top of page
  • Black Facebook Icon
  • Black Instagram Icon

শহা আৰু কাছৰ কাহিনী

  • Writer: টিনা চ’ , চতুৰ্থ শ্ৰেণী বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
    টিনা চ’ , চতুৰ্থ শ্ৰেণী বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
  • Jul 14
  • 2 min read


টিনা চ’ , চতুৰ্থ শ্ৰেণী

বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ



এখন অৰণ্যৰ দাঁতিৰ এটা পুখুৰীত এটা কাছ আৰু পুখুৰীৰ পাৰতে এটা শহাই বাস কৰিছিল ৷ গ্ৰীষ্ম কালৰ দুপৰীয়া এটাত কাছই গছ এজোপাৰ তলত শুই আছিল ৷ কাছক এনেদৰে শুই থকা দেখি শহাই মাত লগালে “ এলেহুৱা কাছ, তোমাৰ শোৱাৰ বাহিৰে আন কাম নাই নেকি? এলেহুৱা ক’ৰবাৰ!” কাছই ক’লে “তেনেকৈ নক’বাচোন, অলপ জিৰণিহে লৈছো” ৷

 

শহাই ক’লে, “এলেহুৱাক এলেহুৱা বুলি নকৈ কি বুলি ক’ব লাগে ৷ ঠিক আছে তুমি যদি এলেহুৱা নোহোৱা তেনে তোমাৰ আৰু মোৰ মাজত দৌৰ প্ৰতিযোগিতা এখন পাতো আহা ৷ তেতিয়াই ওলাই পৰিব এলেহুৱা নে কি! আৰু এটা চৰ্ত থাকিব প্ৰতিযোগিতাৰ ৷ তুমি থকা পুখুৰীটোৰ পাৰৰ পৰা অৰণ্যৰ মাজত থকা নদীৰ পাৰলৈকে আমি দৌৰিম ৷ দৌৰত যিয়ে হাৰিব সি এই অৰণ্য এৰি যাব লাগিব৷” কাছই প্ৰতিযোগিতাৰ চৰ্ত মানি ল’লে ৷ শহাই ভাবিলে মূৰ্খ কাছ, সিনো বাৰু মোৰ লগত জিকিব পাৰিবনে ...!

   

পিছদিনা পুৱাই প্ৰতিযোগিতা আৰম্ভ হ’ল ৷ অৰণ্যৰ আন আন জীৱ-জন্তুবোৰে শহা আৰু কাছৰ প্ৰতিযোগিতা চাবলৈ আহিল ৷ বুঢ়া ভালুক এটাই হুইচেল বজাই প্ৰতিযোগিতাৰ আৰম্ভ ঘোষণা কৰাৰ লগে লগে শহা আৰু কাছৰ দৌৰ আৰম্ভ হ’ল ৷

 

শহাই তীব্ৰ বেগত দৌৰাৰ বিপৰীতে কাছই ধীৰে ধীৰে যাবলৈ ধৰিলে ৷ শহাই অলপ দূৰ যোৱাৰ পাছত কাছলৈ উভতি চালে ৷ কাছক সি অৰণ্যৰ কেকুঁৰিটোৰ সিপাৰে এৰি থৈ আহিল ৷ সি ভাবিলে, “কাছ এইখিনি পাবলৈ বহুপৰ লাগিব ৷ মই অলপ গছৰ তলতে জিৰাই লওঁ ।“ সি গছৰ তলত জিৰণি ল’বলৈ বহিল ৷ বতাহ লাগি অলপ পাছতে তাৰ টোপনি আহিল ৷ ইফালে কাছই অলপো জিৰণি নোলোৱাকৈ শহাক অতিক্ৰম কৰি ধীৰ গতিৰে গৈ থাকিল ৷ এনেদৰে গৈ গৈ কাছই সিহঁতৰ গন্তব্যস্থান নদীৰ পাৰত উপস্থিত হ’লগৈ ৷ শহাই হঠাৎ সাৰ পাই দেখে যে কাছ তাৰ পাছত নাই ৷ সি পুনৰ দৌৰি গৈ নদীৰ পাৰত দেখিলে অৰণ্যৰ আন জীৱ-জন্তুবোৰে কাছক বিজয়ী ঘোষণা কৰিলে । শহাই লাজ পাই সেই ঠাই এৰি গুচি গ’ল ৷

   

বন্ধুসকল, সাধুটোৰ পৰা আমি এটা কথা শিকিলোঁ যে আমি কেতিয়াও নিজকে শ্ৰেষ্ঠ বুলি ভাবিব নালাগে ৷ নিজকে শ্ৰেষ্ঠ বুলি অহংকাৰ কৰিলে অহংকাৰীৰ এদিন পতন হ’বই হ’ব ৷


🐢🐇🐢🐇🐢🐇🐢



Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page