top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

প্ৰকৃতিৰ ভ্ৰমণ

  • Writer: তৃষা দাস, অষ্টম শ্ৰেণী প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী, গুৱাহাটী
    তৃষা দাস, অষ্টম শ্ৰেণী প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী, গুৱাহাটী
  • Jan 9
  • 1 min read
ree

তৃষা দাস, অষ্টম শ্ৰেণী

প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী

 

প্ৰকৃতি দেৱীয়ে  অকলে এদিন

       অৰণ্যই অৰণ্যই ঘূৰি

দেখিলে নিজেই  বনৰ জীৱ-জন্তু

       আছে য'তে ত'তে পৰি।

কোনোৱে আছে   নাপাই পানী

     কোনোৱে আছে ভোকত

কোনোৱে যদি  আছে ভাগৰত

       কোনোৱ আছে ৰোগত।

 প্ৰকৃতি দেৱীক  দেখি সকলোৱে

           হাতযোৰ কৰি ক'লে

জীৱ-শ্ৰেষ্ঠবোৰ     অত্যাচাৰী বৰ

          বনভূমি  কাঢ়ি ল'লে।

  সেয়েহে আই     কাবৌ কৰিছোঁ

          আমাৰ সুৰক্ষা ধিয়াই

জীৱশ্ৰেষ্ঠৰ পৰা   আমাকো বচাই

         ৰাখিবা আমাক জীয়াই।


**********

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page