আকবৰ আৰু বীৰবলৰ কাহিনী
- ফাৰহান কুৰেছি, বল’সিং মেঃ স্কুল,বৰপথাৰ

- Jul 12
- 1 min read

ফাৰহান কুৰেছি, চতুৰ্থ শ্ৰেণী
বল’সিং মেম'ৰিয়েল স্কুল, বৰপথাৰ।
এদিন ৰজা আকবৰৰ কি মন গ’ল জানো, তেওঁ ভাবিলে যে দিল্লী চহৰত কিমান কাউৰী আছে তাৰ এটা হিচাপ লোৱা যাওক ৷ এই বুলি ভাবি তেওঁ মন্ত্ৰী বীৰবলক মাতি আনি কাউৰী গণনাৰ ভাৰ দিলে ৷
ৰজাৰ কথা শুনি বীৰবলে কৈ উঠিল…...“মহাৰাজ, আমাৰ দিল্লী চহৰত ছয় হাজাৰ পাঁচশ বাৰটা কাউৰী আছে ৷”
বীৰবলৰ এনে ধৰণৰ বিশদ উত্তৰ শুনি ৰজা আচৰিত হ’ল আৰু তেওঁ সুধিলে “তুমি ইমান বিশদকৈ যে উত্তৰ দিছা ইয়াৰ যদি দুই এটা কম বেছি হয় ?”
বীৰবলে ক’লে “ মহাৰাজ, সেইটো হ’ব পাৰে; দুই এটা কাউৰীৰ সংখ্যা বঢ়া-টুটা হ’ব পাৰে। যদি এই সংখ্যাতকৈ কাউৰী বেছি ওলাই তেন্তে বুজিব লাগিব যে আন চহৰৰ পৰা কাউৰী দিল্লী চহৰলৈ আলহী খাবলৈ আহিছে আৰু যদি কাউৰীৰ সংখ্যা কম ওলাই তেন্তে দিল্লী চহৰৰ পৰা কাউৰী বেলেগ চহৰলৈ আলহী খাবলৈ গৈছে বুলি বুজিব লাগিব ৷”
তেতিয়া ৰজাই বুজিলে বীৰবলৰ কথাই ঠিক ৷ এখন চহৰত জানো নিৰ্দিষ্ট সংখ্যক কাউৰী থাকিব পাৰে ! মন গ’লেই সিহঁতে এখন চহৰৰ পৰা আন এখন চহৰলৈ অহা-যোৱা কৰিব পাৰে ৷
বীৰবলৰ উপস্থিত বুদ্ধি দেখি ৰজাই তেওঁৰ বৰ প্ৰশংসা কৰিলে ৷
&&&&&&&&&&&&&





Comments