top of page
  • Black Facebook Icon
  • Black Instagram Icon

আমি জুবিনৰ দেশৰ মানুহ

  • Writer: তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়,গুৱাহাটী
    তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়,গুৱাহাটী
  • Jan 9
  • 1 min read
জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ, সোণাপুৰ
জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ, সোণাপুৰ

তৃষা দাস, নৱম শ্ৰেণী, প্ৰাগজ্যোতিষ

আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী, গুৱাহাটী

 

 

মেঘালয়ত জন্ম ছিংগাপুৰত মৃত্যু

ইয়াৰ আমঠু আছিলা তুমি

 নীলকণ্ঠ হৈ সুৰ দিছিলা

আঠত্ৰিছ হাজাৰ গীত ৰচি।

 

 সহজ সৰল মনোবৃত্তিৰে

 লৈছিলা সকলোকে আপোন কৰি

 আৰ্ত জনৰ ওচৰত থাকি

 সহায় কৰিছিলা দিনে ৰাতি।

 

জাতি ধৰ্মৰ বিভেদ নাৰাখি

বান্ধিছিলা একতাৰ এনাজৰী

উচিত কথাত মাত মাতিছিলা

ঘেন্তা কাকো খাতিৰ নকৰি।

 

অহংকাৰ, হিংসা, উচ্চ, নীচ শব্দবোৰ

দিছিলা হৃদয়ৰ পৰা মচি

ফুটপাথৰ দোকানত খাদ্য খাইছিলা

মাটিকে পীৰা কৰি বহি।

 

সৰ্বগুণৰ অধিকাৰী আছিলা

নাপালে নৰ পিশাচে চিনি

ষড়যন্ত্ৰৰ চক্ৰবেহুত সোমাই

মাৰিলা সাগৰতে চিৰ ঘুমতি ।

 

তোমাৰ অবিহনে সকলোৱে আজি

কান্দিছে হিয়া ঢাকুৰি

বিশ্বৰ জনগণই হাবাথুৰি খাইছে

তোমাৰ ন্যায় বিচাৰি।

 

নোহোৱা নোপজা কামো কৰি গ'লা

তোমাৰ সমাধি থলী

সৰ্বধৰ্মৰ মানুহে প্ৰাৰ্থনা কৰি যায়

জুবিন মন্দিৰ বুলি ভাবি।

 

ৰাখিব অসমীয়াই প্ৰতিমূৰ্তি সাজি

অমৰ হৈ থাকিবা তুমি

আমি জুবিনৰ দেশৰ মানুহ বুলি

বিশ্বত দিম গৰ্বেৰে চিনাকি।।


🌺🌷🌺🌷🌺🌷🌺

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page