top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

পয়চাংকেন উৎসৱ

  • Writer: সুগন্ধি উৰুলি বৰুৱা, ডিপিএচ,নাজিৰা, শিৱসাগৰ                  
    সুগন্ধি উৰুলি বৰুৱা, ডিপিএচ,নাজিৰা, শিৱসাগৰ                  
  • Jul 12
  • 2 min read
ree

সুগন্ধি উৰুলি বৰুৱা, অষ্টম শ্ৰেণী,

ডিপিএচ, নাজিৰা, শিৱসাগৰ জিলা

                  

নানা জাতি-উপজাতি

ৰহণীয়া কৃষ্টি

আঁকোৱালি লৈ হৈছিল সৃষ্টি

এই মোৰ অসম দেশ।

 

এইখন আমাৰ দেশ, অসম দেশ। কিমান যে জাতি জনগোষ্ঠীৰে ভৰি আছে আমাৰ এই অসম দেশ!

 

তেনে এক জনগোষ্ঠী টাই বৌদ্ধসকল। লাকুৱাৰ চলাপথাৰ অঞ্চলত তেওঁলোক বাস কৰে। ‘পয়চাংকেন’ উৎসৱ টাই বৌদ্ধ জনগোষ্ঠীৰ জাতীয় উৎসৱ। তেওঁলোকে ইয়াক বসন্ত উৎসৱ হিচাপে পালন কৰাৰ লগতে ‘সংক্রান্তি উৎসৱ’ আৰু ‘বুদ্ধ মূর্তিক স্নান উৎসৱ’ হিচাপেও পালন কৰে। এই উৎসৱৰ আন এটা নাম ‘পয়ছননাম’।  টাই ভাষাত ‘পয়’ মানে উৎসৱ, ‘চাংকেন’ মানে সংক্রান্তি আৰু পানী। সেয়ে ‘পয়চাংকেন’ক পানীৰ উৎসৱ বুলি মনা হয় । কৃষি আৰু ঋতু পৰিৱৰ্তনৰ সৈতে জড়িত এই উৎসৱ বসন্তকালীন এক উৎসৱ।

 

গৰু বিহুৰে আৰম্ভ হোৱা ৰঙালীৰ ৰঙ ৰহইচৰ দৰে চ’ত মাহৰ শেষ দিনটোৰ পৰা ব’হাগৰ দুই তাৰিখলৈকে পালন কৰা হয় ‘পয়চাংকেন’ উৎসৱ। এই উৎসৱত প্ৰতিখন গাঁওৰ বৌদ্ধ বিহাৰত  সমূহ গাওঁবাসী একগোট হৈ বৌদ্ধ মঠত থকা সকলো বৌদ্ধ মূৰ্তি বাহিৰলৈ উলিয়াই আনি বিশুদ্ধ পানীৰে স্নান কৰায়। লোক বিশ্বাস অনুসৰি এনেদৰে বৌদ্ধ মূৰ্তিসমূহক স্নান কৰালে গাঁওখনৰ অপায়-অমংগল দূৰ হোৱাৰ লগতে শান্তিময় এক পৰিৱেশ বিৰাজমান হয়। সমান্তৰালকৈ ইজনে সিজনৰ গালৈ বিশুদ্ধ পানী ছটিয়াই বৌদ্ধবৰ্ষ আৰম্ভণিৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে।

       

লাকুৱাৰ চলাপথাৰ গাঁৱত থকা বৌদ্ধ বিহাৰৰ কথা শুনিছিলোঁ দেউতাৰ মুখত। দেউতাৰ কামৰ ঠাইৰ ওচৰতে। গতিকে এদিন আমি সকলো ওলালোঁ। সেইদিনা পয়চাংকেন উৎসৱ চলি আছিল। সকলো কামত ব্যস্ত। বৌদ্ধ বিহাৰৰ প্ৰতিটো বস্তু ধুই আছিল সকলোৱে ভাগে ভাগে। সোণবৰণীয়া ডাঙৰ মূৰ্তিজনাক আলফুলে তিতা কাপোৰেৰে মোহাৰি চাফা কৰি আছিল জ্যেষ্ঠ কেইজনমানে। পৰম্পৰাগত সাজ পাৰ পিন্ধি আটায়ে কাম কৰি থকাৰ লগতে ইজনে সিজনৰ গালৈ পবিত্ৰ পানী চটিয়াই মঙ্গল কামনা কৰিছিল। সেই পবিত্ৰ পানীৰ ভাগ সেইদিনা আমিও পাইছিলোঁ। সৰু সৰু ছোৱালীবোৰৰ লগত মৰমতে মই ফটোও উঠিলোঁ। বৌদ্ধ বিহাৰত থকা পুথিভঁৰালত বহুত আপুৰুগীয়া গ্ৰন্থ দেখিলোঁ। লগতে দেখিলোঁ বৌদ্ধ বিহাৰ ভ্ৰমণ কৰি যোৱা বিশিষ্ট ব্যক্তিসকলে আগবঢ়োৱা মন্তব্যসমূহ। কাৰ যে স্বাক্ষৰ নাই !… জাপান, থাইলেণ্ড, ইংলেণ্ড… ড° ভূপেন হাজৰিকাৰ ধুনীয়া চহী আৰু হাতৰ আখৰ দেখি মই আবেগিক হৈ পৰিছিলোঁ। শান্তিৰ বাণী বিলোৱা দালাই লামাৰ হাতৰ আখৰো দেখিছিলোঁ তাত। বৌদ্ধ বিহাৰৰ জ্যেষ্ঠ সদস্য এজনে আমাক সিদিনা বৌদ্ধ বিহাৰৰ ইতিহাসো জানিবলৈ দিছিল।

 

এই বৌদ্ধবিহাৰ ১৮১৫ শকত স্থাপিত। তেতিয়াৰে পৰা এই স্থানত থেৰাবাদী বৌদ্ধ ধৰ্ম প্ৰৱাহিত হৈ আহিছে বুলি তেখেতে জানিবলৈ দিছিল। বিহাৰখন পৰিচালনা কৰে বৌদ্ধ ভিক্ষুসকলে।

        

সেইদিনা এটা সুন্দৰ দিন কটোৱাৰ লগতে বহুত নতুন কথা জানিবলৈ পাৰিলোঁ। সেই দিনটোৰ সুন্দৰ স্মৃতিবোৰ মোৰ মনত চিৰদিনৰ কাৰণে ৰৈ যাব।


&&&&&&&&&&&

 

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page