top of page
  • Black Facebook Icon
  • Black Instagram Icon

মানৱতা

  • Writer: নাং ময়ুৰী বৰগোহাঁই, নৱম শ্ৰেণী, জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়, মাদুৰি
    নাং ময়ুৰী বৰগোহাঁই, নৱম শ্ৰেণী, জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়, মাদুৰি
  • Apr 6
  • 1 min read
ree










                     নাং ময়ূৰী বৰগোহাঁই, নৱম শ্ৰেণী,

                      জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়,

                      মাদুৰি, নাজিৰা, শিৱসাগৰ 

 

ৰৌদ্ৰহীন আজি এই গগন

এই দেশৰ কংক্ৰীটৰ ছাঁত

জন্মা বিবেকহীন মানৱৰ 

হিংসুক পাৰিপাৰ্শ্বিকতাময় কার্য দেখি।

 

লজ্জিত আজি এই গগন 

এনে মানৱক চৰণ দি। 

জ্ঞান-বিজ্ঞান থাকিও আজি 

মনুষ্যত্বৰ পৰাজয় দানৱতাৰ ওচৰত! 

 

সন্মুখত দেখি প্রলোভন 

অস্থিৰ হৈ বিবেক দর্শন

ৰাইজেই পতা জাতিৰ বদনে

আজি স্বদেশত অশান্তিৰ 

ফুলেৰে হিংস্রতাৰ পূজা পাতিছে।

 

স্বদেশত আজি গির্গিটৰ দৰে 

বৰণ সলোৱা দালালৰাজৰ ৰাজত্ব।

গণতন্ত্রই দিয়া ভণ্ডামী মুখা পিন্ধি 

সিহঁত আজি চিৰ প্রশান্ত।

 

ধৰ্ম নামত ৰণশিঙা বজোৱা

দানৱৰ হাতত আজি নিৰীহ 

জনগণৰ তেজৰ তাণ্ডৱলীলা।

দানৱীয়তা বিক্ষিপ্ত গলিত

আজি বাৰে বাৰে পিষ্ট মানৱতা।

 

হতাশাৰ আৱেষ্টনীত

নিতে ককবকাই মানৱতাই ।

হেৰাই গ'ল! হেৰাই গ'ল!

তাহানিতে সুধাকণ্ঠৰ কন্ঠৰে

নিগৰা মানৱতাৰ জয়গান।

 

স্পৃশ্য-অস্পৃশ্যতাৰ মাজত আজি 

হেৰাই গ'ল শংকৰ-মাধৱ।

তথাপি!

তথাপি আজিও প্রতিটো

প্রভাতী সূৰুযৰ হেঙুলী আভাৰ

সতে অপেক্ষা কৰোঁ 

এখন মানবীয়তাৰ পৃথিৱী।

 

দানৱীয়তাৰ পৃথিৱীত মানৱীয়তাৰ

শুভ আলিংগনলৈ বুলি?

তাহানিৰ সুধাকন্ঠৰ ভাষাৰে –

 

"বিশ্বপ্ৰেম… বিনন্দীয়া বুলি

অনুভৱ কৰা প্ৰতিজন অসমীয়া

তুমিওটো জানা এটি কথা,

আপোন মাতৃৰ অশ্ৰু নমচিলে

বিশ্বপ্ৰেম হ’ব বৃথা,

তুমি বিশ্বৰ শৰীৰত পঙ্গু অংগ হ’লে

বিশ্বই জানো ভাল পাব

পৃথিৱীত জনমি সচেতন নহ’লে

প্ৰাপ্যও থিতাতে হেৰাব,

আমি অসমীয়া নহওঁ দুখীয়া

বুলি সান্ত্বনা লভিলে নহ’ব…." ।


**********

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page