লাক্পা শ্বেৰ্পা - এগৰাকী বিশ্ববিখ্যাত পর্বতাৰোহী
- স্বাস্তিকা তাঁতী,কেশৱ চঃ মেঃ স্কুল,সৰুপথাৰ

- Jul 14
- 1 min read

স্বাস্তিকা তাঁতী, নৱম শ্ৰেণী,
কেশৱচন্দ্ৰ হা:মে: স্কুল, সৰুপথাৰ
লাক্পা শ্বেৰ্পা নেপালৰ এগৰাকী বিশ্ববিখ্যাত পর্বতাৰোহী। ১৯৭৩ চনত নেপালৰ এখন দুৰ্গম পাহাৰীয়া গাঁৱত তেওঁৰ জন্ম হয়। লাক্পা এঘাৰজন ভাই-ভনীৰ মাজত নেপালৰ মাকালু নামৰ ঠাইত বহু আৰ্থিক অসুবিধা আৰু কষ্টৰ মাজত ডাঙৰ দীঘল হৈছিল। কিন্তু তেওঁ কেতিয়াও সাহস হেৰুৱা নাছিল। কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু অদম্য মনোবলৰ ফলত তেওঁ পৰ্বতাৰোহনৰ জগতত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হয়।
২০০০ চনত লাক্পা শ্বেৰ্পাই প্ৰথমবাৰৰ বাবে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰে। ইয়াৰ পিছত তেওঁ ন-বাৰ এভাৰেষ্ট জয় কৰি মহিলাসকলৰ ভিতৰত সৰ্বাধিক বাৰ এভাৰেষ্ট আৰোহণ কৰাৰ বিশ্ব অভিলেখ গঢ়ে। তেওঁ কেৱল এগৰাকী সফল পৰ্বতাৰোহীয়ে নহয়, তেওঁ এগৰাকী সাহসী, অধ্যাৱসায়ী আৰু আত্মবিশ্বাসী নাৰী হিচাপেও বিশ্বজুৰি পৰিচিত।
লাক্পা শ্বেৰ্পাই যদিও নেপালত জন্মগ্ৰহণ কৰিছিল বৰ্তমান তেওঁ এগৰাকী আমেৰিকাৰ নাগৰিক। তেওঁ জৰ্জ ডিছমাৰ্চাকোৰ নামৰ এজন ৰোমানিয়ান আমেৰিকানৰ লগত ২০০২ চনত বিবাহপাশত আৱদ্ধ হৈছিল। বৰ্তমান তেওঁ দুই কন্যা আৰু এক পুত্ৰৰ মাতৃ।
জীৱনত বহু বাধা-বিঘিনি, দৰিদ্ৰতা, পাৰিবাৰিক সমস্যা আৰু কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছতো তেওঁ নিজৰ লক্ষ্যৰ পৰা আঁতৰি যোৱা নাছিল। তেওঁৰ জীৱন কাহিনীয়ে প্ৰমাণ কৰে যে দৃঢ় সংকল্প, অধ্যব্যসায় আৰু পৰিশ্ৰম থাকিলে যিকোনো লক্ষ্য লাভ কৰিব পাৰি। তেওঁৰ সাফল্যৰ কাহিনীয়ে বহুতকে সাহস আৰু অনুপ্ৰেৰণা যোগায়।

লাক্পা শ্বেৰ্পাৰ জীৱনৰ ওপৰত মাউণ্টেইন কুইন : দ্য চামিটছ অৱ লাক্পা শ্বেৰ্পা ( Mountain Queen : The Summits of Lhakpa Sherpa) নামৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে, য'ত তেওঁৰ সংগ্ৰাম, পৰিশ্ৰম আৰু অসাধাৰণ সফলতাৰ কাহিনী দাঙি ধৰা হৈছে। তথ্যচিত্ৰখনে সমালোচকৰ পৰা অতিশয় ইতিবাচক সঁহাৰি, প্ৰায় ৯০ শক্তিশালী স্ক'ৰ লাভ কৰিবলৈ সক্ষম হৈছে।
তেওঁ পৃথিৱীৰ লাখ লাখ মানুহৰ বাবে সাহস, অধ্যবসায় আৰু আত্মবিশ্বাসৰ এক উজ্জ্বল প্ৰতীক হৈ জিলিকি ৰ’ব।
***********



Comments