top of page
  • Black Facebook Icon
  • Black Instagram Icon

অসমীয়াৰ যাতনা আজি বুজিব কোনে?

  • Writer: নাং ময়ুৰী বৰগোহাঁই,দশম মান, জয়মতী উ:মা: বিদ্যালয়, মাদুৰি
    নাং ময়ুৰী বৰগোহাঁই,দশম মান, জয়মতী উ:মা: বিদ্যালয়, মাদুৰি
  • Jan 9, 2025
  • 2 min read

নাং ময়ূৰী বৰগোহাঁই, নৱম শ্ৰেণী

                      জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়

                      মাদুৰি, নাজিৰা, শিৱসাগৰ

  

‘বিস্তীর্ণ পাৰৰে, অসংখ্য জনৰে

হাহাকাৰ শুনিও নিঃশব্দে নীৰৱে 

বুঢ়ালুইত তুমি, বুঢ়ালুইত বোৱা কিয়?

                             

~ ভূপেন হাজৰিকা 

মোৰ স্বদেশত আজি 

জাতি, মাটি, ভেটিৰ 

অস্তিত্ব সংকটৰ কলীয়া ডাৱৰ । 

শ্রীময়ী অসমীৰ শীতল বুকু

আজি অগ্নিময় হৈ উঠিছে ।

 

স্বদেশৰ চৌদিশে আজি তেজৰ 

তেলেৰে জ্বলা বিদ্ৰোহৰ জুই;

কৃষ্টি-সংস্কৃতি আজি বিপন্ন!

ধূসৰ ধোৱাঁৰে আজন্ম আজি অসমীয়া ।

 

শৰাইঘাটৰ যুদ্ধৰ ৰণদুৰ্মদ

অসমীয়াৰ বুকুৰ বেথা 

বুজিবলৈ আজি কাৰোৰে সময় নাই ।

আজি অসমীয়াই কি কৰা উচিত?

উপদেশ দিবলৈ লাচিতো নাই ।

 

'নাঙল যাৰ মাটি তাৰ' মহামন্ত্র মাতি 

চহা কৃষক-বনুৱাক জাগ্রত কৰিবলৈ 

আজিতো কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাও নাই ।

শ্ৰমিক-বনুৱাৰ শোষণৰ প্ৰাচীৰ ভাঙি

সাম্ৰাজ্যবাদ আৰু পুঁজিবাদৰ

পণ্য আন্তৰ্জাতিকতা নাশি গীত গাবলৈ 

আজিতো জ্যোতিপ্ৰসাদো নাই ।

 

দিগন্তৰ পম খেদি 

আস্থাহীনতাৰ বিপৰীতে 

প্ৰশস্তিৰ গীত গোৱা 

এক অক্লান্ত পথিক হৈ

মানৱতাৰ জয়গান গাবলৈ

আজিটো সুধাকণ্ঠও নাই!

 

কোনে বুজিব, কোনে বুজিব আজি 

লুইতৰ বুকুৰে বৈ যোৱা 

সহস্র জনতাৰ বুকুৰ বেথা ।

ক্ষত-বিক্ষত বিশুদ্ধ 

মানৱৰ যাতনা আজি বুজিব কোনে?

দেশ-জাতি আজি যায় যায় ।

 

তাহানিৰ শৰাইঘাটৰ যুদ্ধৰ 

ৰণদুৰ্মদ অসমীয়া আজি 

তোষামোদৰ বাঘজৰীত 

বন্দিত্ব হৈ গভীৰ নিদ্রাত মগন ।

আজি অসমীয়া জাগিবৰ হ'ল!

বজ্ৰনিনাদে জাগিবৰ হ'ল! জাগিবৰ হ'ল!

 

সেয়ে সুধাকণ্ঠৰ গীতৰেই আজি অসমীয়াক 

আকৌ সোঁৱৰাব খোজোঁ –

 

‘থলুৱা আৰু নতুন অসমীয়াক

এইবেলি সেৱা যাচিলৈ

সোঁৱৰাব খুজিছো,

অসমৰে ৰাইজে নিজক পাহৰিলে

ভোগালীতো দুৰ্ভোগ পাব,

আৰু বাপতি-সাহোন সেই ৰঙালী বিহুটিও

কঙালীত পৰিণত হ’ব,

আজিৰ অসমীয়াই নিজক নবচালে

অসম ৰসাতলে যাব,

আমি অসমীয়া নহওঁ দুখীয়া

বুলি সান্ত্বনা লভিলে নহ’ব….’ ।

 

~ ভূপেন হাজৰিকা

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page