top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

প্ৰদূষণ আৰু গোলকীয় উষ্ণতা

  • Writer: চানিয়া স্নিগ্ধা মুকতাৰ,ষষ্ঠ শ্ৰেণী,  বাঘচোং ড'নবস্ক উ: মা: বিদ্যালয়, যোৰহাট
    চানিয়া স্নিগ্ধা মুকতাৰ,ষষ্ঠ শ্ৰেণী, বাঘচোং ড'নবস্ক উ: মা: বিদ্যালয়, যোৰহাট
  • Jan 9
  • 4 min read

Updated: Jan 10


ree

চানিয়া স্নিগ্ধা মুকতাৰ,ষষ্ঠ শ্ৰেণী,

বাঘচোং ড'নবস্ক উ: মা: বিদ্যালয়, যোৰহাট

 

মা: মাজনী উঠা, অনলাইন ক্লাছৰ সময় হ'ল।

প্ৰিঞ্চী: কি অনলাইন ক্লাছ মা? (আচৰিত হৈ শুধিলে)

মা: অ' তুমি নাজানা নেকি? দিল্লীত পলিওশ্বনৰ বাবে স্কুলসমূহ বন্ধ দিছে। তোমালোকক স্কুলত কোৱা নাই? এতিয়া তোমালোকক অলপদিনৰ বাবে মানে বায়ুত পলিওশ্বনৰ মাত্ৰা কম নোহোৱালৈকে এনেদৰেই  দু-এটা বিষয় অনলাইন ক্লাছত শিকাই থাকিব।

 

প্ৰিঞ্চী: আচৰিত ! নাই কোৱা আমাক! পিছে ভালেই হ'ল। এতিয়া বিছনাত বহি বহিয়ে ক্লাছ কৰিব পাৰিম।

 

মা: নহ'ব দেই সেইদৰে। তুমি স্কুলত যেনেকৈ চকীত বহিলৈ টেবুলত লিখা, তেনেকৈহে কৰিব লাগিব।

 ( তেনেতে ফ'নটৌ বাজি উঠিল।)

 

মা: আৰম্ভ হ'লেই চাগে! ফ'নটো ধৰাগৈ যোৱা।

 

প্ৰিঞ্চী: ( দৌৰি ফ'নটৌ ধৰেগৈ) গুড মৰ্ণিঙ মেম।

 

মেম: গুড মৰ্ণিঙ! আমি এতিয়া বিজ্ঞান বিষয়টোৰ ৪ নং পাঠটো পঢ়িম। তোমালোক সকলোৱে পাঠটো উলিয়াই লোৱা। কাৱেৰী, প্ৰথম দুটা পৃষ্ঠা তুমি প্ৰথমে পঢ়া।

 ( তেনেতে দেউতাক কোঠালৈ সোমাই আহে।)

 

দেউতা: মই আহি পালোহি দেই। উহ! বাহিৰত ইমান গৰম! আগতে মৰ্ণিং ৱাক কৰিবলৈ গ'লে ইমান এনে গৰম অনুভৱ কৰা নাছিলোঁ।

 

হেৰা, চোৱাহিচোন! এ.চি. টোৱেও দেখোন কাম কৰা নাই!!

 

মা: কাপোৰবোৰ ঘামত তেনেই তিতিলে! যোৱা এইবোৰ সলাই কটনৰ পাতলা চাৰ্টটো পিন্ধি লোৱাগৈ। মই নেমুৰ চৰবত এগিলাচ বনাওগৈ।

 

দেউতা: হ'ব । ( ভাগৰি ক'লে)

 

প্ৰিঞ্চী: মা' ময়ো চৰবত খাম, মোলৈও এগিলাচ বনোৱা। (চিঞৰি ক'লে)।

 

( দেউতা গা-ধুই আহে, প্ৰিঞ্চীয়ে ম'বাইল ফ'নতে  কিবা এটা চাই থাকে।)

 

দেউতা: প্ৰিঞ্চী, ম'বাইল থোৱা।

 

প্ৰিঞ্চী: অ' অ' থৈছোঁ।

 

দেউতা: আমাৰ অফিচো বন্ধ দিব লাগিছিল। ইমান গৰম, বাহিৰলৈ ওলাবই মন নাযায়। ঘৰৰ পৰাই কাম কৰিবলৈ পৰা হ'লে!

 ( মাই চৰবত লৈ আহে)

 

মা: এইয়া লওঁক। প্ৰিঞ্চী লোৱা।

(তেনেতে দেউতাকৰ ফ'নত মেচেজ অহাৰ সংকেত বাজি উঠে।)

 

দেউতা: কিবা মেচেজ আহিছে! অ' আমাৰ অফিচ কাইলৈৰ পৰা বন্ধ হেনো। (আচৰিত হৈ ক'লে)

 

মা: সঁচাকৈয়ে নে? বন্ধ যদি ভালেই হৈছে। ইমান গৰমখনত অফিচলৈ অহা-যোৱা কৰা কম কথা নেকি!

 

প্ৰিঞ্চী: মা মা ! দেউতা দেউতা! তোমালোকে কোৱাচোঁন, পলিওশ্বন কিহৰ বাবে হয়? আজি আমাৰ মেমে অনলাইন ক্লাছ লওতে পলিওশ্বনৰ বিষয়ে বহু কথা ক'লে।

 

মা: প্ৰথমেই তুমি কোৱাচোঁন, পলিওশ্বনৰ অসমীয়া অৰ্থ কি?

 

প্ৰিঞ্চী: সেইটো জানোঁ আৰু দিয়া। তাৰমানে বায়ু প্রদূষণ হোৱা। কিন্তু এই ইমান দীঘলীয়া শব্দটো কৈ থকাতকৈ পলিওশ্বন বুলি চুটিকৈ কৈ দিব পৰা যায়।

 

মা: সেইবুলি নিজৰ ভাষাত কথা নক'বাই নেকি তোমালোকে!

 

দেউতা: প্ৰিঞ্চী,  প্ৰথমে তুমিয়েই কোৱাচোন, পলিওশ্বন মানেনো তুমি কি বুজিলা?

 

প্ৰিঞ্চী: পলিওশ্বন মানে হ'ল, আমাৰ  চাৰিওফালে থকা বায়ু দুষিত হোৱা।

 

মা: আমাৰ  চাৰিওফালৰ বায়ু দুষিত হোৱাৰ বহুতো কাৰণ আছে। তাৰ ভিতৰত কলকাৰখানা, গাড়ী-মটৰ আদিৰ পৰা নিৰ্গত হোৱা ধোঁৱা, প্লাষ্টিকৰ বস্তু আদি আমি সদায়ে ব্যৱহাৰ কৰি থকা ননবায়'গ্ৰেডেব'ল বস্তুবোৰৰ ব্যৱহাৰ তাৰবাবে জগৰীয়া।

 

দেউতা: বায়ু দুখিত হোৱা মানে বায়ুত থকা অন্যান্য গেচৰ ভিতৰত আমাৰ কাৰণে লাগতিয়াল অক্সিজেন গেছ কম হোৱা আৰু আমাৰ বাবে অপকাৰী কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়ি যোৱা। কাৰ্বন ডাই অক্সাইড কিন্তু গছগছনিৰ বাবে অতি প্ৰয়োজনীয়, আমি নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গছে গ্ৰহণ কৰি, খাদ্য প্ৰস্তুত কৰি খাই জীয়াই থাকে।

 

বায়ুৰ এনে ভাৰসাম্যহীন অৱস্থাৰ বাবেই আজি আমাৰ পৃথিৱীৰ উত্তাপ দিনে দিনে বাঢ়ি গৈছে। তাকে গোলকীয় উষ্ণতা বা গ্ল'বেল ৱামিং বুলি কোৱা হয়। টিভিত এই বিষয়ে কৈয়েই থাকে, তুমি মন দি শুনিলে আৰু বেছিকৈ বুজিব পাৰিবা।

 

প্ৰিঞ্চী: এইবোৰ স্কুলত মেমসকলে কয়। তুমি ইমান ধুনীয়াকৈ কৈছা, মোক আৰু ভালকৈ শিকাই দিবা দেই দেউতা।

 

দেউতা: আমি সকলোৱে যিমান পাৰো পলিওশ্বন কম কৰিবলৈ চেষ্টা কৰিব লাগে। তোমালোকে ঘৰতেই হওক নাইবা স্কুলতেই হওক পলিওশ্বন কেনেকৈ বন্ধ কৰিব লাগে শিকাটো অত্যন্ত জৰুৰী।

 

মা: এতিয়া দিল্লীত পলিওশ্বনৰ বাবে বায়ু ইমানেই দুষিত হৈ উঠিল যে, এতিয়া চোৱাচোন স্কুলবোৰ, অফিচবোৰেই ঘৰৰ পৰা চলাব লগাত পৰিছে।

 

দেউতা: কেৱল স্কুলেই নহয়, গাড়ী মটৰ আদিবোৰ চলোৱাতো কিছু নিয়ন্ত্ৰণ কৰা হৈছে।

 

প্ৰিঞ্চী: দিল্লীত যিমান হে পলিওশ্বন, এনেকৈ কেইদিনমানৰ কাৰণে বন্ধ দিলে নহ' ব, কেইবা মাহো বন্ধ দিব লাগিব। ( হাঁহি ক'লে)

 

মা: এহ! কথা পাতি থাকোঁতে পলমেই হ'ল! যাওঁ মই ভাত বনাওঁগৈ।

 ( মা পাকঘৰলৈ যায়। ভাত খোৱা  টেবুলৰ দৃশ্য, ভাত খাই থকা দেখা যায়।)

 

মা: মাজনী ভাত দুটামান লোৱা। তোমাক আৰু এটা ক'বলৈ পাহৰিছিলোৱে। আমি যে জধেমধে ঘছ-গছনিবোৰ কাটিবলৈ লৈছোঁ, তাৰ কাৰণেও এই গ্ল'বেল ৱামিং বা গোলকীয় উষ্ণতা বৃদ্ধি হৈছে জানানে।

 

মা: নালাগে মা, হ'ব । পিছে আমি ইয়াক কেনেদৰে বাধা দিব পাৰিম?

 

দেউতা: তাৰো উপায় আছে। কেতিয়াবা অত্যন্ত জৰুৰী হ'লে গছ কাটিব লাগিব। নাইবা কেতিয়াবা বতাহ -ধুমুহাত গছ ভাগিও পৰে। তেনে অৱস্থাত আমি সমপৰিমাণৰ বা তাতোতকৈ বেছিকৈহে গছ ৰুব লাগে।

 

মা: আমি সদায় প্লাষ্টিকৰ বেগৰ সলনি কাপোৰৰ বেগ ব্যৱহাৰ কৰিব লাগে। খালি হোৱা প্লাষ্টিকৰ ঠোঙাবোৰ, পানী খাই শেষ কৰা প্লাষ্টিকৰ বটলবোৰ, ঘৰৰ জাবৰ, মন্দিৰত দিয়া ফুল আদি বহুলোকে নদী লৈ দলিয়াই নিদিয়ে নে বাৰু? সেইবোৰো প্ৰকৃতিক কৰা মানুহৰেই অত্যাচাৰ।

  

দেউতা: আমি পৰাপক্ষত পেট্ৰল, ডিজেল আদি ইন্ধনৰ সহায়ত চলা যান-বাহনৰ ব্যৱহাৰ সীমিত কৰি যিমান পাৰি খোজেৰে বা চাইকেলেৰে অহা-যোৱা কৰিব লাগে।

 

প্ৰিঞ্চী: মা-দেউতা, তোমালোকৰ কথাবোৰ শুনি মোৰ এনে লাগিছে, এই পলিওশ্বন বৃদ্ধি তাৰফলত গ্ল'বেল ৱামিং আদি সকলোবোৰৰ বাবে যেন আমিয়েই জগৰীয়া। আমাৰ মানুহৰ দোষতে আজি পৃথিৱীখন ইমান গৰম হৈ পৰিছে।

 

মা: তুমি আজি বহুখিনি কথা বুজিলা নিশ্চয়।

 

দেউতা:কেৱল তুমি বুজিলেই নহ'ব। তুমি তোমাৰ লগৰ ল'ৰা-ছোৱালীবোৰক তুমি বুজি উঠা এই কথাবোৰ ক'ব লাগিব।

 

প্ৰিঞ্চী: আমিনো প্লাষ্টিকৰ বটলৰ পানী কিয় খাওঁ! আমি দেখোন ঘৰত ধাতুৰ জাৰত পানী থৈ, বি ক,ৰবালৈ খোৱাপানী লৈ যাব ল'গা হ'লে ষ্টিলৰ বটলত পানী লৈ যাব পাৰো। কিবা বস্তু কিনিবলৈ গ'লে কাপোৰৰ বেগ হাততে লৈ যাব পাৰো। 

 

মানে যিমান পাৰো প্লাষ্টিকৰ বস্তুৰ ব্যৱহাৰ বন্ধ কৰি, সহজে প্ৰকৃতিৰ লগত একেবাৰে মিলি যোৱা বস্তুবোৰ ব্যৱহাৰ কৰিব লাগে।

 

আজি মই যিখিনি শিকিলোঁ আৰু বুজিলোঁ, সেই সকলোখিনি মই মোৰ বন্ধু -বান্ধবীবোৰকো ক'ম।

 

চাওঁ, তোমালোকে মোক ইমান কথা শিকালা আজি, তোমালোক দুয়োকে চুমা দুটা খাওঁ।


@@@@@@@@@@@

 

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page