top of page
  • Black Facebook Icon
  • Black Instagram Icon

মৰতৰ শেৱালি - সৰগৰ শোক

Writer: ৰাধিকা দাস কলিতা, বশিষ্ঠ, গুৱাহাটী
ৰাধিকা দাস কলিতা, বশিষ্ঠ, গুৱাহাটী
5 days ago
4 min read


ৰাধিকা দাস কলিতা, গুৱাহাটী

 

মৰমৰ মইনাহঁত, শেৱালি ফুলিবলৈ আৰম্ভ কৰিলে আমি শৰৎকাল পৰিল বুলি কওঁ নহয়নে? আকৌ এপাহ দুপাহমান শেৱালি ফুলা আৰম্ভ কৰিলেই কওঁ যে দুৰ্গাপূজা আহি দুৱাৰমুখ পালেহিয়েই। অৰ্থাৎ শেৱালি ফুলে আমালৈ দুই হাতত লৈ দুৰ্গাপূজা আৰু শৰতৰ সুবাস কঢ়িয়াই আনে।

 

সুগন্ধি শেৱালি ফুলৰনো পৃথিৱীত কেনেদৰে জন্ম হ'ল, তাক লৈ এটা অতি মনোৰম কাহিনী প্ৰচলিত আছে। তোমালোকে কাহিনীটো শুনি নিশ্চয় বৰ ভাল পাবা। মোৰো ক'বলৈ বৰ মন গৈ আছে। এতিয়া কওঁ, তোমালোক আটায়ে মন দি শুনাচোন……

 

আমাৰ এই ধুনীয়া পৃথিৱীখনৰ জন্মৰ সময়ৰে কথা। সৰগৰ কথা। মানে য'ত সৃষ্টিকৰ্তা ব্ৰহ্মা, পালনকৰ্তা বিষ্ণু আৰু সংহাৰকৰ্তা শিৱৰ উপৰি এইসকলৰ পত্নী- পৰিয়াল থাকে। আৰু থাকে তেত্ৰিশজন দেৱতা, মানে দেৱ-দেৱীসকলো। এইসমূহৰ লগতে থাকিছিল অপেছৰী মানে অপ্সৰাসকল --- যাক পৰী বুলি কোৱা হয়। অতি সুন্দৰী পৰীসকল আছিল সৰগৰ নাচনী। সৰগৰ মনোৰঞ্জনৰ আহিলা এই পৰীসকল অনবৰত নৃত্যৰত আছিল। অপ্সৰা, অপেছৰী বা পৰী— তোমালোকে যি বুলিয়েই নামাতা কিয়, সিহঁতৰ সমানেই সুন্দৰী সিহঁতৰ এগৰাকী মৰমিয়াল মাকো আছিল।

 

শৰত কালৰ আকাশ! অতি বিতোপন! বছৰটোৰ আটাইতকৈ ধুনীয়া তৰাভৰা নিৰ্মল আকাশ। সুন্দৰ পৰিবেশ দেখি এদিন জোনাক নিশা পৰীসকলৰ মৰতত ঘূৰি ফুৰিবলৈ, মৰত দৰ্শন কৰিবলৈ প্ৰবল ইচ্ছা জাগিল। আটাইবোৰ পৰী লগহৈ মাকক কুটুৰিবলৈ ধৰিলে। মুঠতে সিহঁতে মৰতলৈ নামি আহিবই।

 

প্ৰথমতে মাক মান্তি হোৱা নাছিল। পাছত ধুনীয়া ধুনীয়া মৰমৰ জীয়েক কেওজনীক দুখত ম্ৰিয়মাণ হোৱা দেখি দুখমনে সন্মতি প্ৰদান কৰে। মাকে অনুমতি দিলে, কিন্তু এটা চৰ্তত। সিহঁতে যেন মৰত দৰ্শন কৰিয়েই তৎক্ষণাৎ সৰগলৈ উভতি যায়। কিবাকৈ পোহৰ হ'বলৈ হ'লে সিহঁতে আৰু কোনোদিনে সৰগলৈ উভতিব নোৱাৰিব।

 

মাকৰপৰা সন্মতিসূচক ইংগিত পাই তেওঁলোক আনন্দত মতলীয়া হ'ল। আটাইবোৰ পৰী মানে অপ্সৰা কালসন্ধিয়া পাখিলগা দেউকা কোবাই কোবাই সোণৰ ৰূপৰ জখলাৰে মৰতলৈ নামি আহিবলৈ ধৰিলে। মৰতৰ সৌন্দৰ্য দেখি আনন্দত মতলীয়া হৈ পৰে কেওজনী। কোনোদিন মৰতত ভৰি দি নোপোৱা অপ্সৰাসকলৰ উলাহে নধৰে হিয়া। ধৰাৰ বুকুত নাচ গান কৰিবলৈও প্ৰবল ইচ্ছা জাগিল সিহঁতৰ। মৰতৰ মানৱীয় আনন্দত মতলীয়া হৈ নাচৰ কোবত অপ্সৰাৰ গাৰ কানি-কাপোৰৰ লাগ-বান্ধ নোহোৱা হৈ পৰিল। মৰতৰ নিচাই বাৰুকৈয়ে পালে। শৰতৰ আকাশৰ তৰাভৰা জোনাক ৰাতিৰ সৌন্দৰ্য দেখি সিহঁত যে সৰগৰ অপ্সৰা, তাক সমূলি পাহৰি গ'ল। সিফালে সৰগত মাক অধৈৰ্য হৈ মহা-চিন্তাত দোলকৰ দৰে ইফাল-সিফাল কৰি আছে।সময় নাযায় নুপুৱাই। আজলী জীয়েকহঁতৰ বাবে তেওঁ লাহে লাহে উত্ৰাৱল হৈ পৰিল।


হেন সময়তে এটা বৰ ডাঙৰ ঘটনা ঘটিল। জগতৰ সৃষ্টিকৰ্তা চতুৰ্মুখ ব্ৰহ্মাই দেৱৰাজ ইন্দ্ৰৰ দ্বাৰা সৰগত এখন বৰ ডাঙৰ আৰু শাৰদীয় বিশেষ সভাৰ আহ্বান কৰিছে। তাত সকলোকে উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। সভাত সকলো সময়মতে উপস্থিতো হ'ল। সু-দিহা-পৰামৰ্শ দিবলৈ দেৱগুৰু বৃহস্পতি পত্নী তাৰা সহিতে আহি আসন শুৱনি কৰিছেহি। লগত দুই পুত্ৰ কচ আৰু ভৰদ্বাজ। দেৱতাসকলৰ কুলগুৰু বৃহস্পতি অংগিৰা ঋষিৰ পুত্ৰ আছিল। সপ্তৰ্ষি--- অত্ৰি, অংগিৰা, ক্ৰুতু, পুলস্ত্য, পুলহ, বশিষ্ঠ আৰু মৰীচি আদিয়েও শাৰী পূৰাই বহিলহি। এইসকল আচলতে সপ্তঋষিৰ নামেৰে সুখ্যাত এজাক তৰাৰ দল। দেৱৰাজ ইন্দ্ৰৰ কাষত বহিলহি পত্নী ইন্দ্ৰাণী অৰ্থাৎ শশী। ধন সম্পদৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী আৰু নাৰায়ণো। বিদ্যাৰ অধিষ্ঠাত্ৰী শুভ্ৰ দেৱী সৰস্বতী সহিত স্বয়ং ব্ৰহ্মাদেৱ। যথা সময়ত এককভাৱে বশিষ্ঠ মুনিও উপস্থিত। ব্ৰহ্মলোকত সকলোৱে মিলি ৰঙতে ৰং চৰাইছে।


পৰীবোৰ লাহি-পাহি শুভ্ৰ বগা সাজপাৰ আৰু গোলাপৰ পাহিহেন কোমল, আলসুৱা। পিঠিত জিঞাৰ নিচিনা একেবাৰে একেই দুখন জিলমিলাই থকা ডেউকাৰ দৰে বিতোপন পাখি। তাৰ সহায়ত পৰীয়ে মেঘৰ মাজত উৰি ফুৰে। দীঘল জেতুকাবুলীয়া চুলিকোচা বোৱতী নদীৰ দৰে ভাঁজ লগা। সোণত সুৱগা চৰায় হাতত থকা সোণৰ দণ্ডডালে। সেইডাল আক' পৰীৰ ইচ্ছাধীন। যাদুকৰী দণ্ডডাল ঘূৰাই যি মন যায় তাকে কৰিব পাৰে। পৰীসকলৰ গাৰ আমোলমোল গোন্ধে সৰগত অনবৰতে সুগন্ধি বিয়পাই পৰীৰ অস্তিত্ব যহায়। সাধুকথাত পৰী নামে জনাজাত দীপলিপ চিৰ-যৌৱনা অপ্সৰা সকল আছিল সকলো সৰগবাসীৰে অতিকৈ মৰমৰ।


সকলোৰে সমাগম ঘটাৰ পাছতো ছাঁটোৰে দেখা-দেখি নাই সুগন্ধি বিলোৱা পৰীসকলৰ, অপ্সৰাসকলৰ এজনীৰো। সকলো থাকিও সৰগত যেন কিবা নাই নাই; উদং উদং!  পৰীবোৰৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হ'ল। স্বৰ্গলোক পোহৰতো আন্ধাৰ আন্ধাৰ! সকলোৰে চকুৱে বিচাৰিবলৈ ধৰিলে পৰী ক'ত? ক'ত পৰীসকল? জীয়েকহঁতৰ লগতে মাকজনীও নাই। সেই অময়াপুৰী, যাৰ ৰূপৰ জেউতিত সৰগখন সৰগ হৈ পৰে, সেয়াই নাই! আশ্চৰ্যকৰ!!


"পৰীসকল নাই!"— কথাটো চকুত পৰিল ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰৰো। ত্ৰিদেৱে "কি হ'ল" বুলি আলোচনা কৰিবলৈ ধৰিলে। থকাহ'লে আৰু জেউতি চৰিলহঁতেন। সকলোৰে মন-প্ৰাণ শাঁত পৰিলহেঁতেন। "আজিনো ইমান পলম কৰিলে কিয়" বুলি নাৰদক খবৰ কৰিবলৈও পঠালে। কিন্তু নাৰদে ভয়ে ভয়ে অনা খবৰটো কোনেও নিবিচৰা উত্তৰ। "পৰীসকল সৰগত নাই ৷"

অপ্সৰাসকল সৰগত নাই! ই কেনে কথা?

পৰীসকলৰ মাতৃয়ে কাতৰেৰে হাতযোৰ কৰি আদিৰপৰা অন্তলৈকে সকলো বিৱৰিলে। মাতৃয়ে এইটোও জনালে, কিয় আৰু কি পৰিস্থিতিত তেওঁ জীহঁতক মৰতলৈ ক্ষণিকৰ বাবে হ'লেও পঠাবলগীয়া হ'ল। শৰৎকাল পৰিলেই সিহঁত মৰতলৈ যাবলৈ বছৰি মাকক কুটুৰি থাকে। বহুদিনীয়া হেঁপাহ পলুৱাই এতিয়া জীয়েকহঁত মৰতত ঘূৰি ফুৰিছে।


খঙৰ ভমকত ব্ৰহ্মাই গৰ্জি উঠিল। পৰীসকলৰ মাতৃ ভয়ত কম্পমান হৈ ব্ৰহ্মাৰ ভৰিত উবুৰি হৈ পৰিল— "ক্ষমা ব্ৰহ্মদেৱ, ক্ষমা! আজলী পৰীহঁতক লগতে এই মাতৃকো ক্ষমা কৰিব। এনে ভুল আৰু কেতিয়াও নহয়।"


"ইমান ডাঙৰ ভুল ক্ষমাৰ যোগ্য নহয়।" — ব্ৰহ্মাৰ গৰ্জনত সভাৰ সকলো ভয়ত কঁপি উঠিল। খঙত অভিশাপ দি পৰীবোৰ নোহোৱা হ'লে কি হ'ব! সৰগৰ সৌন্দৰ্যই নাইকিয়া হ'ব। সৰগত হাহাকাৰ লাগি পৰিল। কিন্তু ব্ৰহ্মাদেৱ ক্ষান্ত নহ'ল। সৰগৰ পৰী মৰতত নিশা কটাব! ক্ষমাৰ যোগ্য নহয়। খঙতে তেওঁ পৰীৰাণী, মানে পৰীসকলৰ মাতৃৰ ফালে চাই আঙুলি টোঁৱাই অভিশাপ দিয়ে— তোমাৰ দোষ সবাতোকৈ বেছি। তুমি মৰতলৈ গৈ থিতাপি লোৱা। পৰীবোৰ তোমাৰ সন্তান বাবে তাতো তোমাৰ সন্তান হৈ এনে সময়তে মৰতৰ শোভা বৰ্ধন কৰিব। মাত্ৰ এনিশাৰ বাবেহে তোমাৰ লগত দেখা সাক্ষাত হ'ব। নিশাটো ফুল হৈ ফুলি চৌদিশে আমোলমোল গোন্ধ বিয়পাই পুৱা সূৰুজ উঠাৰ আগতেই ভূমিত বাগৰি পৰিব। 'ৰাতিৰ ৰাণী' নামে সুখ্যাতি লাভ কৰিব।" পৰীৰাণী কান্দি কান্দি ভৰিত উবুৰি হৈ পৰিও অভিশাপৰ পৰা মুক্তি নাপালে।

 

    *****                                          

 ব্ৰহ্মাৰ অভিশাপত নিশাটোৰ বাবে ফুলা এই ফুলৰ আদৰ আৰু সুগন্ধি শুকাই কৰ্কৰীয়া হ'লেও সমানে থাকে। শুভ্ৰ সুন্দৰ ফুলপাহৰ জন্ম কাহিনী দুখজনক হ'লেও পৃথিৱীবাসীৰ বাবে কিন্তু মধুৰ। সেই সময় আছিল শৰৎকাল। সেয়ে শৰৎকালত সকলো দেৱ-দেৱীৰ পূজাই ভিৰ কৰেহি আৰু শেৱালি ফুলে পূজাসমূহত আগস্থান পায়। শেৱালি নিৰপেক্ষ ফুল। কোনো দেৱ-দেৱীক বিশেষভাৱে লাগে বা নালাগে বুলি কোনো কথা নাই।

 

পাৰিজাত বুলিলে অসমৰ বাহিৰৰ ৰাজ্যত

শেৱালি ফুলক বুজায়। শেৱালিফুল হিন্দীভাষী সকলৰ মাজত জনাজাত 'ৰাত কী ৰাণী' নামে। তেওঁলোকে শেৱালি ফুলকে ক্ষীৰসাগৰ মন্থনত পোৱা আৰু সৰগৰ ফুল বুলি কয়। শেৱালি ফুলে তিনি প্ৰহৰে সুগন্ধি বিলায়। শুকালেও ধুনীয়া গোন্ধটো নাইকিয়া নহয়।

 

সঁচাকৈয়ে শেৱালি ফুলৰ আদৰ আৰু সুগন্ধিয়ে আমাক অলপ হ'লেও মতলীয়া কৰে। ফুলৰ বাহিৰেও পাতটোও ঔষধি গুণসম্পন্ন। সেইবাবেই অজস্ৰ কবিৰ কবিতাত স্থান লাভ কৰিছে শৰতৰ শেৱালিয়ে। কবি গীতিকাৰ হীৰেণ ভট্টাচাৰ্যদেৱৰ বিখ্যাত কবিতা আৰু জনপ্ৰিয “আমোলমোল শেৱালিৰ গোন্ধ... “গীতটোৰ কথা আমি সকলোৱে জানো। সমগ্ৰ ভাৰততে শেৱালি ফুলৰ আদৰ আছে। দুৰ্গা পূজাৰ সময়ত পুৱা উঠি শেৱালি বোটলাটো বহুতৰে বাবে এক হাবিয়াস। সকলোতকৈ ডাঙৰ কথা বাকীবোৰ ফুল মাটিত পৰিলে অপবিত্ৰ বুলি গণ্য কৰা হয় আৰু তেতিয়া পূজাত নালাগে। কিন্তু শেৱালি ফুল মাটিৰপৰা বুটলি পূজা কৰা হয়। মাটিত পৰাৰ পাছতো পবিত্ৰতা অক্ষুণ্ণ থাকে।

 

বছৰৰ মাত্ৰ দুটা মাহত শেৱালি ভালদৰে ফুলে। অৰ্থাৎ সৰগৰ পৰী মৰতলৈ নামি আহে পৰীৰ সকলো সৌন্দৰ্য হাতত লৈ। সেই সময়ত সৰগবাসীসকলো দেৱ-দেৱী অপ্সৰাসকলৰ অভাৱত দুখী হৈ চকুপানী টোকে বুলি কোৱা হয়। সৰগখন উৰুঙা হৈ পৰে। শেৱালি ফুলা আৰম্ভ হোৱাৰ লগে লগে নিয়ৰ সৰাৰো আৰম্ভ হয়। শেৱালি ফুলা ভৰ হ'লে নিয়ৰ সৰাও ভৰ হয়। শেৱালি ফুলাৰ লগত নিয়ৰৰ প্ৰত্যক্ষ সম্বন্ধ আছে বুলিব পাৰি। সেয়ে আকাশৰ পৰা চকুপানী সৰি ধৰাৰ লগতে শুভ্ৰ শেৱালিকো ধুৱাই দিয়ে।

 

************

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page