মই কবি নহয়
- অনিস্কা ৰাজখোৱা,শংকৰদেৱ শিঃনিকেতন,বৰপথাৰ

- Jul 12, 2025
- 1 min read
Updated: Jul 19, 2025

অনিস্কা ৰাজখোৱা, দশম শ্ৰেণী
শংকৰদেৱ শিশু নিকেতন, বৰপথাৰ
মই কবি নহয়, তোমাক লৈ কবিতা ৰচিবলৈ।
মালীও যে নহয় মই, তোমাক ফুল দিবলৈ।
মোৰ দেহৰ ৰন্ধ্ৰে-ৰন্ধ্ৰে ববলৈ, তুমি যে ৰক্ত নহয়।
অম্লজানো নহয় তুমি, মোৰ উশাহ হ’বলৈ।
কিন্তু নাজানো কিয় আজি, কবিতা মই লিখিছোঁ।
প্ৰশান্ত সাগৰৰ দৰে গভীৰ ...
অনুভূতিবোৰ অনুভৱ কৰিছোঁ।
তুমি যদি বিচাৰা, জোন-বেলি এক কৰিম।
তৰা-নক্ষত্ৰবোৰ, তোমাৰ হাতত তুলি দিম।
গোলাপ-নাহৰ কত ফুল, তুমি হেনো ভাল পোৱা।
এপাহো ফুল নাই পৃথিৱীত, তোমাতকৈ মোৰ ভাল লগা।
মোৰ দেহৰ সিৰে-সিৰে তুমিহে যেন বৈ আছা।
অলেখ-অযুত কথা দিম, তুমি যদি বিচাৰা।
কৃষ্ণচূড়ায়ো কন্দা এৰিলে, ৰাধাচূড়াক কাষত পাই।
মোৰ বাঁহীৰ সুৰৰ ভাষা তুমি মাথোঁ বুজা নাই।
**************





Comments