top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

ৰঙালীৰ ৰংভৰা খেল ধেমালি

  • Writer: মেঘমল্লাৰ বৰা, দশম শ্রেণী ব'লসিং মেম'ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট
    মেঘমল্লাৰ বৰা, দশম শ্রেণী ব'লসিং মেম'ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট
  • Apr 6
  • 3 min read
ৰংঘৰ
ৰংঘৰ

মেঘমল্লাৰ বৰা, দশম শ্রেণীব'লসিং মেম'ৰিয়েল স্কুল,

বৰপথাৰ, গোলাঘাট


আৰম্ভণিঃ “চ'তে গৈ গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা।


বহাগ মাহ অহাৰ লগে লগেই গছ-বন, তৰু-লতা ৰংতে ফুলি উঠে। কেৱল ভেবেলি লতাই নহয় নাহৰ, তগৰ, চম্পাকে আদি কৰি আমাৰ সকলোৰে মৰমৰ কপৌ ফুলপাহেও বতাহত নাচি নাচি আত্মহাৰা হয়। বহাগৰ এনে এক মনোমুগ্ধকৰ পৰিবেশত অসমীয়াৰ হৃদয়ত ৰঙালী বিহুৱে বৰপীড়া লৈ বহি লয়। সকলোৱে আনন্দত মতলীয়া হয়। ৰঙালীক আৰু অধিক সুন্দৰ কৰিবলৈ অসমীয়ালোকে ৰংভৰা কেইখনমান খেল ধেমালিৰ আয়োজন কৰে। বর্তমান আধুনিকতাৰ প্ৰভাৱত যদিও এই খেলসমূহৰ অধিক চর্চা নোহোৱা হ'ল, কিন্তু গ্রাম্যাঞ্চলত বর্তমানেও এইসমূহ বর্তী আছে।


ইতিহাস: অসমৰ ক্রীড়া ইতিহাসত আহোম শাসনৰ গৌৰৱময় দিন আৰু আমাৰ আদৰৰ ৰঙালী বিহুৰ বিষয়ে উল্লেখ আছে। আহোম ৰজা ৰুদ্ৰসিংহৰ দিনত প্রতিষ্ঠা কৰা “ৰংঘৰ” এছিয়া মহাদেশৰ প্রথমখন ক্রীড়া পেভেলিয়ন হিচাপে খ্যাত। এই ৰংঘৰতেই প্ৰথমে বিহুত খেল ধেমালি অনুষ্ঠিত কৰাৰ প্ৰথা আৰম্ভ হয়।


খেলসমূহ: বহাগ বা ৰঙালী বিহুৰ সময়ত খেলা উল্লেখযোগ্য খেলসমূহ হ'ল -


(ক) কুকুৰা যুঁজ: বহাগ বিহুৰ দিনা পৰম্পৰাগতভাৱে খেলা এবিধ খেল হ'ল কুকুৰা যুঁজ আৰু এই যুঁজ দুটা কুকুৰাৰ মাজত খেলোৱা হয়। এই যুঁজত যুঁজাৰু কুকুৰাই নখেৰে মাটি আঁচোৰি ডেউকা কোবাই অতি তীব্ৰ বেগেৰে পৰস্পৰৰ ওপৰত জঁপিয়াই পৰে। শক্তিশালীটোৱে দুৰ্বলটোৰ শৰীৰত নখ আৰু ঠোঁটেৰে আঘাত হানে। কেতিয়াবা এই খেলত কুকুৰাৰ মৃত্যু ঘটে বা পলাই যায়। কিছুমান ঠাইত কুকুৰাৰ ঠেংত ছুৰী বান্ধি দিয়া হয়। যুঁজত হৰা কুকুৰাটো বিজয়ীটোৰ গৰাকীয়ে লাভ কৰে।

কুকুৰা যুঁজ
কুকুৰা যুঁজ

(খ) কড়ি খেল: ৰঙালী বিহুত খেলা এক অন্যতম পৰম্পৰাগত গ্ৰামীণ খেল হ'ল কড়ি খেল। এই খেল গৰু বিহুৰ দিনা খেলা হয়। কড়ি মানে হ'ল সাগৰত পোৱা এবিধ শামুকৰ বগা খোলা বা ফলৰ বীজৰ পৰা বনাই লোৱা খোলা। এই কড়ি খেল একক বা দলীয়ভাৱে খেলিব পাৰি আৰু ইয়াত ২ জনৰ পৰা ১০ জনলৈকে অংশগ্ৰহণ কৰিব পাৰে। ভৱিষ্যত গণনা আৰু পৃথিৱীৰ উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে এই খেল জনাজাত। কড়ি ফুটা মানে বছৰটোৰ শস্য সুন্দৰ হ'ব আৰু কড়ি নুফুটা মানে বছৰটো খৰাং হয় বুলি বিশ্বাস কৰা হয়।

কড়ি খেল
কড়ি খেল

(গ) কণী যুঁজ: কণী যুঁজ বহাগ বিহুৰ অন্যতম জনপ্রিয় খেল, যি বিহুৰ কেইদিনমান আগৰে পৰা আৰম্ভ হৈ উৰুকাৰ দিনালৈকে চলি থাকে। বিশ্বাস অনুসৰি বিহুত কণী নুযুঁজালে পৃথিৱীৰ প্ৰজনন ক্ষমতা হ্ৰাস হৈ পৰে। এই খেলত সাধাৰণতে পাতিহাঁহৰ কণী ব্যৱহাৰ কৰা হয়। খেলুৱৈসকলে টান কণী (সৈয়া বা হৈয়া বুলি কোৱা হয়) সংগ্রহ কৰি যুঁজৰ বাবে সাজু হয়। কণীৰ কঠিনতা নখ বা কড়িৰে পৰীক্ষা কৰা হয়। দুজন খেলুৱৈৰ মাজত "দৰ-দাম" ঠিক কৰা হয়, অৰ্থাৎ কণীৰ কোন ফালেৰে (জোঙা বা বহল) যুঁজ দিয়া হ’ব তাৰ সিদ্ধান্ত লোৱা হয়। তাৰ পিছত এজনে আনজনৰ কণীত আঘাত কৰে। যিজনৰ হাতৰ কণীটো ভাঙে, তেওঁ হাৰে আৰু কণীটো জয়ীক দিব লাগে। সাত বিহুৰ সৈয়া কণী (যি কণী নভঙাকৈ থাকে) ৰখাটো গৌৰৱৰ বিষয়। এই খেলত সকলো বয়সৰ মানুহে অংশ লয়।

কণী যুঁজ
কণী যুঁজ

(ঘ) ঢোপ খেল: বহাগ বিহুৰ সময়ত ঢোপ খেল খেলা হয়। মুকলি বহল পথাৰত এই খেল ল'ৰা-ছোৱালী উভয়ে খেলে। এই খেলত মাটি বা বালি মিহলি মাটি কাপোৰেৰে মেৰিয়াই বলৰ দৰে কৰি লোৱা হয়। কাপোৰৰ আগবাঢ়ি থকা নেজৰ দৰে অংশটোত ধৰি বিপৰীতে থকা জনলৈ বা দলটোলৈ ঢোপটো মাৰি পঠোৱা হয়।

ঢোপ খেল
ঢোপ খেল

ৰঙালী বিহুত আমি খেলা আন খেলসমূহ হ'ল - হাইগুদু, ঘিলা খেল আদি।


সামৰণি: উপৰোক্ত খেলসমূহ অসমীয়া জাতিৰ বিহুৰ লগত সংগতি ৰাখি খেলা অতি আনন্দদায়ক আৰু আকৰ্ষণীয় খেল। এই খেলবোৰে বহাগ বিহুৰ ৰং-ধেমালিখিনিক আৰু জীপাল কৰি তোলে। এই খেলসমূহ কেৱল বিনোদনৰ মাধ্যম নহয়, অসমীয়া সমাজৰ সংস্কৃতি, বিশ্বাস আৰু পৰম্পৰাৰো প্ৰতিফলন। সেয়ে এই খেলসমূহ কালৰ বুকুত হেৰাই যাবলৈ নিদি নতুন প্রজন্মই অধিক আগুৱাই নিয়াৰ প্রয়াস কৰাটো অতি প্ৰয়োজন।


অৱশ্য ১৯৬০ চনৰ “প্ৰাণীৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন” ৰ অধীনত নিষিদ্ধ আমাৰ কিছুমান প্ৰাণী জড়িত পৰম্পৰাগত খেল বাদ দিয়াটো মঙ্গলজনক।


@@@@@@@@@

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page