সাঁথৰ ** সাঁথৰ ** সাঁথৰ


সংগ্ৰহ: প্ৰীতিশ প্ৰীয়ম বৰা, চতুৰ্থ শ্ৰেণী
বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
১) অনাই আনে, ৰান্ধনীয়ে ৰান্ধে, খাওঁতাই পেলাই দিয়ে।
২) অলং দলং ছা, মাজৰটো নকওঁ যা, শেষৰটো লী……উত্তৰটো কি?
৩) আমাৰ আছে এটা হাতী, ধান খাই পাচি পাচি।
৪) আহোঁতে কাটে, যাওঁতে কাটে, নামটো কি?
৫) আমন জিমনকৈ বহি থাকে, হেণ্ডচেক দিলেই বমি কৰে।
৬) আকাশত জনম যাৰ পাতালত বাস, পৃথিৱীলৈ ওলালেই হয় বিনাশ।
৭) জলত জন্ম, স্থলত বাস, মাকে চুলে সৰ্বনাশ।
৮) জগতক পালং চা, মাজৰটো নকওঁ যা, শেষৰটো ল, পাৰ যদি ক।
৯) জন্মগৃহত দেখাত বাঘ, বাহিৰে বাহিৰে কৰে বসবাস।
১০) উপজিয়ে মাৰে জাপ, তাৰ নামটো কি?
১১) এখন গাড়ীৰ এশ চকা, চুই দিলে হয় বেঁকা।
১২) কি ফুল দেখিলে মানুহ উভতি আহে?
১৩) কি গছৰ পাত গোটা, যি ক'ব পাৰে সি পণ্ডিতৰ বেটা।
১৪) ৰজাৰ চোতাল, ঘন ঘন গজাল।
১৫) হাবিত কাহে, ওলাই নাহে।
=-=-=-==-=-==-=-==-=-==-=
সাঁথৰৰ উত্তৰঃ
১) তেজপাত
২) ছাগলী
৩) ঢেঁকী
৪) কৰত
৫) দমকল
৬) তামোল
৭) নিমখ
৮) চাউল
৯) মেকুৰী
১০) আখৈ
১১) কেৰেলুৱা
১২) হাউচফুল
১৩) পিঁয়াজ
১৪) আকাশ আৰু তৰা
১৫) কুঠাৰ
%%%%%%%%%%%%



Comments