top of page
  • Black Facebook Icon
  • Black Instagram Icon

অসমৰ প্ৰাণ জুবিন গাৰ্গ

  • Writer: আতিক্সা আৰ্ভি বৰা,মাৰ্ভেল মাঃএকাডেমী,সৰুপথাৰ
    আতিক্সা আৰ্ভি বৰা,মাৰ্ভেল মাঃএকাডেমী,সৰুপথাৰ
  • Jul 14
  • 2 min read


আতিক্সা আৰ্ভি বৰা, সপ্তম শ্ৰেণী,

মাৰ্ভেল মাইণ্ডচ একাডেমী, সৰুপথাৰ, গোলাঘাট

 


পঁজাঘৰৰ সোণালী জলঙাৰে বিশ্বদৰ্শনৰ বিপুলাতয় দৃষ্টি, আকাশমুখী চেতনাৰে আৰু ঈশ্বৰ প্ৰদত্ত কণ্ঠেৰে মানৱতাৰ জয় গান গোৱা মহান শিল্পী অসমৰ প্ৰাণ জুবিন গাৰ্গ ৷ তেখেত আমাৰ হিয়াৰ আমঠু, অসমৰ হাৰ্টথ্ৰব, লুইত কণ্ঠ, হামিং সম্ৰাট ৷ তেখেত আছিল একেধাৰে কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ, অভিনেতা আৰু এজন মানৱদৰদী সমাজসেৱক ৷

 

১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত তেওঁৰ জন্ম হৈছিল ৷ তেওঁৰ পিতৃৰ নাম মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল ইলি বৰঠাকুৰ ৷ তেওঁৰ পত্নীৰ নাম গৰিমা শইকীয়া গাৰ্গ ৷ স্কুলীয়া শিক্ষা যোৰহাট কাৰ্মেল স্কুলত আৰম্ভণি কৰে আৰু ১৯৮৯ চনত তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় ৷ তাৰপাছত যোৰহাট জে বি কলেজৰ পৰা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উৰ্ত্তীণ হয় আৰু গুৱাহাটী বি বৰুৱা কলেজত বি.এচ.চি. পঢ়িছিল যদিও নিজকে সংগীতৰ ক্ষেত্ৰখনত এনেকৈ নিয়োজিত কৰিলে যে তেখেতৰ কলেজীয়া শিক্ষা আধৰুৱা হৈ ৰ’ল ৷

 

১৯৯২ চনত 'অনামিকা'  এলবামৰ জৰিয়তে সংগীত জগতত আত্মপ্ৰকাশ কৰি তেওঁ অসমীয়া, হিন্দী, বাংলা আদি প্ৰায় ৪০ টা ভাষাত ৩৮০০০ ৰো অধিক গীত গাইছিল ৷ ২০০৫ চনত “ গেংষ্টাৰ” বোলছবিৰ “ইয়া আলি” হিন্দী গীতটোৱে তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ বঁটাৰে সন্মানিত কৰিছিল ৷ ইয়াৰোপৰি শ্ৰেষ্ঠ সংগীতৰ বাবে বি এফ জে এৱাৰ্ড, ফ্লিম ফেয়াৰ এৱাৰ্ড, গ্লোবেল ইণ্ডিয়ান ফ্লিম এৱাৰ্ড আৰু ২০২৪ চনত “ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন্‌ল’জী মেঘালয়”এ তেওঁক 'ডি লীট' উপাধি প্ৰদান কৰে ৷ জুবিন গাৰ্গে মৃতপ্ৰায় অসমীয়া চলচ্চিত্ৰ উদ্যোগক পুনৰ উজ্জীৱিত কৰি তুলিছিল ৷ তেখেতে বহুকেইখন অসমীয়া কথাছবি পৰিচালনা আৰু অভিনয়ও কৰিছিল ৷ তেওঁৰ দ্বাৰা পৰিচালিত ছবিসমূহৰ ভিতৰত 'তুমি মোৰ মাথো মোৰ', 'মিছন চাইনা', 'কাঞ্চনজংঘা', 'গানে কি আনে', 'ৰৈ ৰৈ বিনালে' অন্যতম ৷

 

জুবিন গাৰ্গ কিয়নো অসমৰ প্ৰাণ? কাৰণ তেওঁ কেৱল এজন মঞ্চ শিল্পী নাছিল, তেওঁ অসমৰ জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ ৷ তেওঁ আছিল এজন মানুহক ভালপোৱা প্ৰকৃতাৰ্থত সমাজসেৱক ৷ তেখেতে বহুতো দুখীয়া দৰিদ্ৰক চিকিৎসা, শিক্ষা, আৰ্থিক সহায় কৰিছিল ৷ গছ-গছনি আৰু জীৱ-জন্তুক তেখেতে বহুত মৰম কৰিছিল ৷ তেখেতৰ প্ৰকৃতিপ্ৰেম আৰু নিঃস্বাৰ্থ মানৱ সেৱা সকলোৰে বাবে আদৰ্শ স্বৰূপ ৷

 

২০২৫ চনৰ ১৯ ছেপ্তেম্বৰত চিংগাপুৰত অকাল মৃত্যুক সাবটি লোৱা জুবিন গাৰ্গ কায়িক ভাবে আমাৰ মাজত নাই কিন্তু তেওঁৰ গীত আৰু সৃষ্টিৰ মাজেৰে সদায় আমাৰ হৃদয়ত জিলিকি থাকিব ৷

 

জয় জুবিন দা।


🙏🙏🙏🙏🙏🙏


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page