top of page
  • Black Facebook Icon
  • Black Instagram Icon

হৰমুজ প্ৰণালী অৰ্থনীতিৰ এক ধমনী

  • Writer: স্বাস্তিকা তাঁতী,কেশৱ চঃ মেঃ স্কুল,সৰুপথাৰ
    স্বাস্তিকা তাঁতী,কেশৱ চঃ মেঃ স্কুল,সৰুপথাৰ
  • 5 days ago
  • 2 min read


স্বাস্তিকা তাঁতী, নৱম শ্ৰেণী,

কেশৱচন্দ্ৰ হাজৰিকা মেমৰিয়েল স্কুল, সৰুপথাৰ

 

দুহেজাৰ ছাব্বিছ চনৰ মার্চ মাহৰ পৰিস্থিতি অনুসৰি ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ বিৰুদ্ধে এক সামৰিক অভিযান চলাই আছে মানে যুদ্ধ হৈ আছে।  এমাহ অতিক্ৰম কৰাৰ পিছতো দেশকেইখনৰ মাজত আক্ৰমণ, প্ৰত্যাক্ৰমণ চলি আছে। ইজৰাইলে ইৰাণৰ পাৰমাণৱিক আৰু সামৰিক ঘাটিসমূহ লক্ষ্য কৰি চলোৱা আক্ৰমণত আমেৰিকাই ইজৰাইলক শক্তিশালী সমৰ্থন আগবঢ়াইছে। ইজৰাইলে ইৰাণৰ সামৰিক নেতা বৈজ্ঞানিকসকলক লক্ষ্য কৰি চলোৱা আক্ৰমণত বহুতো অসামৰিক লোকৰো মৃত্যু ঘটিছে। আমেৰিকা আৰু ইজৰাইলৰ দৰে শক্তিশালী দেশে আক্ৰমণ কৰি থকাৰ পিছতো ইৰাণ পিছুৱাই যোৱা নাই ইৰাণে কৈছে যে এই যুদ্ধ কেতিয়া আৰু কেনেকৈ শেষ হ'ব সেয়া আমি ইৰাণেহে সিদ্ধান্ত ল'ম।  এই যুদ্ধৰ মাজত আমি এটা কথা প্ৰায়ে শুনিবলৈ পাওঁ সেয়া হৈছে হৰমুজ প্ৰণালী বন্ধ কৰি দিম।

 

তেতিয়াহ'লে এই হৰমুজ প্রণালী (Strait of Hormuz) নো কি?

প্ৰথমে কওঁ প্রণালী কাক বোলে। প্রণালী হৈছে প্ৰাকৃতিকভাৱে গঠিত সংকীৰ্ণ জলপথ যিয়ে দুখিনি বৃহৎ জলভাগক সংযোগ কৰে আৰু দুখিনি ভূখণ্ডক পৃথক কৰে।

 

হৰমুজ প্ৰণালী হৈছে ইৰাণ আৰু ওমানৰ মাজত অৱস্থিত এটা অতি গুৰুত্বপূৰ্ণ তথা সংকীৰ্ণ সামুদ্ৰিক জলপথ,  যিয়ে পাৰস্য উপসাগৰক ওমান উপসাগৰ আৰু আৰব সাগৰৰ সৈতে সংযোগ কৰে। ইয়াৰ দৈৰ্ঘ্য প্ৰায়  ১৬৭ কিলোমিটাৰ আৰু গড় প্ৰস্থ হৈছে ২১ কিলোমিটাৰ।  বিশ্বৰ প্ৰায় দৈনিক ২০ শতাংশ পেট্ৰলিয়াম পদাৰ্থ, যিটো প্ৰতিদিনে প্ৰায় দুই কোটি বেৰেল তেলৰ সমতূল্য। ইয়াৰোপৰি তৰলীকৃত প্ৰাকৃতিক গেছ (LNG), ৰন্ধা-বঢ়া আৰু ইন্ধনৰ বাবে লিকুইফাইড পেট্ৰলিয়াম গেছ (LPG), শস্যৰ পথাৰত ব্যৱহৃত বিভিন্ন সাৰ আদিৰ সৰবৰাহ এই হৰমুজ প্ৰণালীৰ মাজেৰে হয়।  মধ্য প্ৰাচ্যৰ তেল উৎপাদন আৰু ৰপ্তানি কৰা দেশসমূহ যেনে কুয়েইট, ইৰাণ, চৌদি আৰব, ওমান, ইউ-এ-ই,  কাটাৰ আদি দেশসমূহে এই হৰমুজ প্রণালীৰ মাধ্যমেৰে ৰপ্তানি কৰে। প্ৰায় ৬০ শতাংশ তেল এই জলপথটোৰে আমাৰ ভাৰতলৈও আহে।

 

হৰমুজ হৈছে বিশ্বৰ অন্যতম সামুদ্ৰিক জলপথ। এচিয়া, ইউৰোপ আদি দেশৰ বাহিৰেও আন বহু দেশে ইয়াক এক গুৰুত্বপূৰ্ণ শক্তি জলপথ হিচাপে ব্যৱহাৰ কৰে। এই জলপথটোৰে বিশ্বৰ উল্লেখযোগ্য পৰিমাণৰ তেলবাহী জাহাজ যাতায়ত কৰে।  অৰ্থাৎ হৰমুজ প্ৰণালী বন্ধ হ'লে অকল মধ্যপ্ৰাচ্যই নহয় ইউৰোপ, এছিয়া মহাদেশৰ বহু দেশ আনকি আমেৰিকাও ডাঙৰ সংকটত পৰিব। বিশ্বৰ বজাৰত তেলৰ দাম বৃদ্ধি হ'ব, শস্য উৎপাদন ব্যাহত হ'ব। মুঠতে বহু দেশ চৰম সংকটত পৰিব।

 

হৰমুজ প্ৰণালী এক জলপথেই নহয় ই হ'ল বিশ্ব অৰ্থনীতিৰ এক ধমনী।

 

@@@@@@@@@

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page