top of page
  • Black Facebook Icon
  • Black Instagram Icon

কৃত্ৰিম বুদ্ধিমত্তা আমাৰ সহচৰ

  • Writer: নাং ময়ুৰী বৰগোহাঁই,দশম মান, জয়মতী উ:মা: বিদ্যালয়, মাদুৰি
    নাং ময়ুৰী বৰগোহাঁই,দশম মান, জয়মতী উ:মা: বিদ্যালয়, মাদুৰি
  • Jul 12, 2025
  • 1 min read

Updated: Jul 19, 2025

নাং ময়ূৰী বৰগোহাঁই, দশম শ্ৰেণী

                     জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ 

 

মানৱ আধাৰত আজি চিন্তাৰ জোনাক,

প্ৰযুক্তিৰ বুকুত জ্বলিছে এক অগনি,

মানৱ বুদ্ধিৰ প্ৰতিচ্ছবি যেন,

তথ্যৰ কাষে-কাষে মানৱ জীৱন।

 

কৃত্ৰিম বুদ্ধিমত্তা, এক নিস্তব্ধ চেতনা!

যাৰ মন নাই, আছে মাত্ৰ গণনা,

যাৰ আবেগ-অনুভূতি নাই,

আছে মাথোঁ বিশ্লেষণা !

 

ভাৱনা নাই, কিন্তু জ্ঞান অসীম,

ক'ত প্ৰহেলিকাৰ খেল, বুদ্ধিৰ সীমা বিহীন।

মেচিনে চিন্তাৰে, প্ৰগতিৰ পথৰ সন্ধান কৰিলে

সপোনৰ আগত দৌৰি, প্ৰজ্ঞাৰ প্ৰদীপ জ্বলালে।

 

সৌৰজগতৰ মাজত লুকাই থকা ৰহস্য,

কোডৰ ভাষাত উন্মোচন কৰিলে।

প্ৰত্যেক সমস্যাৰ সমাধান উলিয়াই,

ভৱিষ্যতৰ পথ দেখুৱাই দিলে।

 

অক্ষয়, অবিনাশী জ্ঞানৰ অম্লান ভাণ্ডাৰ!

যাৰ অপূর্ব উপমাহীন গুণেৰে

আলোকিত আজি সমগ্ৰ ধৰণী

য’ত আজি যন্ত্ৰ সকলোৰে সহচৰ অতি।

 

@@@@@@@

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page