নৃত্যৰ অন্তৰালত….
- চানিয়া স্নিগ্ধা মুকতাৰ,বাঘচোং ড'নবস্ক উঃমাঃবিদ্যালয়,যোৰহাট

- 5 days ago
- 2 min read

চানিয়া স্নিগ্ধা মুকতাৰ, অষ্টম শ্ৰেণী
যোৰহাট বাঘচোং ড'নবস্ক উ: মা: বিদ্যালয়
নৃত্য কেবল এটা চখ নহয়, নৃত্য হৈছে এক আৱেগ যি আৱেগে প্ৰতিগৰাকী নৃত্যশিল্পীক জীৱনৰ অৰ্থ শিকায়। যি আৱেগে প্ৰতিগৰাকী নৃত্য শিল্পীক নিজৰ লগত লৈ ফুৰে। নৃত্য মানে কেৱল নাচ নহয়, নৃত্য মানে নিজক চিনি পোৱা, নিজক প্ৰকাশ কৰাৰ এক মাধ্যম৷
নৃত্য শিক্ষাই মানুহক ধৈৰ্য শিকায়, অনুভৱৰ দক্ষতা দিয়ে আৰু জীৱনত কষ্ট কৰিবলৈ প্ৰেৰণা দিয়ে। ঘুংগুযোৰৰ মাত শুনাৰ লগে লগেই অন্তৰত এক প্ৰকাশ কৰিব নোৱাৰা অনুভৱ হয়, এনে লাগে যেন মৰততেই সৰগৰ সুখ পালোঁ। নিজৰ মন মগজুত শিহৰণ জাগি উঠে ।
এগৰাকী নৃত্যশিল্পী হিচাপে মই মোৰ দেহৰ প্ৰতিটো অংগতে অনুভৱ কৰোঁ নৃত্যৰ লয়লাস । নৃত্য এক আৰাধনা যাৰ জৰিয়তে আমি ঈশ্বৰক অনুভৱ কৰিব পাৰোঁ। নৃত্যই মোক বহু কথাই শিকাইছে। মই আজি যি হয় বা আগলৈ যি হ'ম, এই ক্ষেত্ৰত মোক নৃত্যই বহুত প্ৰেৰণা দিছে বা আগলৈও দিব। মই যিহেতু এগৰাকী স্কুলীয়া ছাত্ৰী সেয়ে মই সমাজত বহুতো কথাৰ সন্মুখীন হ'ব লগা হৈছে, যেনে - "নাচিলে কিনো হ'ব পঢ়াটোহে মেইন। তুমি এতিয়া ডাঙৰ হৈছা, এতিয়া তুমি এই নাচ-বাগবোৰ এৰিবৰ হ'ল আৰু।"
এইবিলাক কথা শুনি মোৰ প্ৰথমতে বৰ খং উঠিছিল, হতাশ হৈছিলোঁ। কিন্তু পিছত ভাবোঁ খং কৰিলে কি লাভ, সমাজৰ যি চিন্তাধাৰা সেইয়ানো কোনে সলাব পাৰিব ! সেইবাবে মই এই সকলো চিন্তা এৰি উভতোঁ নৃত্যৰ ছন্দে ছন্দে আপোন পাহৰা হ'বলৈ ।
নৃত্য সুকুমাৰ কলাৰে এক অন্যতম অংগ। এইবিধ কলাই স্বতঃস্ফুতভাৱেই আমাৰ অন্তৰত জগাই তোলে অনাবিল আনন্দ। সেইবাবেই নৃত্যই মোৰ অন্তৰত গভীৰভাৱে ঠাই পাইছে। নৃত্য কেৱল এটা শব্দ নহয়, ই এক মন্ত্ৰৰ দৰে, যি মন্ত্ৰই জীৱনৰ সকলো বেদনা আঁতৰাই পেলাব পাৰে।
কাৰোবাৰ বাবে হয়তো হ'ব পাৰে নৃত্য কেৱল এটা চখ কিন্তু মোৰ বাবে ই জীৱনৰ বিশেষ অংশ যিয়ে মোক জীৱনৰ বিভিন্ন ৰস প্ৰকাশ কৰিবলৈ শিকাইছে।
@@@@@@@@@@



Comments