top of page
  • Black Facebook Icon
  • Black Instagram Icon

কলাগুৰু

  • Writer: নাং ময়ুৰী বৰগোহাঁই,দশম মান, জয়মতী উ:মা: বিদ্যালয়, মাদুৰি
    নাং ময়ুৰী বৰগোহাঁই,দশম মান, জয়মতী উ:মা: বিদ্যালয়, মাদুৰি
  • Sep 27, 2024
  • 1 min read

Updated: Oct 3, 2024










নাং ময়ুৰী বৰগোহাঁই, নৱম শ্ৰেণী,

জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়, মাদুৰি, শিৱসাগৰ


অসমীয়া কৃষ্টিৰ আজীৱন পূজাৰী

বিপ্লৱী আদৰ্শৰ জীৱন্ত প্রতিমূৰ্ত্তি,

হে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

তোমাক শতকোটি প্রণাম।

তুমি নতৰাজ ভংগীমাৰ

এক জীৱন্ত কলা।

 

আঢ়ৈ হাজাৰ বিঘা ভূ-সম্পত্তিৰ

গৰাকী হৈয়ো সকলো নেওচি,

নিজৰ আদৰ্শ দেশ, জাতি, মাটিৰ বাবে

উৎসৰ্গা কৰি,

এটা সুদীর্ঘ যাযাবৰী জীৱন

অতিবাহিত কৰিলা কেৱল,

দেশৰ স্বাধীনতা, শ্রমিক-বনুৱাৰ

শোষণ-মুক্তিৰ বাবে।

 

এহাতে স্টেনগান

আৰু এহাতে কলম লৈ,

আজীৱন দেশৰ স্বাধীনতা

শোষণ-মুক্তি, দুষ্কৃতিকাৰী

শোষকৰ বিৰুদ্ধে

বিদ্রোহ কৰিলা।

 

"ৰাজ্যে আছে দুইটি পাঠা,

একটি কালো, একটি সাদা।

ৰাজ্যে যদি মঙ্গল চাওঁ,

দুইটি পাঠাই বলি দাওঁ।"

বুলি পোষ্টাৰ আঁৰি

বৃটিছ চৰকাৰ আৰু,

দেশীয় শোষণকাৰী সকলক

বুজাই দিছিলা

বুজাই দিছিলা যে-

স্বদেশৰ মঙ্গলৰ বাবে

'সাদা পাঠা' বৃটিছক খেদি

দেশীয় শোষণকাৰী 'কালো পাঠা'ক

নিঃশেষ কৰিবলৈ,

অসমী আইৰ সন্তান

সদায়ে সাজু।

 

অসমী আইৰ সন্তানে

'সাদা পাঠা'লৈ ভয় নকৰে।

গীতেৰে পৰাধীন ভাৰতক

স্বাধীন কৰিবলৈ গৈ,

অসমীয়া ডেকালৈ আহ্বান জনাই গাইছিলা-

"অ' অসমীয়া ডেকাৰ দ'ল

আজি তোৰ তেজাল বদন

মলিন কিয় হ'ল!"

 

আৰু কৃষকলৈ আহ্বান জনাই গাইছিলা-

"ব'ল ব'ল ব'ল ব'ল

কৃষক শক্তি ব'ল।

অ' বনুৱা সমনীয়া

আগবাঢ়ি যাওঁ ব'ল।"

 

পত্নী প্রিয়লতাৰ মৃত্যুৰ বিৰহত

শোকস্তদ্ধ হৈ গাইছিলা-

"পৰজনমৰ শুভ লগনত

যদিহে আমাৰ হয় দেখা

পুৰাবানে প্রিয়ে এই জনমৰ

মোৰ হিয়াৰ অপূৰ্ণ আশা।

 

জনতাৰ শিল্পী তুমি,

সৰ্বহাৰাৰ হিয়াৰ আমঠু।

কিন্তু,

হঠাতে ১৯৬৯ চনৰ ২০ জুনত

অসমীয়া ভাষা সংস্কৃতিক

ভৱসাগৰত পেলাই,

সকলোকে কন্দুৱাই

অসীম দিগন্তলৈ গতি কৰিলা।

থৈ গ'লা মাথোঁ

হৃদয়ৰ নিভৃত

কোণত অন্তনির্হিত,

অযুত ভাৱনাৰ সৃষ্টি।

ওৰেতো জীৱন সৰ্বহাৰাৰ

মুক্তিৰ গীত গাই,

সমস্ত সম্পত্তি শ্রমিক-

বনুৱাক দান দি,

স্বদেশৰ বাবে জীৱন উৎসর্গা

কৰি লিখি গ'লা যেন

তেজৰ বোলেৰে ইতিহাস।


**********

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page