবলুৱে সমুখত ভালে কেইখন সৰু-বৰ গাড়ী ৰৈ থকা দেখিলে। তেতিয়াহে তাৰ হুঁচ আহিল যে নিশাচৰ জন্তুৰ হাবি সোমোৱাৰ সময় কেতিয়াবাই পাৰ হ'ল। সমূখতে গাড়ী এখনৰ পৰা নামি আহি ল'ৰা এটাই মোবাইলেৰে তাৰ চাল-চলন ভিডিঅ' কৰি থকা দেখি তাৰ টিঙিচকৈ ৰাগ উঠি আহিল। ই বেটাই যদি ফেইচবুক নে কি সেইখনত মেলি দিয়েগৈ হ'লেই আৰু! গোটেই হস্তীকূলে তাক দেখা পাব! সি ল’ৰাটোক ভয় খোৱাও বুলি সেইফালে এচোঁচা মাৰোতেই আন এখন গাড়ীত বহি থকা আইতা এজনী দেখা পালে। আইতাই হাত যোৰ কৰি বিবলুক বাট এৰি দিবলৈ খাটিলে। বিবলুৰ মনটো ফৰকাল লাগিল। কোনোবাই ট্ৰাক এখনৰ পৰা এঠোকা আধা পকা কল তালৈ আগবঢ়ালে। ওচৰতে হাতী দণ্ডি এটা আছিল। কলঠোকা শুড়েৰে সাৱতি লৈ বিবলু দণ্ডিটোৰে হাবিলৈ সোমাই গ'ল।
############





Comments