top of page
  • Black Facebook Icon
  • Black Instagram Icon

হে বীৰ সৈনিক, তোমাক প্ৰণাম

  • Writer: সঞ্জীৱ টেটে,নকাৰি উঃ মাঃ বিদ্যালয়,উঃলখিমপুৰ
    সঞ্জীৱ টেটে,নকাৰি উঃ মাঃ বিদ্যালয়,উঃলখিমপুৰ
  • Jul 12
  • 1 min read

Updated: Jul 19

হে বীৰ সৈনিক, তোমাক প্ৰণাম
হে বীৰ সৈনিক, তোমাক প্ৰণাম

সঞ্জীৱ টেটে, দ্বাদশ শ্ৰেণী

নকাৰী উ: মা: বিদ্যালয়, উত্তৰ লখিমপুৰ

 

মৰুৰ বালিময় উৎকট গৰমতো

হিমালয়ৰ প্ৰচণ্ড শীততো

তুমি জাগ্ৰত প্ৰহৰী হৈ ৰোৱা অবিচল

দেশৰ অখণ্ডতাৰ বাবেই

দেশৰ শান্তিৰ বাবেই

তোমাৰ এই নিষ্ঠা

তোমাৰ এই সেৱা

তোমাৰ এই ত্যাগ

তোমাৰ এই আত্ম বলিদান

হে বীৰ সৈনিক, তোমাক সহস্ৰ প্ৰণাম।

 

শত্ৰুৰ আক্ৰমণক প্ৰতি আক্ৰমণেৰে তচ-নচ কৰি

সাব্যস্ত কৰা দেশৰ বিজয়

নিপুণ ৰণ কৌশলেৰে প্ৰতিহত কৰা

সন্ত্ৰাসবাদীৰ সমস্ত অভিযান

তুমি সদা সতৰ্ক, অতন্দ্ৰ প্ৰহৰী মোৰ দেশৰ

যুগে যুগে শ্বহীদ হোৱা হে বীৰ সৈনিক

লিখি যোৱা তোমাৰ বীৰগাঁথা জনমে জনমে

প্ৰজন্মৰ পৰা প্ৰজন্মলৈ

ইতিহাসে দিব তোমাক মান

সোঁৱৰিব তোমাৰ গৌৰৱ গৰিমা

কৰিব তোমাৰ গুণগান

হে বীৰ সৈনিক, তোমাক সহস্ৰ প্ৰণাম।


🙏🙏🙏🙏🙏🙏








Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page