শুদ্ধ শব্দৰ সন্ধানত
- নৱজ্যোতি তামুলী, তিনিচুকীয়া, অসম
- Jul 9, 2024
- 5 min read
Updated: Sep 22, 2024

নৱজ্যোতি তামুলী, তিনিচুকীয়া, অসম
সৰ্বপ্ৰথমে 'সূৰুযমুখী' ই-আলোচনীৰ সমূহ কৰ্মকৰ্তাৰ লগতে সকলো সদস্যলৈ জুলাই মাহৰ প্ৰীতি সম্ভাষণ জ্ঞাপন কৰিছোঁ I
আজি এমাহমানৰ আগতে পবিত্ৰা বাইদেউৰ কিবা পোষ্ট এটাত মই শব্দ এটাৰ বানান শুধৰাই দিছিলোঁ, বাইদেউৰ লগত সেয়াই মোৰ প্ৰথম চিনাকি। সেইকণ চিনাকিতে চিনাকি হৈ বাইদেৱে মোৰ অনুমতি লৈ মোক 'সূৰুযমুখী' আলোচনীৰ হোৱাট্চ এপ গ্ৰুপত সংযোগ কৰি দিলেI ময়ো ভালেই পালোঁ। তেখেতে ক’লে যে “ই -আলোচনীখনত ‘বানানৰ ভূত’ শিৰোনামাৰে এটা শিতান ৰখাৰ কথা ভৱা হৈছে, তাত তুমি লিখিব লাগে।“
আমি কোনো বিখ্যাত সাহিত্যিক, লেখক, কবি, গল্পকাৰ নহওঁ...মইনো বানানৰ ভূত ক'ত বিচাৰি পাম! বিচাৰি যেনিবা পালোঁৱেই, আমাৰ ওচৰত যে তেনেকুৱা ভূত খেদিব পৰা ভাল জাতৰ সৰিয়হ এটোপোলাও নাই....! কিন্তু ভূতকতো ওচৰত থাকিবলৈ দিব নোৱাৰি, খেদিবই লাগিব, গতিকে তাৰে সন্ধান এয়া, ‘শুদ্ধ শব্দৰ সন্ধানত’ I
আজি ইয়াত আমি সাধাৰণতে লিখি থাকোঁতে কৰা দুটামান ভুলৰ কথাকেই আলোচনা কৰোঁহক:
ব্যৱহাৰ কৰি থকা শব্দ এটা ভুল হোৱাৰ কাৰণ কি?
প্ৰথম কাৰণ হিচাপে ক'ব পাৰি অশুদ্ধ উচ্চাৰণ। শব্দ এটা যদি শুদ্ধকৈ উচ্চাৰণ কৰে লিখোঁতেও সেইমতেই লিখিব ।
দ্বিতীয়তে অভিধান এখন মেলি নিজে ব্যৱহাৰ কৰি থকা শব্দটো শুদ্ধ নে অশুদ্ধ এবাৰ পৰীক্ষা কৰি চাবলৈ এলাহ । আজিকালি ফেচবুকত অজস্ৰ গোট আছে, কেতিয়াবা দেখা যায় যে এজন সদস্যই এটা সাধাৰণ শব্দ লিখি সুধিছে যে....'শেৱালি নে শেৱালী?’ আমি ভাবোঁ ঘৰত থকা অভিধান কেইখনত, পঢ়ি থকা বাতৰি কাকতখনত, আলোচনীখনত শব্দটো বিচাৰি চলাথ কৰাৰ পাছতো বিচাৰি নাপালেহে তেনে এটা প্ৰশ্ন সামাজিক মাধ্যমৰ দৰে বহল মঞ্চলৈ আনিব লাগে |
আজি ইয়াত তেনেকুৱা শব্দ কেইটামানকে আলোচনাৰ মেজলৈ আনিছোঁ।
লিখনি /লেখা
"বৰ সুন্দৰ লিখনি I আপোনাৰ লিখনিটো পঢ়ি উপকৃত হ’লোঁ।“
ওপৰত দিয়া বাক্য দুটা আজিকালি ফেচবুক মেলিলেই দেখিবলৈ পোৱা একেবাৰে সাধাৰণ কথা।
ইয়াত "লিখনি" শব্দটোৰে বক্তাই লিখা বিষয়বস্তুৰ কথাকে বুজাব বিচাৰিছে। কিন্তু “লিখনি” বুলি কোনো এটা শব্দ নথকা সত্ত্বেও লেখা বা ৰচনা (writting) ৰ অৰ্থ বুজাবলৈ বুলি উল্লেখিত শব্দটোৰ জোৰদাৰ বহুল প্ৰচলন তথা লিখিত ৰূপৰ প্ৰয়োগ দেখা যায় । আচলতে, “লিখনি” বুলি কোনো শব্দ নাই, আছে যদি “লেখনী” বুলিহে শব্দ এটা অছে যাৰ অৰ্থ কলম বা তুলিকা। গতিকে সৃষ্টিৰাজিক বুজাবলৈ “লিখনি” বুলি লিখাটো শুদ্ধ নহয় |
শুদ্ধ বাক্যটো হ'ব......”আপোনাৰ লেখাটো পঢ়ি উপকৃত হ’লোঁ।“
লেখ/লিখ
কাগজত কিবা লিখিবলৈ ক'লে ক'ব লাগিব “লেখ” আৰু তামোল এক পোণ /দুই পোণ হিচাপ কৰিবলৈ ক'লেও একেটা শব্দকেই ব্যৱহাৰ কৰা হয়। সেয়া হ'ল “লেখ”। অভিধানত এনেকৈয়ে পোৱা যায়। কিন্তু আমি কওঁতে “লিখ” বুলিলে কাগজত লিখা কথা বুজাওঁ আৰু “লেখ” বুলিলে হিচাপ কৰাক বুজাওঁ |
লিখক /লেখক
সাধাৰণ অৰ্থত যি লিখে সিয়েই লিখক (পুং) বা লিখিকা (স্ত্ৰী)। কিন্তু লেখক মানে-ৰচক, গ্ৰন্থকাৰ। স্ত্ৰী হ'লে লেখিকা। এই শব্দদুটাক লৈ প্ৰায়ে খেলি-মেলি ল'গা দেখা যায় বা নিজৰ অজ্ঞতাৰ বাবে ভুলকৈ প্ৰয়োগ কৰে।
ল'ৰাটোৱে চিঠি লিখি আছে মানে বুজিব লাগিব ল'ৰাটো এজন লিখক; সি লেখক নহ'বও পাৰে। শ্ৰীযুত 'অমুক’ এজন জনপ্ৰিয় লেখক। শ্ৰীযুতা 'অমুক' এগৰাকী জনপ্ৰিয় লেখিকা। তেখেতসকলো লিখক-লিখিকা। অৰ্থাৎ সকলো লেখক-লেখিকাই লিখক-লিখিকা; কিন্তু সকলো লিখক-লিখিকাই, লেখক-লেখিকা নহ'বও পাৰে ।
ক্ৰটি /ত্ৰুটি
আজিৰ পৰা দুবছৰমান আগলৈকে বহু মানুহেই ‘ত্ৰুটি‘ শব্দটো ‘ক্ৰটি’ বুলিহে লিখিছিলI তেতিয়া অসমীয়া ভাষা লিখিব পৰা ম'বাইল বহুত কমেইহে আছিল, থাকিলেও অসমীয়া ভাষা টাইপ নহৈছিল। গতিকে কাৰোবাক ঘপকৈ কিবা এটা শুধৰাই দিওঁ বুলিবলৈও সুবিধা নাছিল। এতিয়া সকলোৰে হাতে হাতে অসমীয়া কী-পেড থকা ম'বাইল আছে । গতিকে কোনোবাই ভুলকৈ লিখা শব্দ এটা সোনকালেই শুধৰাব পাৰি। কিন্তু এনে কিছুমান মানুহ আছে যে নিজেতো শুদ্ধকৈ নিলিখেই আনে কৈ দিয়া শুদ্ধ শব্দটোও শুধৰাই নিলিখে।
আচলতে অসমীয়াত ' ক্ৰটি ' বোলা শব্দ নাই, 'ত্ৰুটি' হে।
ত+ৰ+উ+ট+ই =ত্ৰুটি ✓
ক+ৰ+উ+ট+ই=ক্ৰটি x
লিখিছো /লিখিছোঁ
এদিন পোষ্ট এটাত মন্তব্য দিওঁতে এগৰাকী পাঠকে সুধিলে যে আগতে আমি এই যে প্ৰথম পুৰুষৰ ক্ৰিয়াৰ শব্দবোৰ খাইছোঁ, শুইছোঁ, বহিছোঁ, লিখিছোঁ আদিত ছোঁ ৰ ওপৰত চন্দ্ৰবিন্দু দিয়া নাছিলোঁ, এতিয়া যে দিয়া দেখোঁ সেইবোৰ নিয়ম কেতিয়াৰ পৰা হ’ল? নতুন নিয়ম নেকি?
আচলতে, নতুন নিয়ম নহয় । সেইবোৰ ব্যাকৰণৰ নিয়ম আগৰে পৰাই আছে, মাত্ৰ মানুহে বেছিকৈ ব্যৱহাৰ কৰা নাছিল কাৰণেহে নতুন নিয়ম যেন লাগিছে।
তেনেকৈ কৰাঁ, যোৱাঁ, খোৱাঁ আদি শুদ্ধ, কিন্তু আগতে ব্যৱহাৰ কৰাহে নাছিল ।
হওক /হওঁক
বহুতৰে এটা বদ অভ্যাস আছে যে ও আখৰটো দেখিলেই চন্দ্ৰবিন্দুটো বহুৱাই দিয়ে। ব্যাকৰণ বিধি মতে যেতিয়া শব্দ এটাৰ উচ্চাৰণ অনুনাসিক হয়, তেতিয়াহে চন্দ্ৰবিন্দু দিব লাগে। হওক, যাওক, খাওক আদি শব্দবোৰ উচ্চাৰণ কৰোঁতে আমি নাকেৰে উচ্চাৰণ নকৰোঁ, সেয়ে তাত চন্দ্ৰবিন্দু নালাগে।
হওক √
হওঁক ×
নীতি অনুসৰি অনুজ্ঞা বাচক শব্দত চন্দ্ৰবিন্দু নালাগে। চন্দ্ৰবিন্দু ব্যৱহাৰৰ এটা চমু নীতি হ'ল....ব্যঞ্জন বৰ্ণমালাৰ শেষৰ আখৰটোৰ ওপৰত চন্দ্ৰবিন্দু নবহে। যেনে: ঙ, ঞ, ন ণ, ম আদি।
জিঞা √
নাও=√
নাঁও ×
নাজানোঁ × আদি
মূল সংস্কৃত শব্দত থকা নাসিক্য বৰ্ণবিলাক লুপ্ত হৈ যিবোৰ তদ্ভৱ শব্দৰ সৃষ্টি হৈছে, সেইবোৰৰ লুপ্ত বৰ্ণটোৰ আগৰ বৰ্ণত চন্দ্ৰবিন্দু হয় । *🌿
যেনে: অঞ্চল =আঁচল
হংস =হাঁহ
কণ্টক =কাঁইট
দন্ত =দাঁত আদি |
মুখ্য /মূখ্য
মুখ্য শব্দটো বহুতেই মূখ্য বুলি লিখে |
মুখ্যমন্ত্ৰী √
মূখ্যমন্ত্ৰী ×
সূৰ্য্য /সূৰ্য (দ্বিত্ব বৰ্জন)
"মই কবি, সীমিত মোৰ সামৰ্থ্য
আলি দোমোজাৰ ভূতগ্ৰস্থ প্ৰহৰীৰ
কৃতঘ্ন পিতলৰ সুহুৰিয়ে
বিপৰ্য্যস্ত কৰে মোৰ কাব্যৰ অৰ্থ।
ৰ'দ গৈ ঢলি পৰে সুবৰ্ণ সূৰ্য্য।"
……..হীৰুদা
ইয়াত থকা সামৰ্থ্য, বিপৰ্য্যস্ত, সূৰ্য্য আদি শব্দবোৰ শুদ্ধ যদিও আজিকালি দ্বিত্ব বৰ্জনৰ নিয়ম হোৱাত বানান অলপ সলনি হ'ল ।
কোনো শব্দত ৰেফৰ পিছত চ/জ/ত/দ/ৱ/ম/য আদি বৰ্ণৰ যিকোনো এটা থাকিলেও ৰেফৰ পিছত দুবাৰ লিখিছিল। আজিকালি নিলিখে। যেনে:
পৰ্ব্বত =পৰ্বত
অৰ্চ্চনা = অৰ্চনা
সূৰ্য্য = সূৰ্য
কিন্তু মক্কা, লজ্জা, নব্বৈ, উচ্চ আদি শুদ্ধ। গতিকে সম্পূৰ্ণ দ্বিত্ব বৰ্জন হোৱা নাই, ৰেফৰ পাছত থকা দুটা আখৰহে এটা লিখাৰ নিয়মহে হৈছে । **🌿
বৰ্ণাশুদ্ধি
"তোমাৰ লেখাটোত থকা ভুলকেইটা বৰ্ণাশুদ্ধি কৰিলোঁ ।" মানে কি বুজিলে বাৰু?
লিখোঁতাই এই ভাবি লিখিছে যে বৰ্ণাশুদ্ধি কৰিলোঁ মানে লেখকজনৰ লেখাটোত কেইবাটাও শব্দ ভুল আছিল, শুদ্ধ কৰি দিলোঁ I কিন্তু লিখা বাক্যটোৰ অৰ্থটো ভবাতকৈ ওলোটাহে হ'ল....
তোমাৰ লেখাটোত থকা শব্দবোৰ আৰু ভুল কৰি দিলোঁ; বৰ্ণ +অশুদ্ধি।
হ'ব লাগিছিল; ‘তোমাৰ লেখাটোত থকা ভালেকেইটা শব্দৰ বৰ্ণাশুদ্ধি আঁতৰালোঁ।‘
অহাকালি -যোৱাকালি
অসমীয়া ভাষা অতি চহকী ভাষা। ইংৰাজীত Aunty শব্দটোৱে বহুকেইটা সমন্ধক সাঙুৰিব লগা হোৱাৰ দৰে আমাৰ ভাষাত তেনে শব্দৰ অভাৱ হোৱা নাই ।
পেহী, মাহী, খুৰী, জেঠাই আদি শব্দ আমাৰ বয়স আৰু সম্বন্ধ অনুযায়ী বেলেগে বেলেগে আছে । গতিকে আমাৰ অসমীয়া ভাষা বহু চহকী। তেনেকৈ কালি (হৈ যোৱা দিন) কাইলৈ (আহিব লগা দিন) শ্ৰুতিমধুৰ শব্দ কেইটা থাকোঁতেও 'অহাকালি', 'যোৱাকালি' শব্দকেইটা ব্যৱহাৰ কৰাটো ভুল।
নোৱাৰা/নোৱৰা
শব্দ হিচাপে দুয়োটা শব্দই শুদ্ধ কিন্তু ক'ত কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ লগতহে কথা। ‘কৰিব নোৱৰা কাম, ব'ব নোৱৰা বোজাI’
ইয়াত নোৱৰাটোৱে মানুহজনে যে কামটো কৰিব নোৱাৰে তাকে বুজাইছে।
যি কোনো ক্ৰিয়াৰ লগত ' ইব ' 'আব' 'উব ' প্ৰত্যয় যোগ কৰাৰ পিছত পৰা নোৱৰা লিখা
হয়। ***🌿
খাই /খায়
গাই /গায়
সি ভাত খাই আছে =অসমাপিকা কাৰণে ‘খাই’ হৈছে ।
সি ভাত খায় =মানে সি সদায় ভাত খায়। সমাপিকা কাৰণে ‘খায়’ হৈছে ।
তেনেকৈ
সি গান গায় =সমাপিকা
সি গান গাই গাই পদূলিৰ ফালে ওলাই গ'ল=অসমাপিকা I
বানান /আখৰ-জোঁটনি
আখৰ জোঁটনি শব্দ যুগলত জতুৱা সুৰ এটা আছে, গতিকে পৰা পক্ষত ‘বানান’ৰ সলনি ‘আখৰ-জোঁটনি’ শব্দযুটিকে ব্যৱহাৰ কৰাই ভাল ।
আজিলৈ এইকেইটা শব্দৰ হে আলচ কৰিলোঁ।
আমি সততে ব্যৱহাৰ কৰি থকা আৰু বহুত শব্দ আছে, যিবোৰক আমি শুদ্ধ বুলি ভাবোঁ কিন্তু প্ৰকৃতত শুদ্ধ নহয়। যদি আপোনালোকে এনে বিষয় ভাল পায় পিছৰ সংখ্যাবোৰত বহলকৈ আলোচনা কৰিম।
বি: দ্ৰঃ
সহায়ক গ্ৰন্থপঞ্জী:
*🌿=অসমীয়া আখৰ -জোঁটনিৰ কথা =শিৱনাথ বৰ্মন
**🌿= ঐ
***🌿= তিনিকুৰি শব্দ বিভ্ৰাট =সুৰেন্দ্ৰ মোহন দাস I
@@@@@@@@
Comments