মে-ডাম-মে-ফি
- আতিক্সা আৰ্ভি বৰা,মাৰ্ভেল মাঃএকাডেমী,সৰুপথাৰ

- Apr 12
- 1 min read

আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী
মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ
মে-ডাম-মে-ফি তাই আহোম জনগোষ্ঠীৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আৰু পৰম্পৰাগত উৎসৱ। প্ৰতি বছৰে একত্ৰিছ জানুৱাৰী তাৰিখে মে-ডাম-মে-ফি পালন কৰা হয় । আহোম ৰজা স্বৰ্গদেউ চাউলো চুকাফাৰ দিনত পোন প্ৰথমবাৰৰ বাবে চৰাইদেউত মে-ডাম-মে-ফি পালন কৰা হৈছিল।
"মে" শব্দৰ অৰ্থ হ'ল পূজা অৰ্চনা বা নৈবেদ্য আগবঢ়োৱা। "ডাম" শব্দৰ অৰ্থ হ'ল মৃত পূৰ্বপুৰুষ বা উপৰি পুৰুষ। "ফি" শব্দৰ অৰ্থ হ'ল দেৱতা বা দেও। অৰ্থাৎ "মে-ডাম-মে-ফি" হৈছে পূৰ্বপুৰুষসকলক দেৱতা হিচাপে জ্ঞান কৰি পূজা অৰ্চনা কৰা।

মে-ডাম-মে-ফি ত আহোম পৰম্পৰা অনুসৰি "খেক-লাই" নীতি নিয়মেৰে পূজা কৰা হয় । বাঁহৰ চাং সাজি তিনিখন বা তাতোধিক শৰাই ব্যৱহাৰ কৰি পূৰ্বপুৰুষসকলক উপাসনা কৰা হয় । পূৰ্বপুৰুষলৈ বিশেষ পৰম্পৰাগত খাদ্য, পানীয়, হাঁহ, কুকুৰা, গাহৰি আদিৰ মাংস আৰু পিঠা পনা আগবঢ়োৱা হয়। এই উৎসৱত তিনি প্ৰকাৰৰ পূৰ্বপুৰুষ ন-ডাম, ঘাই-ডাম আৰু চিৰিং-ডামক স্মৰণ কৰা হয়। মে-ডাম-মে-ফি ৰ দিনা মৃতকৰ আত্মাক দেৱতা জ্ঞান কৰি পৰিয়াল সমাজ আৰু দেশৰ মংগলৰ বাবে আশীৰ্বাদ বিচৰা হয় । সমগ্ৰ অসমতে বিশেষকৈ উজনি অসমত এই উৎসৱ বৰ ধুমধামেৰে পালন কৰা হয়, য'ত পৰম্পৰাগত সাজ-পোছাক পিন্ধা আৰু পৰম্পৰাগত খাদ্য খোৱাটোত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়।
মে-ডাম-মে-ফি উদযাপনৰ জৰিয়তে অসমৰ সাংস্কৃতিক আৰু ঐতিহাসিক পৰম্পৰাক যুগে যুগে ধৰি ৰাখিবলৈ যত্ন কৰা হৈছে। এই উৎসৱে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আহোম সমাজৰ সাংস্কৃতিক ধাৰাবাহিকতা আৰু পৰিয়ালৰ মৃতকৰ প্ৰতি থকা সন্মান প্ৰদৰ্শন কৰে।
#############



Comments