জলবায়ু পৰিৱৰ্তন আৰু গোলকীয়া উষ্ণতা
- মেঘমল্লাৰ বৰা, দশম শ্রেণী ব'লসিং মেম'ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট
- Jan 9
- 2 min read

মেঘমল্লাৰ বৰা, দশম শ্রেণী
বলসিং মেম 'ৰিয়েল স্কুল
"Climate change is the defining issue of our time and we need to do everything possible to address it"
Ban ki-moon, former UN Secretary General
বৰ্তমানলৈকে প্ৰমাণিত হৈছে যে পৃথিৱীয়েই হৈছে বিশ্ব-ব্রহ্মাণ্ডৰ এনে এটা গ্ৰহ, য'ত জীৱই সাৰ্থকভাৱে জীৱন নিৰ্বাহ কৰি আহিছে। পৃথিৱীয়ে প্রাণীক খাবলৈ, বহিবলৈ, শুবলৈ ঠাই দিছে। কিন্তু প্রাণীৰ প্ৰাণস্বৰূপ পৃথিৱীয়ে বর্তমান সম্মুখীন হ'ব লগা হৈছে এক ভয়াবহ সমস্যাৰ। এই সমস্যা হ'ল জলবায়ু পৰিৱৰ্তন । এই পৰিৱৰ্তন ৰ প্ৰধান কাৰণ হ'ল গ্লোবেল ৱার্মিং অর্থাৎ গোলকীয়া উষ্ণতা বৃদ্ধি।
২। জলবায়ু পৰিৱৰ্তনৰ কাৰণসমূহঃ পৃথিবীৰ জলবায়ু পৰিৱৰ্তন আংশিকভাবে পৃথিবীৰ প্রাকৃতিক চক্ৰৰ দ্বাৰা সংঘটিত হয় যদিও বর্তমান মানুহৰ কাৰ্যকলাপ জলবায়ু পৰিৱৰ্তনৰ প্রধান উৎস হৈ পৰিছে। কার্বন-ডাই-অক্সাইডকে ধৰি সেউজ গৃহ গেছৰ মাত্রা বৃদ্ধিয়ে পৃথিবীলৈ অধিক তাপ আনে। জীৱাশ্ম ইন্ধন জ্বলোৱা, বনাঞ্চল ধ্বংস, প্রযুক্তিগত আবিষ্কাৰ ইত্যাদি মানুহৰ কিছুমান বিপদজনক কার্যই পৃথিৱীৰ তাপ বৃদ্ধি কৰাত অফুৰন্ত অৰিহণা যোগাইছে, যাৰ কাৰণে পৃথিৱীৰ ওপৰিভাগৰ জলবায়ুৰ অতিপাত সালসলনি ঘটিছে।
গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলস্বৰূপে সমুদ্রৰ পৰা ভূমিভাগলৈ হোৱা ঘূর্ণিবতাহৰ শতকৰা হাৰ প্রায় সাতত্রিছ ভাগ বাঢ়িছে যাৰ ফলত সমুদ্ৰৰ দাঁতি কাষৰীয়া অঞ্চলতবোৰত জলবায়ুৰ অতিপাত পৰিৱৰ্তন পৰিলক্ষিত হৈছে।
সুমেৰু আৰু কুমেক অঞ্চলৰ আৰু বৰফাবৃত অঞ্চলৰ বৰফ গলাৰ হাৰ বৃদ্ধি পাইছে এই গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই। আজি হিমালয়ৰ হিমবাহৰ দ্রুত গলনৰ ফলত প্রধান নদী ব্রহ্মপুত্রকে ধৰি আন নদী উপনদীবোৰতো বানপানীৰ সৃষ্টি হয়। এনেদৰে অসমকে ধৰি ভাৰত আৰু বিশ্বৰ আন নদীসমূহেও আগতকৈ বহুগুণে বেছি বানপানীৰ সৃষ্টি কৰিছে।
আকৌ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে সমুদ্রপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ লগেলগে সমূদ্ৰৰ দাঁতি-কাষৰীয়া অঞ্চলবোৰ সততে জলমগ্ন হৈ উঠি জনসাধাৰণৰ অশেষ অনিষ্ট সাধন কৰিছে। ইয়াৰ লগেলগে ঠায়ে ঠায়ে অতিবৃষ্টি আৰু অনাবৃষ্টিৰ প্রকোপ বাঢ়ি যোৱা আদি বহুতো সমস্যাৰ সৃষ্টি হৈছে যাৰ ফলত জলবায়ুৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে।
৩। প্ৰতিৰোধৰ উপায়ঃ জলবায়ু পৰিৱৰ্তনৰ ফলত মানৱ সভ্যতাই মুখামুখি হ'ব লাগিব এক ভয়ংকৰ সমস্যাৰ। এই সমস্যাৰ প্ৰতিৰোধৰ বাবে শীঘ্রে সজাগতাৰ প্ৰয়োজন।
যি কি নহওক বছৰে বছৰে অনুষ্ঠিত হোৱা জলবায়ু সম্বন্ধীয় সম্মিলনসমূহত হোৱা আলোচনাই ক্রমে বিশ্বৰ চিন্তাবিদ সকলৰ মনোযোগ আকৰ্ষণ কৰিছে। ৰাষ্ট্ৰসংঘৰ তৎপৰতাত আন্তঃৰাষ্ট্ৰীয় মহলত এই জলবায়ু পৰিৱৰ্তন সংক্রান্তীয় সচেতনতা বৃদ্ধি এটা প্রশংসনীয় পদক্ষেপ। বিশেষভাবে উল্লেখযোগ্য যে পৃথিৱীৰ বহু উন্নত সভ্যতা কালৰ বুকুত বিলীন হোৱাৰ এটা প্ৰধান কাৰণ হৈছে প্রাকৃতিক দুর্যোগ। সেয়েহে আমি আশাবাদী যে জলবায়ুৰ ওপৰত হোৱা এই সচেতনতাই মানৱ সভ্যতাক যুগে যুগে জীৱিত ৰাখিব।
৪। সমাধানঃ সামৰণিত ক'ব পাৰি যে জলবায়ু পৰিৱৰ্তনৰ প্ৰমাণ অনস্বীকার্য আৰু ইয়াৰ প্ৰভাৱ আৰু পৰিণতি ইতিমধ্যে বিশ্বজুৰি অনুভৱ কৰা হৈছে। প্রভাৱসমূহ লাঘব কৰিবলৈ আৰু আগন্তুক প্রজন্মৰ বাবে উপযোগীকৈ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিবলৈ অনতিপলমে জৰুৰী আৰু সামূহিক ব্যৱস্থা গ্রহণ কৰাটো অতি গুৰুত্বপূর্ণ।
@@@@@@@@
সুন্দৰ আৰু ভাৱবহ ছবি। বৰ ভাল লাগিল।
মেঘমল্লাৰ তোমাৰ প্ৰৱন্ধটো সময়োপযোগী আৰু সুন্দৰ হৈছে। আগলৈয়ো লিখি থাকিবা দেই।