top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

আহোম স্বৰ্গদেউৰ দিনৰ খেল-ধেমালি

  • Writer: শ্ববনম হাজৰিকা, নৱমমান, স্মাৰ্ট পাব্লিক স্কুল, গোৱালপাৰা
    শ্ববনম হাজৰিকা, নৱমমান, স্মাৰ্ট পাব্লিক স্কুল, গোৱালপাৰা
  • Jul 6, 2024
  • 2 min read

Updated: Sep 22, 2024

ree

শ্ববনম হাজৰিকা, নৱমমান,

স্মাৰ্ট পাব্লিক স্কুল, গোৱালপাৰা

আহোম স্বৰ্গদেউসকলে নিজৰ আৰু প্ৰজাসকলৰ মনোৰঞ্জনৰ কাৰণে আৰু জনসাধাৰণৰ মাজত ঐক্য-সম্প্ৰীতিৰ ভাৱ জগাই তুলিবৰ বাবে ৰাজ- ভঁৰালৰ ধন খৰচ কৰি হ’লেও সময়ে সময়ে বিভিন্ন খেল-ধেমালি প্ৰতিযোগীতাৰ আয়োজন কৰিছিল ৷ এইবোৰ প্ৰতিযোগিতাত, স্বৰ্গদেউৰ লগতে ৰজাঘৰীয়া লোকসকল, অন্যান্য ডা-ডাঙৰীয়াসকল আৰু তেওঁলোকৰ পা-পৰিয়ালবৰ্গৰ উপৰিও সাধাৰণ পাইক-প্ৰজালৈকে সকলোৱে উপস্থিত থাকি সমজুৱাকৈ আনন্দ উপভোগ কৰিছিল। প্ৰধানকৈ তলত উল্লেখ কৰা খেল-ধেমালিবোৰ চাই সকলোৱে আনন্দ উপভোগ কৰিছিল:

 

  • হাতী যুঁজ : স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্ব কালৰে পৰাই ৰংঘৰৰ বাকৰিত এই হাতী যুঁজ অনুষ্ঠিত কৰা হৈছিল ৷

 

  • ম’হ যুঁজ : খেতি চপোৱাৰ পিছত মুকলি পথাৰত আৰু ৰংঘৰৰ বাকৰিত মাঘ বিহুৰ সময়ত ম'হ যুঁজ অনুষ্ঠিত হয় ৷ ব’হাগ বিহুৰ সময়তো ম’হ যুঁজ পতা হৈছিল ৷

 

  • কুকুৰা যুঁজ : আহোম ৰাজত্ব কালৰ পৰাই কুকুৰা যুঁজ এক পৰম্পৰাগত খেল হিচাপে চলি আহিছে ৷ কুকুৰাৰ মালিক দুজনে প্ৰথমে মুকলি ঠাইলৈ গৈ দুফালে দুজনে বহি কুকুৰা দুটাক যুঁজিবলৈ আগবঢ়াই দিয়ে ৷ বগা কুকুৰা ৰজাৰ প্ৰতীক আৰু ৰঙা কুকুৰা প্ৰজাৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল ৷ বগা কুকুৰা হাৰিলে ৰজা ঘৰৰ অমংগল আৰু ৰঙা কুকুৰা হাৰিলে প্ৰজাৰ অমংগল হ'ব বুলি বিশ্বাস কৰা হৈছিল ৷

 

  • বুলবুলি চৰাইৰ যুঁজ : আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই তীৰ্থ নগৰী হাজোত বুলবুলি চৰাইৰ যুঁজৰ পৰম্পৰা আৰম্ভ কৰিছিল ৷ চৰাইৰ গৰাকীয়ে বিভিন্ন ঠাইৰ পৰা বুলবুলি চৰাই ধৰি আনি যুঁজৰ বাবে প্ৰশিক্ষণ দিয়ে ৷ যুঁজৰ আগদিনা নিচাজাতীয় দ্ৰব্য খুৱাই চৰাইবোৰৰ খং বঢ়াই লয় ৷ যুঁজত যিটো চৰাই জয়ী হয় সেই চৰাইটোৱে পৰাজিত হোৱা চৰাইটোৰ বুকুত বহিলৈ পৰাক্ৰম দেখুৱাই। হাজোৰ হয়গ্ৰীৱমাধৱ মন্দিৰৰ প্ৰাংগনত মাঘৰ বিহুৰ প্ৰথম দিনা এই যুঁজ অনুষ্ঠিত হয় ৷

 

  • শেনৰ যুঁজ : আহোম ৰজাৰ ৰাজত্ব কালত কুকুৰা যুঁজৰ দৰে শেন যুঁজও অনুষ্ঠিত হৈছিল। এই শেন যুঁজ তদাৰক কৰা বিষয়াজনক "শেনচোৱা বৰুৱা" উপাধি প্ৰদান কৰা হৈছিল। এই খেলত জয়ী হোৱা শেনৰ ওজাই ৰজাঘৰীয়া বঁটা লাভ কৰিছিল ৷

 

  • কণী যুঁজ : উজনি অসমত ব’হাগ বিহুৰ প্ৰথম দিন, গৰু বিহুৰ দিনা কণী যুঁজোৱা হয় ৷ কণী যুঁজত এজনে কণীটোৰ এটা মূৰ উলিয়াই পাতি দিয়ে ৷ আনজনে এটা কণী লৈ কণীৰ মূৰে মূৰে  যুঁজায় ৷ এটা মূৰ ভাঙিলে আনটো মূৰ পাতি দিয়ে ৷ আনজনে আনটো মূৰ উলিয়াই আকৌ যুঁজায় ৷ দুয়োটা মূৰ ভাগিলে ভগাজনৰ কণীটো নভগাজনে লাভ কৰে ৷

 

  • নাওখেল : নাওখেল বৈষ্ণৱ সংস্কৃতিৰ অৱদান ৷ বিশেষকৈ শংকৰদেৱৰ সত্ৰসমূহতেই এই খেলৰ প্ৰচলন আছে ৷

 

বৰ্তমান সময়ত কিছুমান পশু-পক্ষীৰ সংখ্যা হ্ৰাস হৈ অহাৰ লগেলগে এনেবোৰ খেল-ধেমালি প্ৰায় লোপ পাই আহিছে ৷ কিন্তু মল্ল যুঁজ, যাঠি যুঁজ, নাও খেল, দৌৰা, গছত উঠা, ধনু-কাঁড় খেল, জাঁপ মৰা ইত্যাদি খেল য'ত পশু-পক্ষীৰ ব্যৱহাৰ নহয়, তেনে খেলবোৰ সমাজত প্ৰচলিত আছে ৷ এনেবোৰ খেল-ধেমালিয়ে নতুন নতুন প্ৰতিভাৰ জন্ম দিছে আৰু ভৱিষ্যতও নিশ্চয় দিব ৷ 


%%%%%%%

Kommentare


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page