মজা মজা সাঁথৰ, কোনে দিব উত্তৰ ….
- তানিষ্কা বৰা, তৃতীয় মান,বল’সিং মে: স্কুল, বৰপথাৰ

- Jul 14
- 1 min read

তানিষ্কা বৰা, তৃতীয় শ্ৰেণী
বল’সিং মেম’ৰিয়েল স্কুল; বৰপথাৰ, গোলাঘাট
১) হাড় নাই, মূৰ নাই, বিয়াগোম চৰাই, সাত সাগৰ তেৰ নদী পাৰ হৈ যায় ৷
২) হাত আছে, ভৰি নাই, মূৰ হ’লে কটা, আধা মানুহ গিলি খায় বুকুখন ফটা ৷
৩) হাত নাই নখ আছে, ভৰি নাই খোজ কাঢ়ে, পিঠিৰ ওপৰত ঘৰ, তাই যায় বাটকুৰি বাই৷
৪) হাত-ভৰি দুয়োটায়েই পোন, জন্মতে বাৰু বুঢ়া হৈ আহে কোন ?
৫) হেৰা বাপু ৰোৱাচোন, পিঠিৰে কোনে বাট বুলে মোক কৈ যোৱাচোন ?
৬) হেৰ’ লক্ষ্মণ ভাই, কি গুটিৰ বাকলি নাই ?
৭) ক্ষন্তেকতে পোন হয় ক্ষন্তেকতে পাক, কোৱাচোন এইটো কি কাৰ্শলা সাপ ?
৮) হাতীৰ দাঁত, কাঁইটীয়া পাত, যি ক’ব নোৱাৰে সি অধমৰ জাত ৷
৯) সোণৰ খুঁটা ৰূপৰ দলিচা, তাৰ দাম নহয় সস্তা, তাৰ ওপৰত বস্তাই বস্তা ৷
১০) সোমাই ঘৰলৈ গ’লো, ঘূৰোঁতে ঘূৰোঁতে নঙঠা হলোঁ ৷
উত্তৰ নাচাব দেই ...... 🫣🫣🫣🤫🤫🤫
১) উৰাজাহাজ
২) কামিজ (চাৰ্ট)
৩) শামুক
৪) বুঢ়া আঙুলি
৫) নাও
৬) শিলগুটি
৭) আলিবাট
৮) বেঙেনা গছ
৯) চালপীৰা
১০) চেৰেকী



Comments