top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

ৰেলগাড়ীৰে এক ৰোমাঞ্চকৰ ভ্ৰমণ

  • Writer: অমৃষা ভৰদ্বাজ, দশম শ্ৰেণী, কাৰ্মেল স্কুল, যোৰহাট
    অমৃষা ভৰদ্বাজ, দশম শ্ৰেণী, কাৰ্মেল স্কুল, যোৰহাট
  • Jul 6, 2024
  • 2 min read

Updated: Sep 22, 2024

ree

অমৃষা ভৰদ্বাজ, দশম শ্ৰেণী,

কাৰ্মেল স্কুল, যোৰহাট

ৰেলগাড়ীত নিশ্চয় সকলোৱে ভ্ৰমণ কৰি পাইছে। স্কুল কলেজৰ ফালৰ পৰা শিক্ষাৰ লগত জড়িত ভ্ৰমণ হওক, পৰিয়ালৰ লগত কোনোবা ধুনীয়া ঠাইলৈ সময় কটাবলৈ যোৱা ভ্ৰমণ হওক নাইবা চিকিৎসাৰ কাৰণে কৰা যাত্ৰা হওক, এবাৰ হ'লেও আমি ৰেলগাড়ীত ভ্ৰমণ কৰিছোঁ। মইও আজি এনে এটা ৰোমাঞ্চকৰ ভ্ৰমণ বৰ্ণনা কৰিবলৈ ওলাইছোঁ।

 

আমাৰ পৰিয়ালটোৱে কাশ্মীৰ ফুৰিবলৈ যাম বুলি বহুত দিনৰ আগৰ পৰাই ভাবি থোৱা আছিল। সেইমতে ২০১৯ চনৰ মোৰ গৰমৰ বন্ধৰ সময়ত মা আৰু দেউতাৰ লগত দিল্লীলৈকে উৰাজাহাজেৰে গৈছিলোঁ। দিল্লীত জেঠাই, জেঠপেহা আৰু তেখেতসকলৰ জী, মানে মোৰ বাইদেউও আমাৰ লগ হৈছিল। দিল্লীৰ পৰা কাশ্মীৰলৈকে ৰেলগাড়ীত যাম বুলি আগৰে পৰা ঠিক কৰি থোৱা আছিল। ভ্ৰমণ বা ফুৰিবলৈ যোৱাৰ আচল আনন্দ ৰেলগাড়ীতহে পোৱা যায়।  এনেদৰে কাশ্মীৰ পাবলৈ আমাৰ দুদিন লাগিছিল। বাইদেউ আৰু মই ইমানেই উত্তেজিত হৈ আছিলোঁ যে সেই দুদিন আমি ভালদৰে শুবকে নোৱাৰিলো।


ভ্ৰমণৰ প্ৰথম দিনাৰ পৰাই আমি ৰেলগাড়ীত তামিলনাডুৰ পৰা অহা পৰিয়াল এটা লগ পাইছিলোঁ। তেওঁলোকৰ ছোৱালীজনী প্ৰায় মোৰ সমবয়সৰে আছিল। ছোৱালীজনীয়ে ইংৰাজীত ভালকৈ কথা-বতৰা পাতিবলৈ পাৰিছিল, কিন্তু তাইৰ মাক-দেউতাকে নোৱাৰিছিল। গতিকে তাইৰ লগত আমাৰ অলপো অসুবিধা নহ'ল। আমাৰ লগত হোৱা কথা-বতৰা বিলাক তাই মাক-দেউতাকক বুজাই দিছিল। এনে এটা অভিজ্ঞতা কেতিয়াও পাহৰিব নোৱাৰি। সেই পৰিয়ালটো কাশ্মীৰলৈ যোৱা নাছিল, তেওঁলোকে লুধিয়নাতে নামি দিছিল। তেওঁলোকৰ লগত আমাৰ পৰিয়ালটোৰ এক ভাল বন্ধুত্ব গঢ় লৈ উঠিছিল।

 

ৰাতিটো শুব নোৱাৰি মই আৰু বাইদেউয়ে ম'বাইলত ভূতৰ চিনেমা চাইছিলোঁ। ভয় লাগিছিল যদিও ৰেলগাড়ীত বহি, আন্ধাৰে-মুন্ধাৰে ভূতৰ চিনেমা চাই এটা বেলেগ ধৰণৰ উত্তেজনা অনুভৱ কৰিছিলোঁ। এনেদৰে আমি দুয়ো চিনেমা চাই আৰু কথা পাতি পাতি ৰাতিটো পাৰ কৰিছিলোঁ। সেই যাত্ৰাতে আমি মা-দেউতা আৰু জেঠাই-জেঠপেহাহঁতৰ পৰা তেওঁলোকৰ স্কুল-কলেজৰ দিনৰ কাহিনী শুনিবলৈ পাইছিলো। কেনেদৰে তেওঁলোকে লগৰীয়াৰ লগত গান-বাজনা কৰি, নাচ-বাগ কৰি ভ্ৰমণ কৰিছিল, সকলোখিনি কথা সাধুৰ দৰে বৰ্ণনা কৰি গৈছিল। ৰেলগাড়ীত ভ্ৰমণ কৰা সেই দুটা দিন কেনেকৈ পাৰ হৈ গৈছিল গমেই নাপালোঁ।

 

পৰিয়ালৰ লগত ভ্ৰমণ কৰি, সময় কটাই যিটো আনন্দ লাভ কৰিব পাৰি, তাক শব্দৰে বৰ্ণনা কৰিব নোৱাৰি।


&&&&&&&

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page